ভিজা মাটিৰ গোন্ধ (বিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→বৈজ্ঞানিক উল্লেখ: উৎস যোগ টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
→প্ৰক্ৰিয়া: তথ্য যোগ টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা Android app edit |
||
57 নং শাৰী: | 57 নং শাৰী: | ||
==প্ৰক্ৰিয়া== |
==প্ৰক্ৰিয়া== |
||
মাটিত ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য ছিদ্ৰ থাকে।বৰষুণৰ টোপাল এই ছিদ্ৰযুক্ত পৃষ্ঠত অৱতৰণ কৰাৰ পিছত ছিদ্ৰৰ পৰা বায়ুৰ সৰু সৰু বুদবুদ্ গঠন কৰে। এই সৰু বুদবুদ্বোৰ মাটিৰ পৃষ্ঠলৈ ওপঙিব ধৰে আৰু ইয়াৰ ফলত বতাহত এৰ'ছল মুক্ত হয়।<ref name="Chu 2015">{{cite web|last=Chu|first=Jennifer|date=14 January 2015|title=Rainfall can release aerosols, study finds|url=https://newsoffice.mit.edu/2015/rainfall-can-release-aerosols-0114|access-date=17 January 2015|website=MIT News}}</ref> এৰ'ছল বায়ুত সৰু সৰু কণিকাযুক্ত তৰল বা গোটা পদাৰ্থৰ কলয়ডীয় মিশ্ৰণ। এনে এৰ'ছলে ভিজা মাটিৰ বিশিষ্ট গোন্ধ বতাহত কঢ়িয়াই নিয়ে। ইয়াৰ লগতে মাটিৰ পৰা বেক্টেৰিয়া আৰু ভাইৰাছ আদিও কঢ়িয়াই আনে।<ref name="Chu 2015" /> লেহেমীয়া হাৰত গতি কৰা বৰষুণৰ টোপালবোৰে অধিক এৰ’ছল উৎপন্ন কৰাৰ প্ৰৱণতা থাকে। সেয়ে এজাক সৰু বৰষুণৰ পিছত মাটিৰ ভিজা গোন্ধ বেছি প্ৰবল হয়। এক্টিনোমাইচেটছৰ বৰ্গৰ সদস্য গ্ৰাম-পজিটিভ বেক্টেৰিয়াসমূহ এই এৰ'ছল উৎপাদনৰ বাবে দায়বদ্ধ।<ref name="Chu 2015" /><ref name="Becher_2020" /> |
|||
মানুহৰ নাক জিঅ'ছ্মিনৰ প্ৰতি সংবেদনশীল আৰু প্ৰতি এশ কোটিত ০.৪ অংশতকৈ কম ঘনত্বত ইয়াক ধৰা পেলাবলৈ সক্ষম হয়।<ref>{{cite journal | last1 = Polak | first1 = E.H. | last2 = Provasi | first2 = J. | title = Odor sensitivity to geosmin enantiomers | journal = Chemical Senses | volume = 17 | pages = 23–26 | year = 1992 | doi = 10.1093/chemse/17.1.23 }}</ref> কিছুমান বিজ্ঞানীয়ে বিশ্বাস কৰে যে মানুহে বৰষুণৰ গোন্ধ ভাল পোৱাৰ কাৰণ হৈছে মানুহৰ পূৰ্বপুৰুষসকলে জীয়াই থকাৰ বাবে বৰষুণৰ বতৰৰ ওপৰত ওতঃপ্ৰোত ভাৱে নিৰ্ভৰশীল আছিল।<ref name="Palermo 2013">{{cite web |
|||
|last=Palermo |
|||
|first=Elizabeth |
|||
|title=Why Does Rain Smell Good? |
|||
|publisher=LiveScience.com |
|||
|work=[[Live Science]] |
|||
|date=21 June 2013 |
|||
|url=http://www.livescience.com/37648-good-smells-rain-petrichor.html |
|||
|access-date=17 January 2015 }}</ref> মৰুভূমিত উটে [[মৰুদ্যান]]ৰ দৰে পানীৰ উৎস বিচাৰি উলিয়াবলৈ ভিজা মাটিৰ গোন্ধৰ ওপৰত নিৰ্ভৰ কৰে।<ref>{{Cite web |title=Sure can smell the rain |url=https://blogs.egu.eu/divisions/sss/2015/02/24/sure-can-smell-the-rain/ |access-date=2023-08-24 |website=Soil System Sciences |language=en-GB}}</ref> [[ভৌগোলিক স্বীকৃৰ্তি]] লাভ কৰা [[উত্তৰ প্ৰদেশ]]ৰ কৌনোজ আতৰৰ অন্তৰ্ভুক্ত ভিজা মাটিৰ গোন্ধ বিশিষ্ট "মিট্টি আতৰ" গোটেই বিশ্বতে বিখ্যাত। |
|||
==তথ্য উৎস== |
|||
{{ৰেফলিষ্ট}} |
14:24, 21 July 2024ৰ সংস্কৰণ
ভিজা মাটিৰ গোন্ধ বা পেট্ৰিকোৰ (ইংৰাজী: Petrichor, /ˈpɛtrɪˌkɔr/)[1] শুষ্ক মাটিত বৰষুণ পৰিলে উৎপন্ন হোৱা সুগন্ধি। সাধৰণে শুকান বতৰৰ পিছত প্ৰথমজাক বৰষুণৰ সময়ত ভিজা মাটিৰ সুবাস উৎপন্ন হয়। এই গোন্ধ বহুতৰে প্ৰিয়। প্ৰাচীন গ্ৰীক শব্দ πέτρα (pétra) 'শিল', বা πέτρος (pétros) 'শিলবোৰ, আৰু ἰχώρ (ikhṓr) 'ইকৰ' বা গ্ৰীক পৌৰাণিক কাহিনীত দেৱতাসকলৰ সিৰাত প্ৰবাহিত হোৱা ঐশ্বৰিক তেজৰ সংমিশ্ৰণৰ পৰা ইংৰাজী পেট্ৰিকোৰ শব্দটোৰ সৃষ্টি হৈছে। ইয়াক বৰষুণৰ গোন্ধ বুলিও কোৱা হয়।
বৈজ্ঞানিক উল্লেখ
১৯৬৪ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াৰ গৱেষক ইজাবেল বিয়াৰ আৰু ডিক থমাছে নেচাৰ আলোচনীত প্ৰকাশিত এখন গৱেষণা পত্ৰত এই পৰিঘটনাটোৰ বিষয়ে প্ৰথম বৈজ্ঞানিকভাৱে বৰ্ণনা কৰিছিল।[2][3][4][5] থমাছে পূৰ্বতে "আৰ্জিলেচিয়াছ গন্ধ" বুলি জনাজাত গোন্ধক "পেট্ৰিকোৰ" নামেৰে নতুনকৈ উল্লেখ কৰে।[6] লেখাটোত উল্লেখ থকা বৰ্ণনা অনুসৰি শুষ্ক বতৰৰ সময়ত কিছুমান উদ্ভিদৰ পৰা নিৰ্গত হোৱা তেলৰ পৰা এই গোন্ধটোৰ উৎপন্ন হয়। তাৰ পিছত বোকা, মাটি আৰু শিলে এই জৈৱ পদাৰ্থ শোষণ কৰে। বৰষুণৰ সময়ত মাটিত অৱশোষিত তেল আন এটা যৌগ জিঅ'ছমিনৰ সৈতে বতাহত নিৰ্গত হয়। জিঅ'ছমিন কিছুমান এক্টিনোবেক্টেৰিয়া যেনে যেনে ষ্ট্ৰেপ্ট'মাইচিছ বিপাকীয় উপজাত যৌগ।[7] ভিজা মাটিৰ পৰা নিৰ্গত জিঅ'ছমিনৰ ফলত এই সুকীয়া গোন্ধ উৎপন্ন হয়। তদুপৰি বিজুলি-ঢেৰেকণি আৰু বজ্ৰপাত হ'লে বায়ুমণ্ডলৰ অক্সিজেন গেছৰ মাজত বিক্ৰিয়া ঘটি অ'জন গেছ উৎপন্ন হয়। বৰষুণৰ ঠিক আগে আগে অ'জন গেছৰ উৎপত্তিৰ বাবে এক বিশিষ্ট গোন্ধ নিৰ্গত হয়। উল্লেখযোগ্য যে অ'জন গেছৰ নাম গ্ৰীক ভাষাৰ óζειν (ozein) শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে গোন্ধ লোৱা। বৰষুণৰ সময়ত বতাহত নিৰ্গত অ'জন গেছ, জিঅ'ছমিন আৰু উদ্ভিদৰ পৰা উৎপত্তি হোৱা বিশেষ তেলৰ গোন্ধৰ সংমিশ্ৰণত ভিজা মাটিৰ বিশিষ্ট গোন্ধৰ সৃষ্টি কৰে।[8] ১৯৬৫ চনত প্ৰকাশিত বিয়াৰ আৰু থমাছৰ আন এটি অনুসৰণমূলক গৱেষণা পত্ৰত উল্লেখ কৰিছে ভিজা মাটিৰ গোন্ধৰ বাবে জগৰীয়া তেলে শুষ্ক বতৰত বীজৰ অংকুৰণ আৰু গছৰ প্ৰাৰম্ভিক বৃদ্ধিত বাধা প্ৰদান কৰে।[9] বৰষুণৰ পিছত এই তেল বতাহত মিহলি হোৱাৰ পিছত দ্ৰুত গতিত বীজৰ অংকুৰণ আৰু বৃদ্ধি হয়।
প্ৰক্ৰিয়া
মাটিত ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য ছিদ্ৰ থাকে।বৰষুণৰ টোপাল এই ছিদ্ৰযুক্ত পৃষ্ঠত অৱতৰণ কৰাৰ পিছত ছিদ্ৰৰ পৰা বায়ুৰ সৰু সৰু বুদবুদ্ গঠন কৰে। এই সৰু বুদবুদ্বোৰ মাটিৰ পৃষ্ঠলৈ ওপঙিব ধৰে আৰু ইয়াৰ ফলত বতাহত এৰ'ছল মুক্ত হয়।[10] এৰ'ছল বায়ুত সৰু সৰু কণিকাযুক্ত তৰল বা গোটা পদাৰ্থৰ কলয়ডীয় মিশ্ৰণ। এনে এৰ'ছলে ভিজা মাটিৰ বিশিষ্ট গোন্ধ বতাহত কঢ়িয়াই নিয়ে। ইয়াৰ লগতে মাটিৰ পৰা বেক্টেৰিয়া আৰু ভাইৰাছ আদিও কঢ়িয়াই আনে।[10] লেহেমীয়া হাৰত গতি কৰা বৰষুণৰ টোপালবোৰে অধিক এৰ’ছল উৎপন্ন কৰাৰ প্ৰৱণতা থাকে। সেয়ে এজাক সৰু বৰষুণৰ পিছত মাটিৰ ভিজা গোন্ধ বেছি প্ৰবল হয়। এক্টিনোমাইচেটছৰ বৰ্গৰ সদস্য গ্ৰাম-পজিটিভ বেক্টেৰিয়াসমূহ এই এৰ'ছল উৎপাদনৰ বাবে দায়বদ্ধ।[10][7]
মানুহৰ নাক জিঅ'ছ্মিনৰ প্ৰতি সংবেদনশীল আৰু প্ৰতি এশ কোটিত ০.৪ অংশতকৈ কম ঘনত্বত ইয়াক ধৰা পেলাবলৈ সক্ষম হয়।[11] কিছুমান বিজ্ঞানীয়ে বিশ্বাস কৰে যে মানুহে বৰষুণৰ গোন্ধ ভাল পোৱাৰ কাৰণ হৈছে মানুহৰ পূৰ্বপুৰুষসকলে জীয়াই থকাৰ বাবে বৰষুণৰ বতৰৰ ওপৰত ওতঃপ্ৰোত ভাৱে নিৰ্ভৰশীল আছিল।[12] মৰুভূমিত উটে মৰুদ্যানৰ দৰে পানীৰ উৎস বিচাৰি উলিয়াবলৈ ভিজা মাটিৰ গোন্ধৰ ওপৰত নিৰ্ভৰ কৰে।[13] ভৌগোলিক স্বীকৃৰ্তি লাভ কৰা উত্তৰ প্ৰদেশৰ কৌনোজ আতৰৰ অন্তৰ্ভুক্ত ভিজা মাটিৰ গোন্ধ বিশিষ্ট "মিট্টি আতৰ" গোটেই বিশ্বতে বিখ্যাত।
তথ্য উৎস
- ↑ "petrichor". Dictionary.com অভিধানৰ পৰা (অনলাইন). n.d.
- ↑ Bear, Isabel Joy; Thomas, Richard G. (March 1964). "Nature of argillaceous odour". Nature খণ্ড 201 (4923): 993–995. doi:10.1038/201993a0. "The diverse nature of the host materials has led us to propose the name 'petrichor' for this apparently unique odour which can be regarded as an 'ichor' or 'tenuous essence' derived from rock or stone […] it does not imply that petrichor is necessarily a fixed chemical entity but rather it denotes an integral odour, variable within a certain easily recognizable osmic latitude.".
- ↑ "The Smell of Rain". Weatherwise খণ্ড 33 (2): 91. 1980. doi:10.1080/00431672.1980.9931898. Apparently, the printed text is a copy from CSIRO journal Ecos, issue February 1976, p. 32.
- ↑ Garg, Anu (2007). The Dord, the Diglot, and an Avocado Or Two: The Hidden Lives and Strange Origins of Words. Penguin. পৃষ্ঠা. 399. ISBN 9780452288614. https://books.google.com/books?id=SBlK4QrLmiIC&pg=PT399..
- ↑ Poynton, Howard (March 31, 2015). "The smell of rain: how CSIRO invented a new word". The Conversation. https://theconversation.com/the-smell-of-rain-how-csiro-invented-a-new-word-39231.
- ↑ Ward, Colin (11 April 2014). "Isabel 'Joy' Bear". CSIROpedia (CSIRO). https://csiropedia.csiro.au/bear-isabel-joy/. "Thomas gave the name 'petrichor' to this odour."
- ↑ 7.0 7.1 Becher, Paul G.; Verschut, Vasiliki; Bibb, Maureen J.; Bush, Matthew J.; Molnár, Béla P.; Barane, Elisabeth; Al-Bassam, Mahmoud M.; Chandra, Govind et al. (2020-06-01). "Developmentally regulated volatiles geosmin and 2-methylisoborneol attract a soil arthropod to Streptomyces bacteria promoting spore dispersal". Nature Microbiology খণ্ড 5 (6): 821–829. doi:10.1038/s41564-020-0697-x. ISSN 2058-5276. PMID 32251369. https://www.nature.com/articles/s41564-020-0697-x। আহৰণ কৰা হৈছে: 2022-01-01.
- ↑ Yuhas, Daisy (July 18, 2012). "Storm Scents: It's True, You Can Smell Oncoming Summer Rain: Researchers have teased out the aromas associated with a rainstorm and deciphered the olfactory messages they convey". Scientific American. https://www.scientificamerican.com/article/storm-scents-smell-rain/.
- ↑ Bear, Isabel Joy; Thomas, Richard G. (September 1965). "Petrichor and plant growth". Nature খণ্ড 207 (5005): 1415–1416. doi:10.1038/2071415a0.
- ↑ 10.0 10.1 10.2 Chu, Jennifer (14 January 2015). "Rainfall can release aerosols, study finds". MIT News. https://newsoffice.mit.edu/2015/rainfall-can-release-aerosols-0114। আহৰণ কৰা হৈছে: 17 January 2015.
- ↑ Polak, E.H.; Provasi, J. (1992). "Odor sensitivity to geosmin enantiomers". Chemical Senses খণ্ড 17: 23–26. doi:10.1093/chemse/17.1.23.
- ↑ Palermo, Elizabeth (21 June 2013). "Why Does Rain Smell Good?". Live Science. LiveScience.com. http://www.livescience.com/37648-good-smells-rain-petrichor.html। আহৰণ কৰা হৈছে: 17 January 2015.
- ↑ "Sure can smell the rain" (en-GB ভাষাত). Soil System Sciences. https://blogs.egu.eu/divisions/sss/2015/02/24/sure-can-smell-the-rain/। আহৰণ কৰা হৈছে: 2023-08-24.