নামচাই জিলা
অৱয়ব
নামচাই জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২৫ নৱেম্বৰ ২০১৪ |
সদৰ | নামচাই |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ৩টা (চৌখাম, নামচাই, লেকাং) |
কালি | |
• মুঠ | 1,587 km2 (613 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 95,950 |
• ঘনত্ব | 60/km2 (160/sq mi) |
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷
ইতিহাস
[সম্পাদনা কৰক]২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2]
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1]
পৰ্য্যটন
[সম্পাদনা কৰক]- সোণালী পেগোডা
নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Namsai at a Glance". https://namsai.nic.in/about-district/। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ ২০১৮.
- ↑ 2.0 2.1 "Namsai became the 18th district of Arunachal Pradesh in November 2014". India Today. December 18, 2014. Archived from the original on 14 November 2015. https://web.archive.org/web/20151114145612/http://indiatoday.intoday.in/education/story/namsai-officially-became-the-18th-district-of-arunachal-pradesh/1/407543.html। আহৰণ কৰা হৈছে: 26 October 2015.
- ↑ "Arunachal clears bill for four new districts". The Times of India. 22 March 2013. https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms.
- ↑ "Namsai’s Golden Pagoda awes fans in Zubeen’s viral Mission China song" (en-US ভাষাত). The News Mill. 2017-07-29. https://thenewsmill.com/namsais-golden-pagoda-awes-fans-zubeens-viral-mission-china-song/.
- ↑ Hundred novice monks ordained at the Golden Pagoda Archived 22 October 2016 at the Wayback Machine, The Arunachal Times
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]লোহিত জিলা | ||||
তিনিচুকীয়া জিলা, অসম | লোহিত জিলা | |||
নামচাই জিলা | ||||
চাংলাং জিলা |
|