গলমণিকা
গলমণিকা (Rose-ringed Parakeet) | |
---|---|
Female on left and male on right (Psittacula krameri manillensis) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Psittaciformes |
মহাপৰিয়াল: | Psittacoidea |
পৰিয়াল: | Psittaculidae |
উপপৰিয়াল: | Psittaculinae |
গোত্ৰ: | Psittaculini |
গণ: | Psittacula |
প্ৰজাতি: | P. krameri |
বৈজ্ঞানিক নাম | |
Psittacula krameri (Scopoli, 1769) | |
Original (wild) range |
গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে। [1]
গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত।[2] ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই।
বিৱৰণ
[সম্পাদনা কৰক]গলমণিকাৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪০ ছে: মি: হয়। কেৱল ডেউকাৰ দৈৰ্ঘ্য ১৫-১৭.৫ ছে: মি: হয়। ইয়াৰ দেহ মূলতঃ সেউজীয়া বৰণৰ আৰু নেজ যথেষ্ট দীঘল। গলমণিকাৰ মতা আৰু মাইকী দেখিবলৈ কিছু ভিন্ন হয়। মতা চৰাইৰ ডিঙিত গুলপীয়া ৰঙৰ মণিৰ দৰে এডাল আঁচ থাকে বাবে ইয়াক গলমণিকা নামেৰে অভিহিত কৰা হয়।
টেক্স'নমি
[সম্পাদনা কৰক]গলমণিকাৰ মুঠ চাৰিটা উপপ্ৰজাতি দেখা যায়-
- আফ্ৰিকান উপ-প্ৰজাতি:
- African-ringnecked (aka ARN) Parakeet (P. krameri krameri): পশ্চিম আফ্ৰিকা, পূব আৰু পশ্চিম উগাণ্ডা আৰু দক্ষিণ চুডানত পোৱা যায়।
- Abyssinian-ringnecked (aka Aby-RN) Parakeet (P. krameri parvirostris): উত্তৰ-পশ্চিম ছোমালিয়া, চুডান।
- এছিয়ান উপ-প্ৰজাতি:
- Indian-ringnecked (aka IRN) Parakeet (P. krameri manillensis): ভাৰত উপমহাদেশ, অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন, আমেৰিকা ইত্যাদিত বহুলভাৱে বিস্তৃত।
- Boreal or Neumann's ringnecked (aka BRN) Parakeet (P. krameri borealis) : বাংলাদেশ, পাকিস্তান, উত্তৰ ভাৰত, নেপাল আৰু ম্যানমাৰত দেখা যায়।
খাদ্য
[সম্পাদনা কৰক]বনৰীয়া গলমণিকাই প্ৰধানতঃ ফল-মূল, শাক-পাচলি, গুটি আদি খাই জীয়াই থাকে। ইহঁতে বৃহৎ জাক পাতি খেতি-পথাৰ আদিত খাই বিস্তৰ ক্ষতি কৰে। [3] অন্য দক্ষিণ এছিয়াৰ চৰাইৰ প্ৰজাতিৰ পৰা ব্যতিক্ৰম হিচাপে ইহঁতে শীতকালতো প্ৰজনন কৰে। [4]
এভিকালচাৰ (Aviculture)
[সম্পাদনা কৰক]গলমণিকা পোহনীয়া চৰাই হিচাপে যথেষ্ট জনপ্ৰিয়। ঐতিহাসিক কালৰে পৰা ইয়াক মানুহে পোহাৰ তথ্য পোৱা যায়। পূ্ৰ্বতে গ্ৰীচত ভাৰতীয় উপ-প্ৰজাতি P. krameri manillensis আৰু ৰোমত আফ্ৰিকান উপ-প্ৰজাতি es P. krameri krameriক পোহনীয়া হিচাপে ৰখাৰ তথ্য আছে। বৰ্তমান বিভিন্ন ধৰণৰ ৰঙত ভাৰতীয় গলমণিকা বজাৰত পোৱা যায়। [5]
অনুকৰণধৰ্মিতা (Mimicry)
[সম্পাদনা কৰক]গলমণিকাৰ মতা আৰু মাইকী দুয়োটা চৰাইৰে মানুহৰ মাত নকল কৰিব পৰাৰ ক্ষমতা আছে। প্ৰথমে ই চাৰিওফালৰ শব্দবোৰ শুনে আৰু তাৰ পিছত একেধৰণে নকল কৰে। কিছুমান মানুহে কেৱল এইবাবেই গলমণিকাৰ পোৱালি নিজে ডাঙৰ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
নীলা গলমণিকা
-
ব্যতিক্ৰমী ৰং -মাইকী -Parblue Grey আৰু মতা- Parblue Pallid .
-
মাইকী-Lutino আৰু মাইকী-Cinnamon Parblue
-
আলবিন' মতা গলমণিকা
-
Pallid mutations
-
Indo-Pak Parrot
-
অন্য ৰঙৰ গলমণিকা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 BirdLife International (2012). "Psittacula krameri". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001529। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Jobling, J. A. (1991). A Dictionary of Scientific Bird Names. OUP. ISBN 0-19-854634-3.
- ↑ Sailaja, R., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. 1988 Environmental, dietary, and hormonal factors in the regulation of seasonal breeding in free-living female Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4), pp. 518–527
- ↑ Krishnaprasadan, T.N., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. (1988) Environmental and hormonal factors in seasonal breeding in free-living male Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4):488–496
- ↑ Alderton, David (2003). The Ultimate Encyclopedia of Caged and Aviary Birds. প্ৰকাশক London, England: Hermes House. পৃষ্ঠা. 189–190. ISBN 1-84309-164-X.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Rose-ringed Parakeet সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Indian Ringneck website
- Rose-ringed Parakeet in California[সংযোগবিহীন উৎস]
- Oriental Bird Images: Rose-ringed Parakeet Archived 2016-03-08 at the Wayback Machine Photos of Rose-ringed Parakeet in the wild
- In Internet Bird Collection