সমললৈ যাওক

ৰছিদ খান (সংগীতজ্ঞ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Rescuing 2 sources and tagging 0 as dead.) #IABot (v2.0.9.5
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
47 নং শাৰী: 47 নং শাৰী:


==সাংগীতিক জীৱন==
==সাংগীতিক জীৱন==
ৰছিদ খানৰ এঘাৰ বছৰ বয়সত ৰাজহুৱা সংগীতানুষ্ঠানত অভিষেক ঘটে। তাৰ এবছৰ পিছত তেওঁ [[দিল্লী]]ত অনুষ্ঠিত আইটিচিৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে। ১৯৮০ চনৰ এপ্ৰিল মাহত নিছাৰ হুছেইন খানে [[কলকাতা]]ৰ আই টি চি সংগীত গৱেষণা একাডেমী আহোঁতে তেতিয়া ৰছিদ খানেও ১৪ বছৰ বয়সত এই একাডেমীত যোগদান কৰে।<ref name=itc2/> ১৯৯৪ চনলৈ তেওঁ আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰি একাডেমীৰ সংগীতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰে। ৰছিদ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০ লাখ ডলাৰ মাৰ্কিন ডলাৰ বা ভাৰতীয় হিচাপত ৩০ কোটি টকা আছিল।<ref>{{cite web | url=https://inbuzz.in/rashid-khan/ | title=Rashid Khan का 55 साल की उम्र में हुआ निधन, कैंसर से जूझ रहे थे ये संगीतकार » InBuzz | date=10 January 2024 }}</ref>

==সংগীত শৈলী==

14:24, 28 January 2024ৰ সংস্কৰণ

ৰছিদ খান

২০১৫ চনত ভাৰত ভৱনত ওস্তাদ ৰছিদ খান
জন্ম ১ জুলাই, ১৯৬৮
সহস্বান, বুদায়ুন, উত্তৰ প্ৰদেশ, ভাৰত
মৃত্যু ৯ জানুৱাৰী, ২০২৪ (৫৫ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা শাস্ত্ৰীয় সংগীতশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৭৭–২০২৪
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্ম ভূষণ (২০২২)
পদ্মশ্ৰী (২০০৬)
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত

ৰছিদ খান (ইংৰাজী: Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল। কেইবাটাও সংস্কৰণত কোৱা এটা কাহিনী অনুসৰি পণ্ডিত ভীমসেন যোশীয়ে এবাৰ মন্তব্য কৰিছিল যে ৰছিদ খান হৈছে "ভাৰতীয় কণ্ঠ সংগীতৰ ভৱিষ্যতৰ আশ্বাস"।[1][2] তেওঁ ২০০৬ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰীৰ লগতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। ২০২২ চনত কলাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰে।[3]

প্ৰাৰম্ভিক জীৱন

১৯৬৮ চনৰ ১ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ বুদায়ুনৰ সহস্বানত ৰছিদ খানৰ জন্ম হৈছিল। প্ৰাৰম্ভিক সংগীতৰ প্ৰশিক্ষণ তেওঁৰ মামা ককাক ওস্তাদ নিছাৰ হোছেইন খানৰ পৰা (১৯০৯-১৯৯৩) লাভ কৰিছিল। তেওঁ ওস্তাদ গুলাম মুস্তাফা খানৰ ভতিজা।

সৰুতে সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহ কম আছিল। তেওঁৰ মামা গুলাম মুস্তাফা খানে প্ৰথমে তেওঁৰ মাজত সংগীত প্ৰতিভা লক্ষ্য কৰিছিল আৰু তেওঁক কিছু সময়ৰ বাবে মুম্বাইত প্ৰশিক্ষণ দিছিল।[4] অৱশ্যে ৰছিদ খানে তেওঁৰ মূল প্ৰশিক্ষণ বুদায়ুনৰ ঘৰত নিছাৰ হুছেইন খানৰ পৰা লাভ কৰিছিল। নিছাৰ হুছেইন খান কঠোৰ অনুশাসনকাৰী হিচাপে ৰাতিপুৱা চাৰি বজাৰ পৰা কণ্ঠ প্ৰশিক্ষণ স্বৰ সাধনাৰ ওপৰত জোৰ দিছিল আৰু ৰছিদক ঘণ্টাৰ পিছত ঘণ্টা ধৰি স্কেলৰ এটা নোটৰ অভ্যাস কৰিবলৈ বাধ্য কৰাইছিল।[5] প্ৰাৰম্ভিক সময়ত তেওঁৰ গোটেই দিনটো এটা নোটৰ অনুশীলনত পাৰ হৈছিল। যদিও সৰুতে ৰছিদে এইবোৰ ভাল নাপাইছিল, তথাপি সেই দিনৰ অনুশাসিত প্ৰশিক্ষণে বৰ্তমানত তেওঁৰ তান আৰু লয়কাৰীত তেওঁৰ জন্মগত দক্ষতা প্ৰকাশ কৰিছে। ১৮ বছৰ বয়সত ৰছিদে সঁচা অৰ্থত সংগীতৰ প্ৰশিক্ষণ উপভোগ কৰিবলৈ আৰম্ভ কৰে।[6]

সাংগীতিক জীৱন

ৰছিদ খানৰ এঘাৰ বছৰ বয়সত ৰাজহুৱা সংগীতানুষ্ঠানত অভিষেক ঘটে। তাৰ এবছৰ পিছত তেওঁ দিল্লীত অনুষ্ঠিত আইটিচিৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে। ১৯৮০ চনৰ এপ্ৰিল মাহত নিছাৰ হুছেইন খানে কলকাতাৰ আই টি চি সংগীত গৱেষণা একাডেমী আহোঁতে তেতিয়া ৰছিদ খানেও ১৪ বছৰ বয়সত এই একাডেমীত যোগদান কৰে।[1] ১৯৯৪ চনলৈ তেওঁ আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰি একাডেমীৰ সংগীতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰে। ৰছিদ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০ লাখ ডলাৰ মাৰ্কিন ডলাৰ বা ভাৰতীয় হিচাপত ৩০ কোটি টকা আছিল।[7]

সংগীত শৈলী

  1. 1.0 1.1 "Padmashree Rashid Khan". ITC SRA. http://www.itcsra.org/sra_news_views/sra_news_views_links/awards_archives.html. The SRA site gives the Bhimsen Joshi accolade as: "One of the most notable torchbearers of the Hindustani classical tradition in the twenty first century"
  2. Music Label fusion3.com Archived 18 April 2019 at the Wayback Machine
  3. "Padma Awards 2022: Complete list of recipients" (en ভাষাত). mint. 2022-01-26. https://www.livemint.com/news/padma-awards-2022-complete-list-of-recepient-11643162439142.html। আহৰণ কৰা হৈছে: 2022-01-26. 
  4. "Biographical Background". Ustad Rashid Khan. 2001. Archived from the original on 7 March 2019. https://web.archive.org/web/20190307230231/http://www.ustadrashidkhan.com/biography_backg.htm। আহৰণ কৰা হৈছে: 26 August 2021. 
  5. "Rashid Khan Biography: Background". Archived from the original on 7 March 2019. https://web.archive.org/web/20190307230231/http://www.ustadrashidkhan.com/biography_backg.htm। আহৰণ কৰা হৈছে: 9 May 2007. This page is official Rashid Khan website l ustadrashidkhan.com Archived 13 June 2006 at the Wayback Machine
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; hindu নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. "Rashid Khan का 55 साल की उम्र में हुआ निधन, कैंसर से जूझ रहे थे ये संगीतकार » InBuzz". 10 January 2024. https://inbuzz.in/rashid-khan/.