সমললৈ যাওক

জৰ্জিয়া (দেশ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জৰ্জিয়াৰ পৰা পুনঃনিৰ্দেশিত)
জৰ্জিয়া
საქართველო
Sakartvelo
নীতিবাক্য

ძალა ერთობაშია
Dzala Ertobashia
একতা পৰম বল (Strength is in Unity)
ৰাষ্ট্ৰীয় সঙ্গীত

თავისუფლება
Tavisupleba
মুক্তি(Freedom)

জৰ্জিয়া-ৰ অৱস্থান
জৰ্জিয়া-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
তিবি‌লিচি[a]
41°43′N 44°47′E / 41.717°N 44.783°E / 41.717; 44.783
ৰাষ্ট্ৰভাষা (সমূহ) জৰ্জিয়ান ভাষা[1]
কথিত ভাষা[2]
  • ৭১% জৰ্জিয়ান
  • ৯% ৰুছ
  • ৭% আৰ্মেনিয়ান
  • ৬% আজেৰবাইজানীয
  • ৭% অন্যান্য
জনগোষ্ঠীসমূহ (২০০২)
  • ৮৩.৮% জৰ্জিয়ান[2]
  • ৬.৫% আজেৰবাইজানীয়
  • ৫.৭% আৰ্মেনিয়ান
  • ১.৫% ৰুছীয়ান
  • ২.৫% অন্যান্য
জাতীয়তাসূচক বিশেষণ জৰ্জিয়ান
চৰকাৰ একক অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ[3]
 -  ৰাষ্ট্ৰপতি জিঅ'ৰ্জি মাৰ্গভেলাছভিলি
 -  প্ৰধানমন্ত্ৰী জিঅ'ৰ্জি কবিৰিকাশভিলি
 -  সংসদৰ অধ্যক্ষ ডেভিদ উচুপাশভিলি
স্বাধীনতা
 -  কলচিছ সম্ৰাজ্য ১৩শ শতিকা– খ্ৰীষ্টপূৰ্ব ১৬৪ 
 -  দিয়াওসি সম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ১২শ শতিকা - খ্ৰীষ্টপূৰ্ব ৮ম শতিকা 
 -  আইবেৰিয়া সম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ৩০২ –৫৮০ খ্ৰীষ্টাব্দ 
 -  লজিকা এগৰিছি সম্ৰাজ্য খ্ৰীষ্টপূৰ্ব ১৩১ –৬৯৭ খ্ৰীষ্টাব্দ 
 -  আইবেৰিয়া প্ৰভুত্ব ৫৮০-৮৮০ খ্ৰীষ্টাব্দ 
 -  অবখাজিয়া সম্ৰাজ্য ৭৬৭-১০১৪ চন 
 -  জৰ্জিয়া সম্ৰাজ্য ১০০৮ 
 -  ৰুছ সম্ৰাজ্য ১২ ছেপ্টেম্বৰ, ১৮০১ 
 -  গণতান্ত্ৰিক জৰ্জিয়া প্ৰজাতন্ত্ৰ ২৬ মে, ১৯১৮ 
মাটিকালি
 -  মুঠ ৬৯,৪২০ বৰ্গ কিমি (১২০ তম)
২৬,৯১১ বৰ্গ মাইল 
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৩৭,২৯,৫০০'"`UNIQ--ref-০০০০০০০৪-QINU`"' (১৩১ তম)
 -  ২০১৪ লোকপিয়ল ৩৭,২৯,৬৩৫'"`UNIQ--ref-০০০০০০০৫-QINU`"' 
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $৩৭.২৭ বিলিয়ন[2] (১১৭ তম)
 -  জনমুৰি $৮,২২৩ 
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $১৬.৫৩৫ বিলিয়ন[6] 
 -  জনমুৰি $4,719[6] 
জিনি সহগ? (২০১৩) ৪০.০ 
মানৱ উন্নয়ন সূচক (২০১৪) ০.৭৫৪ (৭৬ তম)
মুদ্ৰা জৰ্জিয়ান লাৰি () (GEL)
সময় অঞ্চল GET (ইউটিচি+৪)
গাড়ী চলোৱা হয় সোঁফালে
ISO 3166 code GE
ইণ্টাৰনেট টিএলডি .ge, .გე
কলিং ক'ড +৯৯৫

জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্‌ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবি‌লিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া

জৰ্জিয়াৰ ভূগোল বিচিত্ৰ। ইয়াত আছে উচ্চ পৰ্বতমালা আৰু উৰ্বৰ উপকূলীয় নিম্নভূমি। জনসংখ্যাৰ অধিকাংশয়ে জৰ্জিয় জাতিৰ লোক। ১৯২২ চনত দেশখন ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯১ চনত স্বাধীনতা লাভ কৰাৰ পিছত দেশখনত ৰাজনৈতিক গতিবিধি আৰু গৃহযুদ্ধ আৰম্ভ হয়। এইসমূহ ঘটনাৰ কাৰণে আৰু অন্যান্য প্ৰাক্তন ছোভিয়েট গণতন্ত্ৰ সমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছিন্ন হোৱাৰ বাবে ইয়াৰ অৰ্থনীতি পতনৰ দিশত আগবাঢ়ে। ১৯৯০ৰ দশকৰ মাজৰ ফালে ৰাজনৈতিক সংঘাত কমি যোৱাত আৰু মুক্ত বজাৰ সংস্কাৰ সমূহ প্ৰতিষ্ঠিত হোৱাত দেশখনৰ অৰ্থনীতিত স্থিতিশীলতা ঘূৰি আহে। ১৯৯৫ চনৰ আগষ্ট মাহৰ জৰ্জিয়াৰ প্ৰথম সংবিধান গ্ৰহণ কৰা হয়।

জৰ্জিয়াৰ সীমাৰ অভ্যন্তৰত দুইখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ বিদ্যমান। এখন হ’ল জৰ্জিয়াৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত আজাৰিয়া আৰু আনখন দেশৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আবখাজিয়া। দুয়োখন প্ৰজাতন্ত্ৰৰে কৃষ্ণ সাগৰত উপকূল আছে। তদুপৰি দক্ষিণ অছেটিয়া নামৰ এখন স্বায়ত্তশাসিত অঞ্চল দেশৰ উত্তৰৰ মধ্যভাগত অৱস্থিত। আবখাজিয়া আৰু দক্ষিণ অছেটিয়াৰ উত্তৰে ৰাছিয়া অৱস্থিত। আজাৰিয়াৰ দক্ষিণে তুৰস্ক অৱস্থিত।

ৰাজনীতি

[সম্পাদনা কৰক]

জৰ্জিয়া এখন অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত প্ৰতিনিধিত্বমূলক বহুদলীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰৰ প্ৰধান। সেইদৰে প্ৰধানমন্ত্ৰী হ’ল চৰকাৰ প্ৰধান। ৰাষ্ট্ৰৰ প্ৰায় সকলো ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ আৰু ন্যায় ব্যৱস্থা চৰকাৰৰ পৰা স্বতন্ত্ৰ।


তথ্য উৎস

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]
চৰকাৰ