সমললৈ যাওক

সৰ্বেশ্বৰ বসুমতাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
20 নং শাৰী: 20 নং শাৰী:


==কৰ্মজীৱন==
==কৰ্মজীৱন==
সৰ্বেশ্বৰ বসুমতাৰীয়ে ১৯৯৫-৯৬ বৰ্ষত প্ৰথম বাৰৰ বাবে নিজা মাটি কিনিছিল। ১৯৯৬ চনত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। ২০০৭ চনত তেওঁ মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ কৃষি সম্পৰ্কীয় জ্ঞান লাভৰ উদ্দেশ্যে [[অন্ধ্ৰ প্ৰদেশ]], [[ওড়িশা]] আৰু [[পশ্চিম বংগ]] তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ [[কলকাতা]]ৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।
সৰ্বেশ্বৰ বসুমতাৰীয়ে ১৯৯৫-৯৬ বৰ্ষত প্ৰথম বাৰৰ বাবে নিজা মাটি কিনিছিল। ১৯৯৬ চনত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। ২০০৭ চনত তেওঁ মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ কৃষি সম্পৰ্কীয় জ্ঞান লাভৰ উদ্দেশ্যে [[অন্ধ্ৰ প্ৰদেশ]], [[ওড়িশা]] আৰু [[পশ্চিম বংগ]] তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ [[কলকাতা]]ৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।<ref name ="pib"/> বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধী, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।<ref>{{cite web|url= https://www.asomiyapratidin.in/homepage/assam-gaurav-puraskar-to-sarveshwar-basumatary |title= কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'|access-date=28 April 2024}}</ref>


তেওঁৰ খেতিপথাৰৰ কৃষিজাত সামগ্ৰী স্থানীয়ভাৱে বিক্ৰী হয় আৰু লগতে [[অৰুণাচল প্ৰদেশ]], [[নাগালেণ্ড]], [[মেঘালয়]], [[মণিপুৰ]] আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বজাৰতো বিক্ৰী হয়।
তেওঁৰ খেতিপথাৰৰ কৃষিজাত সামগ্ৰী স্থানীয়ভাৱে বিক্ৰী হয় আৰু লগতে [[অৰুণাচল প্ৰদেশ]], [[নাগালেণ্ড]], [[মেঘালয়]], [[মণিপুৰ]] আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বজাৰতো বিক্ৰী হয়।<ref name ="DH"/>


==বঁটা আৰু সন্মান==
==বঁটা আৰু সন্মান==

15:09, 28 April 2024ৰ সংস্কৰণ

সৰ্বেশ্বৰ বসুমতাৰী
জন্ম ৮ এপ্ৰিল, ১৯৬২ (৬২ বছৰ)[1]
বাসগৃহ পানবাৰী গাঁও, চিৰাং জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কৃষক
বঁটা, সন্মান, পুৰস্কাৰ আদি অসম গৌৰৱ, ২০২৩
পদ্মশ্ৰী, ২০২৪


সৰ্বেশ্বৰ বসুমতাৰী (ইংৰাজী: Sarbeswar Basumatary; জন্ম: ৮ এপ্ৰিল ১৯৬২) অসমচিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক।[2] বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য। তেওঁ ২০১৭ৰ পৰা বৰদৈচিলা কৃষক উৎপাদক কোম্পানী লিমিটেডৰ এগৰাকী প্ৰম’টাৰ হিচাপে কাম কৰি আহিছে।[1] বসুমতাৰী ‘চিৰাং কে কৃষি চিৰাগ’ অৰ্থাৎ 'চিৰাঙৰ কৃষিৰ চাকি' হিচাপে বিখ্যাত। পূৰ্বতে দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কাম কৰা বসুমতাৰীয়ে মিশ্ৰিত সংহত কৃষি পদ্ধতি গ্ৰহণ কৰি তেওঁ এজন সফল কৃষকলৈ ৰূপান্তৰিত হয়। তেওঁ তামোল, কমলা, ধান, লিচু, কুঁহিয়াৰ আদি বিভিন্ন ধৰণৰ শস্যৰ খেতিত কৃষি দক্ষতাৰ বাবে পৰিচিত।[3] ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে।[4] ২০২৪ তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।[5]

জন্ম আৰু শিক্ষা

১৯৬২ চনৰ ৮ এপ্ৰিল সৰ্বেশ্বৰ বসুমতাৰীৰ জন্ম হৈছিল। তেওঁ বগিদ্বাৰা প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।[3] তেওঁ ১৩ বছৰ বয়সত গোলাঘাট জিলাবোকাখাতৰ ধনশিৰিমুখলৈ গৈ হাল-বোৱাৰ কাম কৰিবলৈ লয়। ১৯৮৪ত তেওঁ পুনৰ চিপনচিলালৈ আহি কৃষিকৰ্ম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভূটিয়াপাৰালৈ আহে আৰু তাত ভূ-স্বামীসকলৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে।[1]

কৰ্মজীৱন

সৰ্বেশ্বৰ বসুমতাৰীয়ে ১৯৯৫-৯৬ বৰ্ষত প্ৰথম বাৰৰ বাবে নিজা মাটি কিনিছিল। ১৯৯৬ চনত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। ২০০৭ চনত তেওঁ মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ কৃষি সম্পৰ্কীয় জ্ঞান লাভৰ উদ্দেশ্যে অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগ তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।[1] বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধী, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।[6]

তেওঁৰ খেতিপথাৰৰ কৃষিজাত সামগ্ৰী স্থানীয়ভাৱে বিক্ৰী হয় আৰু লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বজাৰতো বিক্ৰী হয়।[3]

বঁটা আৰু সন্মান

কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সৰ্বেশ্বৰ বসুমতাৰীয়ে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ ২০১৫ চনত বেংগালুৰুত অৱস্থিত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ পৰা ৰেচম পালনৰ উৎকৃষ্টতাৰ বঁটা লাভ কৰে। ২০২২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে। ২০০৫ চনত বড়োলেণ্ড মীন বিভাগৰ পৰা বঁটা লাভ কৰে। তেওঁ ২০১৭ চনত ৰাজস্থানৰ জয়পুৰস্থিত এনআইএএমৰদ্বাৰা অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ অসম চৰকাৰে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ-২০২১ উপলক্ষে ২০২১ৰ শ্ৰেষ্ঠ কৃষক বঁটা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আয়কৰ বিভাগৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱ-২০২২ উপলক্ষে শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে। ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে। ২০২৪ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০২৪ চনত তেওঁ ভাৰতীয় তেল নিগমৰ অন্তৰ্গত বঙাইগাঁও তেল শোধনাগাৰে আগবঢ়াৱা শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে।

তথ্য উৎস

  1. 1.0 1.1 1.2 1.3 "ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসমৰ সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰে". https://pib.gov.in/PressReleasePage.aspx?PRID=2018515। আহৰণ কৰা হৈছে: 28 April 2024. 
  2. "অসমৰ পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্ৰী বঁটা". https://www.assam.awazthevoice.in/personality-news/padma-shri-awards-to-assam-s-parbati-baruah-sarbeswar-basumatary-10012.html। আহৰণ কৰা হৈছে: 28 April 2024. 
  3. 3.0 3.1 3.2 "Sarbeswar Basuramatary: A daily wager turned farmer's journey to Padma Shri fame". https://www.deccanherald.com/amp/story/india/sarbeswar-basuramatary-a-daily-wager-turned-farmers-journey-to-padma-shri-fame-2869615। আহৰণ কৰা হৈছে: 28 April 2024. 
  4. "Rustom Basumatary and Sarbeswar Basumatary Receives Assam Gaurav Award". https://bodolandradab.in/rustom-basumatary-and-sarbeswar-basumatary-receives-assam-gaurav-award/। আহৰণ কৰা হৈছে: 28 April 2024. 
  5. "Padma Shri to Sarbeswar Basuramatary: A daily wager turned farmer’s journey to fame". https://theprint.in/india/padma-shri-to-sarbeswar-basuramatary-a-daily-wager-turned-farmers-journey-to-fame/1943862/। আহৰণ কৰা হৈছে: 28 April 2024. 
  6. "কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'". https://www.asomiyapratidin.in/homepage/assam-gaurav-puraskar-to-sarveshwar-basumatary। আহৰণ কৰা হৈছে: 28 April 2024.