পাতি শগুণ

এবিধ চৰাই
(পাটিশগুণৰ পৰা পুনঃনিৰ্দেশিত)

পাতি শগুণ (ইংৰাজী: White-rumped Vulture,(বঙালী: বাংলা শকুন; বা বাংলা শগুণ বৈজ্ঞানিক নাম- Gyps bengalensis) শগুণৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল। ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল[2][3] যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে। [4][2] ফলস্বৰূপে ইয়াক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। [3]

White-rumped Vulture
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Accipitriformes
পৰিয়াল: Accipitridae
গণ: Gyps
প্ৰজাতি: G. bengalensis
বৈজ্ঞানিক নাম
Gyps bengalensis
(Gmelin, 1788)
Former distribution of Gyps bengalensis in red
সমাৰ্থক

Pseudogyps bengalensis

 
পাত শগুণৰ ডেউকাৰ সজ্জা

পাতি শগুণ মধ্যমীয়া আকাৰৰ, নোমবিহীন মূৰ আৰু ডিঙি, বহল ডেউকা আৰু চুটি নেজৰ এটা শগুণৰ প্ৰজাতি। পূৰ্ণবয়স্ক শগুণৰ পৃষ্ঠদেশ বগা, দেহৰ বাকী অংশ ক'লা। মূৰত গুলপীয়া আভা থকা দেখা যয়। ইয়াৰ পোৱালি দেখিবলৈ অলপ ডাঠ ৰঙৰ হয় আৰু পূৰ্ণবয়স্ক পাট=তি শগুণৰ দৰে ৰং পাবলৈ ইয়াক কমেও ৪-৫ বছৰ লাগে। [5]

Gyps গোটৰ অন্তৰ্গত শগুণ সমূহৰ ভিতৰত ই আটাইতকৈ সৰু আকাৰৰ শগুণ। ইয়াৰ দেহৰ ওজন ৩.৫-৭.৫ কি.গ্ৰা, দৈৰ্ঘ্য প্ৰায় ৭৫-৯৩ ছে: মি: হয়। [5][6][7]

পাতি শগুণে ভাৰত, পাকিস্তান, নেপাল আৰু দক্ষিণ-পূব এছিয়াত মানুহৰ জনবসতিৰ আশে পাশে ওখ গছত বাহ সাজি বাস কৰে। ই সাধাৰণতে এটাকৈ কণী পাৰে। ই এক থলুৱা শগুণৰ এক থলুৱা প্ৰজাতি। নব্বৈৰ দশকৰ আগলৈকে ভাৰতগংগাৰ সমতল ভূমিত এই প্ৰজাতিটো প্ৰচুৰ ভাৱে দেখা পোৱা গৈছিল। ইয়াক সেয়ে ভাৰতত পোৱা শগুণৰ প্ৰজাতি সমূহৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা প্ৰজাতি বুলিও আখ্যা দিয়া হৈছিল। [8][9] নব্বৈৰ দশকৰ আগলৈকে ইহঁতক অনাৱশ্যকীয় (nuisance) বুলি গণ্য কৰা হৈছিল। বিশেষকৈ উৰাজাহাজত খুন্দিয়াই দুৰ্ঘটনাত পতিত কৰা ঘটনাবোৰৰ বাবে ই সমস্যাজনক চৰাই বুলি পৰিগণিত হৈ পৰিছিল।[10][11] কিন্তু ১৯৯০ চনৰ ভিতৰত ই কিছু কিছু অঞ্চলত সম্পূৰ্ণভাৱে বিলুপ্ত হৈ পৰে। [12]

বাসস্থান

সম্পাদনা কৰক

এলান অক্টেভিয়ান হিউম (Allan Octavian Hume) এ তেওঁৰ পৰ্য্যবেক্ষণৰ ভিত্তিত সদৰি কৰিছিল যে আশে পাশে সুবিধাজনক অন্য বাসস্থান থাকিলেও পাতি শগুণে প্ৰায়ে মানুহৰ জনবসতি পূৰ্ণ অঞ্চলত ওখ গছত বাহ সাজে। পাতি শগুণে বাহ সাজিবৰ বাবে বিশেষভাৱে ব্যৱহাৰ কৰা গছকেইবিধমান হ'ল, Banyan, Peepul, অৰ্জ্জুন (Arjun) আৰু নিম ( Neem

পুৱা সূৰ্য্য উদয় হোৱাৰ পিছত বতাহ গৰম হৈ নুঠালৈকে পাটিশগুণ নিষ্ক্ৰিয় হৈ উঠে। ইহঁতে ওপৰলৈ উঠি গৈ বতাহতে পাক মাৰি চিকাৰৰ সন্ধানত ঘুৰে। [13]

অন্য শগুণৰ প্ৰজাতি সমূহৰ দৰেই পাতি শগুণো মৃতভক্ষী (scavenger) চৰাই। ই প্ৰধানকৈ জন্তুৰ মৰাশ খাই জীয়াই থাকে। ই প্ৰায়ে আকাশত উৰি উৰি মৰা শ নিৰীক্ষণ কৰি থাকে আৰু অন্য মৃতভক্ষীক দেখি বা নিজে সন্ধান পালে তললৈ নামি আহে। পাতি শগুণে প্ৰায়ে জাক পাতি থাকে। [5]

পাতি শগুণ সাধাৰণতে ৰাতিপুৱাৰ ভাগত নিষ্ক্ৰিয় হৈ থাকে। ৰ'দৰ উত্তাপত বতাহ কিছু গৰম হৈ উঠাৰ পিছত ই ঘূৰণীয়াকৈ উৰি ওপৰলৈ উঠে। ভাৰতৰ চহৰ অঞ্চলসমূহত এনেকৈ উৰি থকা অৱস্থাত এসময়ত বহুতো পাতি শগুণ দেখা গৈছিল। [13]

যেতিয়া পাতি শগুণে এটা মৰাশ বিচাৰি পায় ই ক্ষন্তেকতে তল পাইহি আৰু হুলস্থূলকৈ খাবলৈ আৰম্ভ কৰে। [14] এটা গোটা ম'হ এজাখ শগুণে ২০ মিনিটৰ ভিতৰতে অকণো নেৰাকৈ খাই শেষ কৰাৰ কথা জনা যায়। [15] বনাঞ্চল সমূহৰ ওপৰত ঘূৰণীয়াকৈ উৰি থকা পাতি শগুণে প্ৰায়ে বাঘে মৰা জন্তুৰ বিঢ়য়ে ইংগিত দিয়ে। [16][17] ই মাংসৰ লগতে হাড়বোৰো গিলিব পাৰে। [18] পানী উভৈনদীকৈ থকা অঞ্চলত পাতি শগুণে নিয়মীয়াকৈ গা ধুৱে আৰু পানী খায়। [15]

মূলত: নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ই বাহ সাজে। জানুৱাৰী মাহত কণী পাৰে। মতা চৰাইটোৱে বাহ সাজিবৰ বাবে মাইকীজনীক গছৰ দালি আনি দিয়ে। [19] একেলগে ওচৰা ওচৰিকৈ একাধিক বাহ থাকিব পাৰে। কণী পৰাৰ পূৰ্বে বাহত সেউজীয়া পাত থৈ সজায় লয়। এবাৰত এটাকৈ কণী পাৰে। ইয়াৰ বৰণ নীলা-সেউজীয়াৰ পৰশ থকা বগা হয়। [6] কণী পৰাৰ পিছত ৩০-৩৫ দিন উমনি দিয়াৰ পিছত পিৱালী জগে। মাক-দেউতাকে পোৱালিক মৰাশৰ মাংস খুৱায়। পোৱালি জন্মৰ পৰা প্ৰায় তিনিমাহ পৰ্যন্ত বাহত থাকে। [19]

এসময়ত ভাৰতত বিশেষকৈ গংগাৰ কাষৰীয়া সমতল অঞ্চলত পাতি শগুণৰ জাক খুবেই সাধাৰণ দৃশ্য আছিল। Hugh Whistler এ পাতি শগুণক ভাৰতত পোৱা শগুণৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত সকলোতকৈ বেছিকৈ দেখা পোৱা (commonest) বুলি গাইড বুকত উল্লেখ কৰি গৈছে।[8] কিন্তু ১৯৯০ চনত এই প্ৰজাতিটো অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিলুপ্ত হ'বলৈ ধৰে। Bandola গোটৰ মানুহে খাদ্যৰ বাবে কৰা চিকাৰকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰা হয়। কিন্তু পৰৱৰ্ত্তী কালত ইয়াৰ লগতে অন্যান্য শগুণৰ প্ৰজাতিবোৰৰো ভাৰত আৰু কাষৰীয়া দেশত ৯৯.৯% জনসংখ্যা লুপ্ত হোৱা বুলি তথ্য পোৱা গ'ল। [20][21]। বিভিন্ন গৱেষণাত জানিব পৰা গ'ল যে গৰুৰ বাবে বৰৱহাৰ কৰা ভেটেৰিনেৰী ড্ৰাগ ডাইক্লফেনেক ( diclofenac) এই অস্বাভাৱিক বিলুপ্তিৰ মূল কাৰণ। গৰু মৰাৰ পিছত মৰাশতো এই ড্ৰাগ থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিষ্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে। [22][23] == সংৰক্ষণ বৰ্তমান কেৱল কম্বোডিয়া আৰু ম্যানমাৰতে এই প্ৰজাতিটোৰ কিছু বাছি আছে কিন্তু তাতো ইয়াৰ সংখ্যা যথেষ্ট কম। [2] বৰ্তমান শগুণৰ ক্ষতিসাধন কৰা ডাইক্লফেনেক নামৰ এই ড্ৰাগটোৰ সলনি সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পৰা মেল'ক্সিকেম (Meloxicam) নামৰ ড্ৰাগটো প্ৰস্তাৱ দিয়া হৈছে। [24]

পাতি শগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding ), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (artificial feeding or "vulture restaurants") আদিৰ ব্যৱস্থা কৰা হৈছে। [25][26]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. BirdLife International (2012). "Gyps bengalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003374। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 "White-rumped Vulture (Gyps bengalensis) — BirdLife species factsheet". BirdLife.org. BirdLife International. http://www.birdlife.org/datazone/speciesfactsheet.php?id=3374। আহৰণ কৰা হৈছে: 2011-06-01. 
  3. 3.0 3.1 "New nestlings bring cautious hope for Asia's Threatened vultures". BirdLife.org. BirdLife International. 2009-06-08. http://www.birdlife.org/news/news/2009/08/vulture_success.html। আহৰণ কৰা হৈছে: 2011-06-01. 
  4. Prakash, V; Pain, D.J.; Cunningham, A.A.; Donald, P.F.; Prakash, N.; Verma, A.; Gargi, R.; Sivakumar, S. et al. (2003). "Catastrophic collapse of Indian white-backed Gyps bengalensis and long-billed Gyps indicus vulture populations". Biological Conservation খণ্ড 109 (3): 381–390. doi:10.1016/S0006-3207(02)00164-7. 
  5. 5.0 5.1 5.2 Rasmussen, Pamela C.; Anderton, J. C. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 89–90. 
  6. 6.0 6.1 Hume, Allan Octavian (1896). My Scrap Book or rough notes on Indian Ornithology. প্ৰকাশক Calcutta: Baptist Mission Press. পৃষ্ঠা. 26–31. http://www.archive.org/details/myscrapbookorrou00hume। আহৰণ কৰা হৈছে: 2011-06-01. 
  7. Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  8. 8.0 8.1 Whistler, Hugh (1949). Popular Handbook of Indian Birds. প্ৰকাশক London: Gurney & Jackson. পৃষ্ঠা. 354–356. ISBN 1-4067-4576-6. http://www.archive.org/details/popularhandbooko033226mbp. 
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Jerdon1862 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  10. Satheesan SM (1994). "The more serious vulture hits to military aircraft in India between 1980 and 1994." (pdf). Bird Strikes Committee Europe, Conference proceedings. BSCE, Vienna. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303182811/http://www.int-birdstrike.org/Vienna_Papers/IBSC22%20WP23.pdf। আহৰণ কৰা হৈছে: 2013-02-07. 
  11. Singh, R B (1999). "Ecological strategy to prevent vulture menace to aircraft in India.". Defence Science Journal খণ্ড 49 (2): 117–121. http://publications.drdo.gov.in/gsdl/collect/defences/index/assoc/HASH0129/367f4611.dir/doc.pdf. [সংযোগবিহীন উৎস]
  12. Satheesan, SM & Manjula Satheesan (2000). "Serious vulture-hits to aircraft over the world". International Bird Strike Committee IBSC25/WP-SA3. IBSC, Amsterdam. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924035345/http://www.int-birdstrike.org/Amsterdam_Papers/IBSC25%20WPSA3.pdf। আহৰণ কৰা হৈছে: 2013-02-07. 
  13. 13.0 13.1 Cunningham, David Douglas (1903). Some Indian friends and acquaintances. প্ৰকাশক London: J Murray. পৃষ্ঠা. 238. http://www.archive.org/details/someindianfriend00cunnrich। আহৰণ কৰা হৈছে: 2011-06-01. 
  14. Morris, R. C. (1934). "Death of an Elephant Elephas maximus Linn. while calving". J. Bombay Nat. Hist. Soc. খণ্ড 37 (3): 722. 
  15. 15.0 15.1 Ali, Sálim; Ripley, Sidney Dillon (1978). Handbook of the birds of India and Pakistan, Volume 1 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 307–310. ISBN 978-0-19-562063-4. 
  16. Gough, W. (1936). "Vultures feeding at night". J. Bombay Nat. Hist. Soc. খণ্ড 38 (3): 624. 
  17. Morris, R. C. (1935). "Vultures feeding at night". J. Bombay Nat. Hist. Soc. খণ্ড 38 (1): 190. 
  18. Grubh, R. B. (1973). "Calcium intake in vultures of the genus Gyps". J. Bombay Nat. Hist. Soc. খণ্ড 70 (1): 199–200. 
  19. 19.0 19.1 Sharma, Indra Kumar (1970). "Breeding of the Indian whitebacked vulture at Jodhpur". Ostrich খণ্ড 41 (2): 205-207. doi:10.1080/00306525.1970.9634367. 
  20. V. Prakash, R.E. Green, D.J. Pain, S.P. Ranade, S. Saravanan, N. Prakash, R. Venkitachalam, R. Cuthbert, A.R. Rahmani, & A.A. Cunningham (2007). "Recent changes in populations of resident Gyps vultures in India" (pdf). J. Bombay Nat. Hist. Soc. খণ্ড 104 (2): 129–135. https://www.rspb.org.uk/Images/IndianVultureDeclines_tcm9-188415.pdf. 
  21. Baral, Nabin; Gautam, Ramji; Tamang, Bijay (2005). "Population status and breeding ecology of White-rumped Vulture Gyps bengalensis in Rampur Valley, Nepal" (pdf). Forktail খণ্ড 21: 87–91. http://www.orientalbirdclub.org/publications/forktail/21pdf/Baral-Vulture.pdf. 
  22. Green, Rhys E.; Newton, IAN; Shultz, Susanne; Cunningham, Andrew A.; Gilbert, Martin; Pain, Deborah J.; Prakash, Vibhu (2004). "Diclofenac poisoning as a cause of vulture population declines across the Indian subcontinent". Journal of Applied Ecology খণ্ড 41 (5): 793–800. doi:10.1111/j.0021-8901.2004.00954.x. 
  23. Meteyer, Carol Uphoff, Rideout, Bruce A., Gilbert, Martin, Shivaprasad, H. L., Oaks, J. Lindsay (2005). "Pathology and proposed pathophysiology of diclofenac poisoning in free-living and experimentally exposed oriental white-backed vultures (Gyps bengalensis)". J. Wild. Dis. খণ্ড 41: 707–716. 
  24. Swan, Gerry; Naidoo, Vinasan; Cuthbert, Richard; Green, Rhys E.; Pain, Deborah J.; Swarup, Devendra; Prakash, Vibhu; Taggart, Mark et al. (2006). "Removing the Threat of Diclofenac to Critically Endangered Asian Vultures". PLoS Biology খণ্ড 4 (3): e66. doi:10.1371/journal.pbio.0040066. PMID 16435886. 
  25. Gilbert, Martin; Watson, Richard T.; Ahmed, Shakeel; Asim, Muhammad; Johnson, Jeff A. (2007). "Vulture restaurants and their role in reducing diclofenac exposure in Asian vultures". Bird Conservation International খণ্ড 17: 63. doi:10.1017/S0959270906000621. 
  26. "First Captive-Bred Asian Vulture Chicks Die". planetark.com. Reuters. 2007-02-23. http://www.planetark.com/dailynewsstory.cfm/newsid/40468/story.htm। আহৰণ কৰা হৈছে: 2011-06-01. 

অন্যান্য উৎস

সম্পাদনা কৰক
  • Ahmad, S. 2004. Time activity budget of Oriental White-backed Vulture (Gyps bengalensis) in Punjab, Pakistan. M. Phil. thesis, Bahauddin Zakariya University, Multan, Pakistan.
  • Grubh, R. B. 1974. The ecology and behaviour of vultures in Gir Forest. Ph.D. dissertation, University of Bombay, Bombay, India.
  • Grubh, R. B. 1988. A comparative study of the ecology and distribution of the Indian White-backed Vulture (Gyps bengalensis) and the Long-billed Vulture (G. indicus) in the Indian region. Pages 2763-2767 in Acta 19 Congressus Internationalis Ornithologici. Volume 2. Ottawa, Canada 22–29 June 1986 (H. Ouellet, Ed.). University of Ottawa Press, Ottawa, Ontario.
  • Eck, S. 1981. [Thanatose beim Bengalgeier (Gyps bengalensis)]. Ornithologische Jahresberichte des Museums Heineanum 5-6:71-73.
  • Naidoo, Vinasan 2008. Diclofenac in Gyps vultures : a molecular mechanism of toxicity. Ph.D. Thesis, University of Pretoria. Fulltext[সংযোগবিহীন উৎস] (Includes old photos showing their numbers)

বাহ্যিক সংযোগ

সম্পাদনা কৰক