সমললৈ যাওক

মৈৰামৰা দৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
00:13, 14 April 2024-ত Nayan j Nath (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (Nayan j Nath (কথা-বতৰা)ৰ সম্পাদনাসমূহ AjayDasয়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।)
মৈৰামৰা দৌল
মৈৰামৰা থান
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা

মৈৰামৰা দৌল বা মৈৰামৰা থান (ইংৰাজী: Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে। মৈৰামৰা দৌলৰ ভগ্নাৱশেষৰ ঠাইত এতিয়া মৈৰামৰা সত্ৰ অৱস্থিত। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে মৈৰামৰা দৌলক ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।[1]

ইতিহাস

শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰৱৰ্তিত নৱ-বৈষ্ণৱ ধৰ্মৰ কাল-সংহতি সত্ৰৰ প্ৰতিষ্ঠাপক গোপাল আতাৰ এজন প্ৰধান শিষ্য বৰযদুমণিদেৱে বুঢ়ীদিহিং নদীৰ পাৰত কলৌলোৱা নামৰ ঠাইত মৈৰামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আহোম স্বৰ্গদেউ চুজিন্‌ফা (১৬৭৫-৭৭খ্ৰী:) আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁ‌ই ডাঙৰীয়াই নামধৰ্মত শৰণ লৈ মৈৰামৰা সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আহোম পৃষ্ঠপোষকতাত সত্ৰৰ দৌল আৰু পুখুৰী খন্দাই উৰ্চগা কৰা হৈছিল। পৰবৰ্তী সময়ত বুঢ়ীদিহিং নদীৰ বানপানী আৰু গৰাখহনীয়াৰ ফলত মৈৰামৰা সত্ৰৰ দৌলৰ ভেঁটিলৈকে খান্দি পেলোৱাত ভূমিকম্পৰ কৱলত পৰি দৌলটো বাগৰি পৰে।

প্ৰাকৃতিক দুৰ্যোগে ক্ষতিসাধন কৰা সত্ৰখন পিছলৈ আহোম ৰাজ্য অভ্যন্তৰীণ বিদ্ৰোহ আৰু মানৰ তৃতীয় বাৰ আক্ৰমণৰ ফলত জনবসতি বিহীন হৈ এৰাপৰলীয়া হৈ হাবি-জঙঘলৰ মাজত "থান" ৰূপে অৱশিষ্ট ৰয়গৈ। পিছলৈ মৈৰামৰা সত্ৰখন শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ কুজিঁবালিত প্ৰতিষ্ঠা কৰা হয়। পিছলৈ বুঢ়ীদিহিং নদীয়ে নিজৰ সুতি সলাই সত্ৰৰ দৌল থকা অঞ্চলৰ পৰা আতঁৰি সত্ৰৰ উত্তৰ দিশেদি পোন বাট লোৱাত সত্ৰ- অঞ্চল লেঙেৰী মৌজাৰ পৰা ফাটি মানকটা মৌজাৰ ভিতৰলৈ আহে। পিছলৈ এই অঞ্চলত নতুনকৈ বসতি কৰিবলৈ অহা লোকে হাবিৰ মাজত মৈৰামৰা সত্ৰৰ ভগ্নাৱশেষ আবিষ্কাৰ কৰে আৰু "থান ঘৰ" সাজি পূজা সেৱা কৰিবলৈ ল'লে। উল্লেখযোগ্য যে, পূৰ্বৰ মৈৰামৰা সত্ৰৰ সত্ৰাধিকাৰৰ এটি পৰিয়ালৰ লোক পৰবৰ্তী সময়ত আহি পুনৰ সত্ৰ পাতি নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অব্যাহত ৰাখিছে।

বৰ্তমান স্থিতি

বৰ্তমান অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ ২০১০ চনৰ এক আঁচনি অনুসৰি মৈৰামৰা সত্ৰ বা ম'ৰামৰা থানে সামৰা অঞ্চলটো সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে পুৰাতত্ত্ব বিভাগৰ লগতে ডিব্ৰুগড় জিলা প্ৰসাশন আৰু স্থানীয় যুৱ সংগঠনে চৌহদৰ প্ৰায় ৭ বিঘা মাটি আগুৰি বেৰা, এটি পকী সংগ্ৰহালয় আৰু বেদী নিৰ্মাণ কৰি পৰি থকা শিলৰ ভাস্কৰ্য্য সমূহৰ কেইপদমান সংগ্ৰহ কৰি সজাই ৰখা হৈছে। এই স্থানত ১৩টা শিলত কটা মূৰ্তি আৰু ভালেকেইটা মূৰ্তিৰ ভগ্নাংশ মৈৰামৰা থান পূৰাতাত্ত্বিক স্থানৰ উদ্যান আৰু স্থানীয় গেলেৰীত সংৰক্ষিত অৱস্থাত ৰখা হৈছে।[2] ২০১৮ চনৰ খনন কাৰ্যত ইয়াত দুটা পৃথক সময়ৰ সাংস্কৃতিক সভ্যতাৰ উমান পোৱা গৈছে। খনত কাৰ্যত ইটাৰে নিৰ্মিত প্ৰাচীন মন্দিৰৰ বেদী, ব্ৰিটিছ যুগৰ তামৰ মুদ্ৰা, ৰূপৰ ফুল, শিলৰ ভাস্কৰ্য আৰু বিভিন্ন আকৃতিৰ পোৰামাটিৰ ইটা পোৱা গৈছে। ইয়াত উদ্ধাৰ হোৱা গ্ৰেনাইট শিলৰ ভাস্কৰ্যসমূহ খ্ৰীষ্টীয় অষ্টমৰ পৰা নৱম শতিকাৰ মাজৰ বুলি ঠাৱৰ কৰা হৈছে। আনহাতে বালি শিলৰ ভাস্কৰ্যসমূহ তুলনামূলকভাৱে নতুন।[3]

অৱস্থান

ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটৰ পৰা দুই কিলোমিটাৰমান পশ্চিমলৈ বুঢ়ীদিহিং নদীৰ পাৰত মৈৰামৰা দৌল অৱস্থিত।[4] বৰ্তমান "জকাই নপাম থান গাঁও" নামেৰে অভিহিত পূৰ্বৰ লেঙেৰী মৌজাৰ কলৌলোৱা ঠাইত মৈৰামৰা সত্ৰখন অৱস্থিত। ডিব্ৰুগড় চহৰৰ পৰা ইয়ালৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। ইয়াৰ পৰা ডিব্ৰুগড় ৰেল ষ্টেচন প্ৰায় ২০ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰলৈ দূৰত্ব প্ৰায় ২৭ কিঃমিঃ।

তথ্য উৎস