সমললৈ যাওক

জেইল সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জাইল সিংৰ পৰা পুনঃনিৰ্দেশিত)
জেইল সিং
ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ১৯৮২ – ২৫ জুলাই ১৯৮৭
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
ৰাজীৱ গান্ধী
উপ ৰাষ্ট্ৰপতি মহম্মদ হেদায়ৎতুল্লা
আৰ ভেঙ্কটৰমন
পূৰ্বসূৰী নীলম সঞ্জীৱ ৰেড্ডী
উত্তৰসূৰী আৰ ভেঙ্কটৰমন
গৃহ পৰিক্ৰমাৰ মন্ত্ৰী
কাৰ্যকাল
১৪ জানুৱাৰী ১৯৮০ – ২২ জুন ১৯৮২
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী য়শৱন্তৰাও চাৱন
উত্তৰসূৰী আৰ ভেঙ্কটৰমন
পঞ্জাবৰ নৱম মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৭ মাৰ্চ ১৯৭২ – ৩০ এপ্ৰিল ১৯৭৭
পূৰ্বসূৰী ৰাষ্ট্ৰপতিৰ শাসন
উত্তৰসূৰী ৰাষ্ট্ৰপতিৰ শাসন
ব্যক্তিগত তথ্য
জন্ম
জাৰনাইল সিং

৫ মে', ১৯১৬
সান্ধৱান, পঞ্জাব প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত
(এতিয়াৰ ভাৰতৰ পঞ্জাবত)
মৃত্যু ২৫ ডিচেম্বৰ, ১৯৯৪ (৭৮ বছৰ)
চণ্ডীগড়, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী পৰধান কৌৰ (১৯১৯–২০০২)[1]
সন্তান এগৰাকী পুত্ৰ, তিনিগৰাকী কন্যা[1]
শিক্ষানুষ্ঠান শ্বহীদ শিখ মিছ'নেৰী কলেজ

জেইল সিং (ইংৰাজী: Zail Singh; জন্মতে জাৰনাইল সিং, ৫ মে' ১৯১৬ – ২৫ ডিচেম্বৰ ১৯৯৪)[2] আছিল ভাৰতৰ সপ্তমজন ৰাষ্ট্ৰপতি। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল। কেন্দ্ৰীয় কেবিনেটত তেওঁ একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ ভিতৰত গৃহ মন্ত্ৰীৰ বাবটো বিশেষভাৱে উল্লেখযোগ্য। ১৯৮৩ৰ পৰা ১৯৮৬ চনলৈকে হোৱা নিৰক্ষেপ আন্দোলনৰ সময়ত তেওঁ মহাসচিবৰ ভূমিকা পালন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১৬ চনৰ ৫ মে'ত ফৰিডকোট জিলাৰ সান্ধৱানত জেইল সিঙে জন্মলাভ কৰিছিল। জন্মতে তেওঁৰ নাম আছিল জাৰনাইল সিং, যাৰ অৰ্থ আছিল জেনেৰেল। পিছে যৌৱনকালত ফৰিডকোটৰ মহাৰাজৰ শাসনৰ বহুবাৰ প্ৰতিবাদ কৰি জেইল সিঙ জেললৈ যাবলগীয়া হোৱাত তেওঁৰ নামটো সলনি কৰি জেইল সিঙ কৰি ল'লে।[2] তেওঁ শিখ ধৰ্মালম্বীৰ মানুহ আছিল। অমৃতসৰত থকা শ্বহীদ শিখ মিছ'নেৰি কলেজত শিক্ষাদান কৰি গুৰু গ্ৰন্থ চাহিবৰ বিষয়ে জ্ঞানাহৰণ কৰাৰ হেতুকে তেওঁক গিয়ানি (জ্ঞানী) উপাধি প্ৰদান কৰা হৈছিল।[3]

ৰাজ্যৰ ৰাজনীতি (১৯৪৭–১৯৭২)

[সম্পাদনা কৰক]

১৯৪৭ চনত ভাৰতৰ পুনৰ্গঠনৰ সময়ত তেওঁ ফৰিদকোটৰ শাসনকৰ্তা হৰিন্দৰ সিং ব্ৰাৰৰ বিৰোধিতা কৰিছিল। সেই প্ৰতিবাদৰ শাস্তিস্বৰূপে তেওঁক পাঁচবছৰলৈকে কাৰাগাৰত নিৰ্যাতন কৰা হৈছিল।[4] ১৯৪৯ চনত গিয়ান সিং ৰেয়াৰৱালাৰ অধীনত গঠিত হোৱা পাটিয়ালা আৰু পূব পঞ্জাব ৰাজ্যিক সন্থাত তেওঁক ৰাজহ মন্ত্ৰীৰ পদটো যচা হৈছিল। ১৯৫১ চনত জেইল সিঙে সেইজন নেতাৰে অধীনত কৃষি মন্ত্ৰীৰ বাবটো গ্ৰহণ কৰে। ১৯৫৬ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৬২ চনৰ ১০ মাৰ্চলৈকে তেওঁ ৰাজ্য সভাৰ সদস্য পদ অলংকৃত কৰে।[5]

পঞ্জাবৰ মুখ্যমন্ত্ৰী (১৯৭২-৭৭)

[সম্পাদনা কৰক]

১৯৭২ চনত জেইল সিঙক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।[6] জেইল সিঙে বিশাল ধৰ্মসভা আয়োজন কৰিছিল; ৰাজহুৱা সভাবোৰ পৰম্পৰাগত শিখ-প্ৰাৰ্থনাৰে আৰম্ভ কৰিছিল; "গুৰু গোবিন্দ সিঙ" নামেৰে গুৰু গোবিন্দ সিং মাৰ্গ নামৰ ঘাঁইপথটো উদ্বোধন কৰিছিল; আৰু গুৰুৰ পুত্ৰৰ নামেৰে ফাটেহপুৰ চাহিব নামৰ নগৰাঞ্চল এটা নামকৰণ কৰিছিল।[7] পঞ্জাবৰ যিসকল মানুহে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল, সেইসকল স্বাধীনতা-সেনানীৰ বাবে তেওঁ এক জীৱনজোৰা পেঞ্চন আঁচনি মুকলি কৰিছিল।[8][9]

কেন্দ্ৰীয় চৰকাৰ

[সম্পাদনা কৰক]

১৯৮০ চনত, জেইল সিঙক সপ্তম লোকসভাৰ বাবে নিৰ্বাচিত কৰা হ'ল আৰু ইন্দিৰা গান্ধীৰ কেবিনেটত গৃহ পৰিক্ৰমা বিভাগটোৰ দায়িত্ব অৰ্পণ কৰা হ'ল।[10]

ভাৰতৰ ৰাষ্ট্ৰপতি

[সম্পাদনা কৰক]

১০৯২ চনত বিনা প্ৰতিদ্বন্দ্ব্ব্বিতাৰে জেইল সিঙ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হ'ল। সেইখিনি সময়তে একাংশ মিডিয়াই অনুভৱ কৰিছিল যে, ইন্দিৰা গান্ধীৰ ওচৰত বিশ্বাসভাজন হোৱাৰ বাবেহে জেইল সিঙে এই সুযোগ লাভ কৰিলে। নিৰ্বাচনৰ পাছত জেইল সিঙে কৈছিল-"মোৰ দলপতিয়ে যদি মোক ঝাৰু লৈ ঝাৰুদাৰ হ'বলৈও কওঁ, মোৰ আপত্তি নাথাকিব। তেখেতেতো মোক ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰিছে। "[11] ১৯৮২ চনৰ ২৫ জুলাই জেইল সিঙে ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিৰ পদত বহা তেঁৱেই প্ৰথমগৰাকী শিখধৰ্মী ব্যক্তি।[12]

জেইল সিঙে ইন্দিৰা গান্ধীৰ ছাঁতে থাকি নিজৰ কাম-কাজ সম্পন্ন কৰিছিল। প্ৰতি সপ্তাহে সপ্তাহে নিজৰ কৰ্মনীতি সম্বন্ধীয় সিন্ধান্তবোৰ জেইল সিঙে ইন্দিৰা গান্ধীৰ আগত প্ৰকাশ কৰিবলগীয়া হৈছিল। ১৯৮৪ চনৰ ৩১ মে'ৰ দিনা অৰ্থাৎ অপাৰেছন ব্লু ষ্টাৰৰ আগদিনা তেওঁ ইন্দিৰা গান্ধীৰ লগত এঘণ্টাতকৈও অধিক সময় বাৰ্তালাপ কৰিছিল, কিন্তু ইন্দিৰা গান্ধীয়ে তেওঁৰ পৰিকল্পনাৰ বিষয়ে এটাও শব্দও তেওঁৰ আগত উচ্চাৰণ কৰা নাছিল।[13] সেই অপাৰেছনটোৰ পাছত জেইল সিঙক পদত্যাগ কৰিবলৈ শিখসকলে হেঁচা প্ৰয়োগ কৰিলে। কিন্তু জেইল সিঙে হৰভজন সিঙ য়োগীৰ উপদেশ মানি পদত্যাগ নকৰিলে। তেনে কৰিলে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আশংকা আছে। ইন্দিৰা গান্ধীৰ সেইবছৰৰে ৩১ অক্টোবৰত হত্যা কৰা হয়। জেইল সিঙে ইন্দিৰাৰ বৰপুত্ৰ ৰাজীৱ গান্ধীক প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰোৱায়।[14]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৮২ চনৰ ১২ ছেপ্টেম্বৰত জেইল সিঙক অৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মানেৰে বিভূষিত কৰা হৈছিল। ভাৰতীয় সনাতন গীৰ্জাই প্ৰদান কৰা সেইটো সবাতোকৈ সৰ্বশ্ৰেষ্ঠ সন্মান আছিল।[15]

১৯৯৪ চনৰ ২৯ নৱেম্বৰত এটা বাহন-দুৰ্ঘটনাত জেইল সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ভুল দিশেৰে আহি থকা এখন ট্ৰাকে তেওঁ গৈ থকা কাৰখনত খুন্দা মাৰে আৰু সেই দুৰ্ঘটনাৰ ফলত তেওঁ কেইবাঠাইতো আঘাত পায়।[16][17] চণ্ডীগড়ৰ যিখন চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছিল, সেইখন চিকিৎসালয়তে বৰদিনৰ দিনা( ১৯৯৪ চনৰ ২৫ ডিচেম্বৰত) জেইল সিঙৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ।[18][19] ভাৰত চৰকাৰে তেওঁৰ মৃত্যুৰ সাতদিনীয়া শোকদিৱস পালন কৰে আৰু[19] দিল্লীৰ ৰাজঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।[20]

১৯৯৫ চনত তেওঁৰ প্ৰথমটো মৃত্যুবাৰ্ষিকীত ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৰণত এটা বিশেষ টিকট উন্মোচন কৰে।[21][22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Hazarika, Sanjoy (26 December 1994). "Zail Singh, 78, First Sikh To Hold India's Presidency". New York Times. https://www.nytimes.com/1994/12/26/obituaries/zail-singh-78-first-sikh-to-hold-india-s-presidency.html। আহৰণ কৰা হৈছে: 23 August 2015. 
  2. 2.0 2.1 Obituary: Zail Singh". The Independent. 29 December 1994. Retrieved 2018-22-06.
  3. "Zail Singh". Encyclopædia Britannica Online.
  4. A.C. Aurora, "Punjab Riyasti Praja Mandal", The Encyclopedia of Sikhism, ed. Harbans Singh, Vol. III, Patiala, India, Punjabi University, 1997, p. 278.
  5. Rajya Sabha member
  6. Sangat Singh, The Sikhs in History, New Delhi, Uncommon Books, 1999, pp. 350–54; Khushwant Singh, A History of the Sikhs, Volume II: 1839–2004, New Delhi, Oxford University Press, pp. 315–17.
  7. Khushwant Singh, A History of the Sikhs, Volume II: 1839–2004, New Delhi, Oxford University Press, 2004, p. 355.
  8. https://www.scoopnest.com/user/INCIndia/992593344000856065-remembering-the-seventh-president-of-india-shri-giani-zail-singh-on-his-birth-anniversary-today-dist
  9. http://www.ourpolitician.com/en/profile/gianizailsingh/
  10. "Zail Singh, 78, First Sikh To Hold India's Presidency". The New York Times. 26 December 1994. Retrieved 2011-26-10.
  11. "10 stories that changed in our lifetime". India Today. December 2008. https://www.indiatoday.in/magazine/nation/story/20081229-10-stories-that-changed-in-our-lifetime-738583-2008-12-19. 
  12. https://www.indiatoday.in/education-today/gk-current-affairs/story/giani-zail-singh-anniversary-251553-2015-05-05
  13. Khushwant Singh, A History of the Sikhs, Volume II: 1839–2004, New Delhi, Oxford University Press, 2004, p. 359-60.
  14. Harjot Singh, "Zail Singh, Gyani", The Encyclopedia of Sikhism, ed. Harbans Singh, Vol. IV, Patiala, India, Punjabi University, 1997, pp. 456–57.
  15. "Order Of St. Thomas". www.notknowingyourhistoryisnotknowingyourself.wordpress.com. https://notknowingyourhistoryisnotknowingyourself.wordpress.com/2018/09/16/order-of-st-thomas/. 
  16. "Zail Singh's death: RI for truck driver". The Hindu. 7 December 2000. http://www.thehindu.com/2000/12/07/stories/0207000n.htm। আহৰণ কৰা হৈছে: 16 September 2016. 
  17. "Giani Zail Singh’s widow dead". The Tribune. 12 May 2002. http://www.tribuneindia.com/2002/20020512/main4.htm। আহৰণ কৰা হৈছে: 16 September 2016. 
  18. "Zail Singh dies after crash". The Washington Post. 26 December 1994. https://www.washingtonpost.com/archive/local/1994/12/26/zail-singh-dies-after-crash/6c59e7d6-1cb1-481a-a1bd-d3491380cb44/। আহৰণ কৰা হৈছে: 16 September 2016. 
  19. 19.0 19.1 "Zail Singh dies after car crash". Independent. 26 December 1994. https://www.independent.co.uk/news/world/zail-singh-dies-after-car-crash-1388541.html। আহৰণ কৰা হৈছে: 16 September 2016. 
  20. "Giani Zail Singh: 13 facts you should know about the only Sikh President of India". India Today. 5 May 2015. Archived from the original on 1 June 2016. https://web.archive.org/web/20160601232624/http://indiatoday.intoday.in/education/story/giani-zails-singh-98th-birthday-some-facts/1/433813.html। আহৰণ কৰা হৈছে: 16 September 2016. 
  21. "Presidents of India on Indian Stamps". http://www.indianpostagestamps.com/topical/presidents_2.html। আহৰণ কৰা হৈছে: 19 September 2016. 
  22. "1st Death Anniversary of Giani Zail Singh". Indian Philately. http://www.indianphilatelics.com/stamps/commemorative-stamps/1992-1995/item/11166-1st-death-anniversary-of-giani-zail-singh-click-for-stamp-information.html। আহৰণ কৰা হৈছে: 19 September 2016.