ঘটোৎকচ
ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল।[1] তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়।[1] কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ তেওঁ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁ কৌৰৱৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল। অৱশেষত কৰ্ণই অৰ্জুনক মাৰিবলৈ সাঁচি থোৱা একাঘ্নি বাণপাট মাৰি তেওঁক হত্যা কৰে।[1]