সমললৈ যাওক

গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১২ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতবৰ্ষ

ভাৰতবৰ্ষৰ পতাকা
আইঅ'চি ক'ড  IND
এনঅ'চি ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটwww.olympic.ind.in
প্ৰতিযোগী ৮৩ জন ১৩ টা ক্ৰীড়াত
পতাকা বহনকাৰী সুশীল কুমাৰ (উদ্বোধনী অনুষ্ঠান)
মেৰী কম (সামৰণি অনুষ্ঠান)
পদক
স্থান: ৫৬ তম
স্বৰ্ণ
ৰূপ
ব্ৰঞ্জ
মুঠ
অলিম্পিক ইতিহাস
গ্ৰীষ্মকালীন গেমছ
শীতকালীন গেমছ

ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিকত (2012 Summer Olympics) ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩টা বিভিন্ন শাখাত মুঠ ৮৩জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল।

২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল।

২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল।

পদকসমূহ

[সম্পাদনা কৰক]
পদক নাম খেল শাখা তাৰিখ
2 ৰূপৰ পদক বিজয় কুমাৰ শ্বুটিং পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ৩ আগষ্ট
2 ৰূপৰ পদক সুশীল কুমাৰ মল্লযুঁজ পুৰুষৰ ৬৬ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল ১২ আগষ্ট
 ব্ৰঞ্জৰ পদক গগন নাৰং শ্বুটিং পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ৩০ জুলাই
 ব্ৰঞ্জৰ পদক ছাইনা নেহৱাল বেডমিণ্টন মহিলাৰ ছিংগলছ ৪ আগষ্ট
 ব্ৰঞ্জৰ পদক মেৰী কম বক্সিঙ মহিলাৰ ফ্লাইৱেইট ৮ আগষ্ট
 ব্ৰঞ্জৰ পদক যোগেশ্বৰ দত্ত মল্লযুঁজ পুৰুষৰ ৬০ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল ১১ আগষ্ট

পদক বিজয়ীসকল

[সম্পাদনা কৰক]

গগন নাৰঙে ভাৰতৰ হৈ ২০১২ লণ্ডন অলিম্পিকত প্ৰথমটো পদক দখল কৰে। ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিছিল।[1]

বিনয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাত ৰূপৰ পদক দখল কৰে।[2] নৰমান প্ৰিটচাৰ্ড আৰু ৰাজ্যৱৰ্ধন সিং ৰাথোড়ৰ পিছত বিনয় কুমাৰে হৈছে ভাৰতৰ হৈ অলিম্পিকৰ কোনো এক ব্যক্তিগত বিভাগত ৰূপৰ পদক বিজয়ী তৃতীয়জন খেলুৱৈ।[3].

ইয়াৰ উপৰিও, ছাইনা নেহৱালে মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক দখল কৰে। অলিম্পিকৰ বেডমিণ্টনত পদক জিকা ছাইনাই হৈছে প্ৰথম ভাৰতীয় খেলুৱৈ। ২০০০ ছিডনী অলিম্পিকৰ ভাৰুত্তোলনত ব্ৰঞ্জ পদক বিজয়ী কৰ্ণম মালেশ্বৰীৰ পিছত ছাইনাই হৈছে দ্বিতীয় গৰাকী ভাৰতীয় মহিলা যি অলিম্পিকৰ কোনো এক ব্যক্তিগত শাখাত পদক দখল কৰিছে।

ভাৰতৰ হৈ চতুৰ্থটো পদক তথা অলিম্পিকত ব্যক্তিগত শাখাত পদক দখল কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা হ’ল মেৰী কমমহিলাৰ ফ্লাইৱেইট শাখাত মেৰী কমে ব্ৰঞ্জ পদক দখল কৰে।

৬০ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ ইভেণ্টত যোগেশ্বৰ দত্তই ভাৰতৰ হৈ চতুৰ্থটো ব্ৰঞ্জ পদক তথা ভাৰতৰ পঞ্চমটো পদক দখল কৰে। অলিম্পিকৰ মল্লযুঁজ শাখাত এইটোৱেই হৈছে ভাৰতৰ বাবে তৃতীয়টো ব্ৰঞ্জ পদক। ইয়াৰ আগতে কে ডি যাদৱে ১৯৫২ আৰু সুশীল কুমাৰে ২০০৮ বেইজিং অলিম্পিকৰ মল্লযুঁজত ব্ৰঞ্জ পদক দখল কৰিছিল।

৬৬ কিঃগ্ৰাঃ ফ্ৰীষ্টাইল মল্লযুঁজ শাখাত সুশীল কুমাৰে ৰূপৰ পদক দখল কৰে। তেৱেঁই হৈছে প্ৰথম ভাৰতীয় যি কোনো এক ইভেণ্টৰ ব্যক্তিগত শাখাত একেৰাহে দুখন অলিম্পিকত পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ বেইজিঙ অলিম্পিকত একেটা শাখাতে ব্ৰঞ্জ পদক লাভ কৰিছিল।

তথ্য সংযোগ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]