সমললৈ যাওক

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
লাচিত বৰ্ণাশুদ্ধি নিবাৰকৰ সহায়ত বৰ্ণাশুদ্ধি নিবাৰণ কৰা হ’ল।
অৱস্থান: উৎস যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
38 নং শাৰী: 38 নং শাৰী:


==অৱস্থান==
==অৱস্থান==
এই শক্তি উৎপাদন কেন্দ্ৰটো [[ডিব্ৰুগড় জিলা]]ৰ [[নামৰূপ]]ত অৱস্থিত। ই [[ডিব্ৰুগড় ৰেল ষ্টেচন]]ৰ পৰা প্ৰায় ৬৭.৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেইদৰে ইয়াৰ পৰা ডিব্ৰুগড় এ এছ টি চি বাছ ষ্টেণ্ডৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৬৬.২ কিলোমিটাৰ দূৰত্বত অৱস্থিত [[ডিব্ৰুগড় বিমানবন্দৰ]]।
এই শক্তি উৎপাদন কেন্দ্ৰটো [[ডিব্ৰুগড় জিলা]]ৰ [[নামৰূপ]]ত অৱস্থিত। ই [[ডিব্ৰুগড় ৰেল ষ্টেচন]]ৰ পৰা প্ৰায় ৬৭.৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেইদৰে ইয়াৰ পৰা ডিব্ৰুগড় এ এছ টি চি বাছ ষ্টেণ্ডৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৬৬.২ কিলোমিটাৰ দূৰত্বত অৱস্থিত [[ডিব্ৰুগড় বিমানবন্দৰ]]।<ref name="agcl">{{cite web |url=https://www.apgcl.org/ntps.php
|title=Thermal plants
|website=www.apgcl.org |date= |access-date=১৪ জুলাই ২০২৪}}</ref>


==তথ্য উৎস==
==তথ্য উৎস==

11:41, 14 July 2024ৰ সংস্কৰণ

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ
দেশ ভাৰত
অৱস্থান নামৰূপ, অসম
স্থানাংক স্থানাংক: 27°11′09″N 95°22′34″E / 27.1858°N 95.376°E / 27.1858; 95.376
অৱস্থা কাৰ্যক্ষম
কমিছনৰ  তাৰিখ ১৯৬৫
মালিকীস্বত্ব অসম চৰকাৰ
পৰিচালক অসম শক্তি উৎপাদন নিগম লিমিটেড
তাপ  বিদ্যুৎ  কেন্দ্ৰ
প্ৰধান  ইন্ধন প্ৰাকৃতিক গেছ
বিদ্যুৎ  উৎপাদন
নামফলক ধাৰণ ক্ষমতা ১৬২.৯ মেগাৱাট

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (ইংৰাজী: Namrup Thermal Power Station) অসমডিব্ৰুগড় জিলানামৰূপ অৱস্থিত তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে নতুনকৈ নামৰূপ প্ৰতিষ্ঠাপন শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। মুঠ ১৬২.৯ মেগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক দুয়ো তাপ বিদ্যুৎ কেন্দ্ৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনত। নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ দক্ষিণ-পূব এছিয়াৰ প্ৰথমটো গেছ ভিত্তিক শক্তি কেন্দ্ৰ। ইয়াত উজনি অসমৰ তৈলক্ষেত্ৰত উপলভ্য প্ৰাকৃতিক গেছ প্ৰধান ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

ইতিহাস

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (এন টি পি এছ) ১৯৬০ দশকত দক্ষিণ-পূব এছিয়াত বেচ লোডৰ বাবে সৰ্ববৃহৎ গেছ ভিত্তিক বিদ্যুৎ কেন্দ্ৰ আছিল আৰু ১৯৪৮ চনৰ বিদ্যুৎ আইনৰ অধীনত ১৯৬৫ চনত প্ৰথম স্থাপন আৰু কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ উপৰিও ই ভাৰতৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ গেছ ভিত্তিক তাপ শক্তি কেন্দ্ৰ আছিল। প্ৰথম অৱস্থাত ১৯৬৫ চনত ২৩ মেগাৱাট ক্ষমতাৰ তিনিটা গেছ টাৰ্বাইন (মডেল - ডব্লিউ-৩০১) স্থাপন কৰা হয়। ১৯৭৫ চনত ৱেষ্টিংহাউছৰ দ্বাৰা ১২.৫ মেগাৱাট ক্ষমতাৰ অতিৰিক্ত গেছ টাৰ্বাইন (মডেল ডব্লিউ-১৭১) সংযোজন কৰা হয়। ১৯৭৬ চনত ভাৰতে এন টি পি এছত ভেলৰ দ্বাৰা কমিচন কৰা ভাপ টাৰ্বাইনযুক্ত গেছ চালিত বয়লাৰ প্ৰথমটো কাৰ্যকৰী হয়। ১৯৮৫ চনত কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধান আৰু বিকাশ আঁচনিৰ অধীনত ভাৰতৰ বাবে আন এক প্ৰথম, ২২.৫ মেগাৱাট ক্ষমতাৰ হিট ৰিকাভাৰী ষ্টীম জেনেৰেটৰ স্থাপন কৰা হৈছিল।

স্বত্বাধিকাৰী

২০০৩ চনৰ বিদ্যুৎ আইনৰ অধীনত ৰাজ্যিক শক্তি খণ্ড সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে ২০০৪ চনৰ ডিচেম্বৰ মাহত অসম শক্তি উৎপাদন নিগম লিমিটেড গঠন কৰা হৈছিল। ২০০৪ চনৰ এপ্ৰিল মাহত ব্যৱসায় আৰম্ভ হৈছিল ৰাজ্যখনৰ শক্তিৰ চাহিদা পূৰণ কৰিবলৈ শক্তি উৎপাদন সৰ্বাধিক কৰাৰ বাবে এই কোম্পানী দায়বদ্ধ। অসম চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ (এনটিপিএছ)ৰ মুঠ ক্ষমতা ৬৪.৫ মেগাৱাট, ইয়াত দুটা গেছ টাৰ্বাইন (২১ মেগাৱাটকৈ) আৰু এটা বৰ্জিত তাপ উদ্ধাৰ ইউনিট (২২.৫ মেগাৱাট) আছে। নামৰূপ ৰিপ্লেচমেণ্ট পাৱাৰ প্লাণ্ট (এন আৰ পি পি)ৰ মুঠ ক্ষমতা ৯৮.৪ মেগাৱাট, এটা গেছ টাৰ্বাইনে ৬২.২৫ মেগাৱাট আৰু এটা বৰ্জিত তাপ উদ্ধাৰ ইউনিটে ৩৬.১৫ মেগাৱাট উৎপাদন কৰে। দুয়োটা প্ৰকল্পৰ মুঠ ক্ষমতা ১৬২.৯ মেগাৱাট।

বিৱৰণ

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ অসমৰ নামৰূপত অৱস্থিত গেছ ভিত্তিক বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ মুঠ স্থাপন ক্ষমতা ১৩৪ মেগাৱাট। ইয়াত ২৩ মেগাৱাটৰ তিনিটা গেছ টাৰ্বাইন, ১২.৫ মেগাৱাটৰ এটা গেছ টাৰ্বাইন, ৩০ মেগাৱাটৰ এটা ভাপ টাৰ্বাইন আৰু ২২.৫ মেগাৱাটৰ এইচ আৰ এছ জিৰ এটা ভাপ টাৰ্বাইন অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৬৫ চনত প্ৰথম তিনিটা গেছ টাৰ্বাইন আৰম্ভ কৰা হৈছিল। ১৯৭৫ চনত ইয়াত ১২.৫ মেগাৱাটৰ আন এটা গেছ টাৰ্বাইন সংযোজন কৰা হয়। ১৯৭৬ চনত ৩০ মেগাৱাটৰ ভাপ টাৰ্বাইন সংযোজন কৰা হয় আৰু ১৯৮৫ চনত ২২.৫ মেগাৱাটৰ এইচ আৰ এছ জি থকা ভাপ টাৰ্বাইন সংযোজন কৰা হয়।

ইউনিটসমূহৰ বয়স বৃদ্ধি আৰু কম প্ৰদৰ্শনৰ বাবে এপিজিচিএলে পুৰণি ইউনিটসমূহৰ ঠাইত নতুন ইউনিট স্থাপন কৰাৰ সিদ্ধান্ত লয়। ফলত ইউনিট-১, ইউনিট-৪, আৰু ইউনিট-৫ ক্ৰমে ২০১৭ চনৰ ২৪ অক্টোবৰ আৰু ২০২০ চনৰ ১৯ ​​আগষ্টত ডিকমিচন কৰা হয়। উল্লেখ্য যে ২০২১ চনৰ ১৬ জুলাইৰ পৰা নামৰূপ প্ৰতিষ্ঠাপন শক্তি প্ৰকল্পৰ কাম আৰম্ভ হৈছিল। ৬২.২৫ মেগাৱাট শক্তিৰ গেছ টাৰ্বাইন জেনেৰেটৰ আৰু ৩৬.১৫ মেগাৱাটৰ ভাপ টাৰ্বাইন জেনেৰেটৰ সংযুক্ত এই প্ৰকল্পৰ বৰ্তমান ক্ষমতা ৬৪.৫ মেগাৱাট। ইয়াৰে ইউনিট-২ (২১ মেগাৱাট), ইউনিট-৩ (২১ মেগাৱাট), আৰু ইউনিট-৬ (২২.৫ মেগাৱাট)ৰে গঠিত।

উৎস

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা ইন্ধন হৈছে প্ৰাকৃতিক গেছ। দুলীয়াজানঅইল ইণ্ডিয়া লিমিটেডে এই প্ৰাকৃতিক গেছ যোগান ধৰে আৰু অসম গেছ কোম্পানী লিমিটডে এই গেছ কেন্দ্ৰটোলৈ পৰিবহণ কৰে। উদ্যোগটো চলাবলৈ আৰু আৱাসিক কোৱাৰ্টাৰত খোৱাপানী যোগান ধৰাৰ বাবে প্ৰয়োজনীয় পানী কেন্দ্ৰটোৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত দিল্লি নদীৰ পৰা আহৰণ কৰা হয়।

অৱস্থান

এই শক্তি উৎপাদন কেন্দ্ৰটো ডিব্ৰুগড় জিলানামৰূপত অৱস্থিত। ই ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা প্ৰায় ৬৭.৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। সেইদৰে ইয়াৰ পৰা ডিব্ৰুগড় এ এছ টি চি বাছ ষ্টেণ্ডৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নিকটৱৰ্তী বিমানবন্দৰ হৈছে ৬৬.২ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় বিমানবন্দৰ[1]

তথ্য উৎস

  1. "Thermal plants". www.apgcl.org. https://www.apgcl.org/ntps.php। আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২৪.