বাৰ্নহাৰ্ড ৰিমান
বাৰ্নহাৰ্ড ৰিমান | |
---|---|
Bernhard Riemann, 1863 | |
জন্ম | Georg Friedrich Bernhard Riemann ১৭ ছেপ্টেম্বৰ, ১৮২৬ Breselenz, Kingdom of Hanover (modern-day Germany) |
মৃত্যু | ২০ জুলাই, ১৮৬৬ (৩৯ বছৰ) Selasca, Kingdom of Italy |
বাসস্থান | Kingdom of Hanover |
জাতীয়তা | German |
ক্ষেত্ৰ | Mathematics |
কৰ্মস্থান | Georg-August University of Göttingen |
শিক্ষানুষ্ঠান | Georg-August University of Göttingen Berlin University |
ডক্তৰেল পৰামৰ্শদাতা | Carl Friedrich Gauss |
আন শৈক্ষিক পৰামৰ্শদাতা | Gotthold Eisenstein Moritz Abraham Stern Carl Wolfgang Benjamin Goldschmidt |
উল্লেখযোগ্য বিদ্যাৰ্থী | Gustav Roch |
জনা যায় | See list |
প্ৰভাৱ | Peter Gustav Lejeune Dirichlet |
স্বাক্ষৰ |
জৰ্জ ফ্ৰিডৰিখ বাৰ্নহাৰ্ড ৰিমান ([ˈʁiːman] ( শুনক)) (ছেপ্তেম্বৰ ১৭, ১৮২৬ – জুলাই ২০, ১৮৬৬) এজন প্ৰভাৱশালী জাৰ্মান গণিতজ্ঞ আছিল। গাণিতিক বিশ্লেষণ, সংখ্যা-তত্ত্ব আৰু অৱকলজীয় জ্যামিতিলৈ তেওঁ চিৰকলীয়া অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰে আৱিস্কাৰ ৰিমান জ্যামিতি পিছলৈ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ গাণিতিক ভেঁটি হয়গৈ।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৮২৬ চনৰ ১৭ ছেপ্টেম্বৰত হানোভাৰ ৰাজ্য ( বৰ্তমান জাৰ্মানী ) ডানেনবাৰ্গৰ উচৰৰ ব্ৰেছেনেলজ নামৰ এখন গাঁৱত ৰীমনৰ জন্ম হয় দেউতাকৰ নাম ফ্ৰেডৰিক ৰীমান আৰু মাকৰ নাম চাৰ্লত এবেলব। তেখেতৰ দেউতাক এজন দুখীয়া লুথৰীয়া নেতা আছিল। ≤[1]
শিক্ষা
[সম্পাদনা কৰক]তেখেত প্ৰথম হানোভাৰ স্থানীয় মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰে। আৰু পিছত ১৮৪২ চনত আইকৰ মৃত্যুৰ পিছত হানোভাৰৰ পৰা গুচি আহি লুনেবাৰ্গত উচ্চ বিদ্যালয় অধ্যায়ন কৰে। ১৮৪৬ চনত তেওঁ গুৰ্টিনজেন বিশ্ববিদ্যালয়লৈ গৈ ধৰ্মতত্ত্ব বিভাগত নাম লগায়। কিন্তু ৰীমানে গুৰ্টিনজেনত গণিত অধ্যয়ন কৰিবলৈ ল'লেও ১৮৪৭ চনত তেওঁ ' ট্ৰেন্সফাৰ ' লৈ বাৰ্লিন বিশ্ববিদ্যালয়লৈ যায় আৰু তাত গণিত বিষয়ৰ অধ্যয়নত নিজকে নিমগ্ন কৰে। পাছে ১৮৪৯ চনত তেওঁ পুনৰ গুৰ্টিনজেনলৈ ঘূৰি আহে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৮৪৭ চনত ৰীমানে গুৰ্টিনজেন বিশ্ববিদ্যালয়ৰ নিয়মীয়া দৰমহা পোৱা। এজন শিক্ষক হিচাপে নিযুক্ত হয়। ১৮৫৯ চনত লেজেৰ্ডন দিৰিছলেটৰ মৃত্যুৰ পিছত ৰীমান গুৰ্টিনজেন বিশ্ববিদ্যালয়ৰ গণিত বিষয়ৰ মুৰব্বী অধ্যাপক হয় ৰিমানে ' উচ্চতৰ মাত্ৰা ' তত্ত্বৰ আধাৰত এক গানিতিক প্ৰবন্ধ প্ৰস্তুত কৰি ১৮৫৪ চনত এক বক্তৃতা দিলে। তেওঁৰ মৃত্যুৰ দুবছৰ পাছত ১৮৬৮ চনত এই নিবন্ধ তথা গৱেষণাপত্ৰ ছপা ৰূপত প্ৰকাশিত হৈছিল। ১৭৫৯ চনত ৰীমানে ফৰিয়াৰ ছিৰিজ, জাৰ্তিল বিশ্লেষণ আৰু ' এনালাইটিকেল ' সংখ্যা তত্ত্ব সম্পৰ্কত যিখন গৱেষণা প্ৰস্তুত কৰিছিল সেইখন সেই বিষয়ত বৰ্তমানলৈকে আটাইতকৈ গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰ।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউদ্ধৃতিত বাৰ্নহাৰ্ড ৰিমান বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
ৱিকিমিডিয়া কমন্সত বাৰ্নহাৰ্ড ৰিমান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |