সমললৈ যাওক

যক্ষিণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যক্ষিণী

দিদাৰগঞ্জৰ যক্ষিণী
খ্ৰীষ্টপূৰ্ব ৩য়-খ্ৰীষ্টিয় ২য় শতিকা[1][2] পাটনা সংগ্ৰহালয়, পাটনা
দেৱনাগৰী यक्षिणी
সম্পৰ্ক দেৱী
ভূতেশ্বৰ যক্ষি, মথুৰা, খ্ৰীষ্টিয় ২য় শতিকা।

যক্ষিণী (সংস্কৃত: यक्षिणी) বা যক্ষি হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ পৌৰাণিক আখ্যানসমূহত উল্লেখ থকা এক শ্ৰেণীৰ জীৱ। যক্ষিণীসকল যক্ষসকলৰ সহচৰী। তেওঁলোক দেৱতা), অসুৰ, ৰাক্ষস, আৰু গন্ধৰ্ব বা অপ্সৰাসকলতকৈ ভিন্ন। যক্ষিনী আৰু যক্ষ ভাৰতৰ শতিকাজুৰি পুৰণি পৱিত্ৰ বনাঞ্চলসমূহৰ সৈতে জড়িত বহুতো আতিভৌতিক জীৱসমূহত ভিতৰত অন্যতম।

দেৱতাসকলৰ কোষাধ্যক্ষ, আৰু হিমালয়ৰ অলকা ৰাজ্যশাসন কৰা ধনৰ হিন্দু দেৱতা কুবেৰ যক্ষ তথা যক্ষিণীসকলৰ নেতা। ভাল যক্ষিণীৰ দৰে ক্ষতিকাৰক আৰু দুষ্ট যক্ষিণীও আছে,[3] যি ভাৰতীয় লোককথা অনুসৰি মানুহক নগুৰ-নাকটি কৰাৰ লগতে অভিশাপ দিব পাৰে।[4]

অশোক গছ যক্ষিণীসকলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। গছৰ তলত থকা কমবয়সীয়া ছোৱালী ভাৰতীয় সংস্কৃতিত উৰ্বৰতাক সূচোৱা এক প্ৰাচীন আৰ্হি।[5] প্ৰাচীন বৌদ্ধ আৰু হিন্দু মন্দিৰসমূহত প্ৰায়ে দেখা পোৱা ভাৰতীয় কলাৰ এটা অন্যতম উপাদান হৈছে দ্বাৰপাল হিচাপে স্থাপিত এক যক্ষিনী। সততে তেওঁৰ ভৰি কাণ্ডত থাকে আৰু হাতকেইখনে এজোপা পুষ্পিত অশোক বা কেতিয়াবা ফুল বা ফলৰ সৈতে অন্য গছৰ ডাল ধৰি থাকে। যক্ষিণীসকলক আদিশক্তিৰ দ্বাৰা সৃষ্টি কৰা শক্তি বুলি কোৱা হয়। তেওঁলোকক অধিক হিংসাত্মক ৰাক্ষসৰে এক সমাহিত ৰূপ বুলি ক'ব পাৰি।

বৌদ্ধধৰ্ম

[সম্পাদনা কৰক]
পুষ্পিত অশোক অছ এজোপাৰ তলত যক্ষিণী, শুংগ ৰাজবংশ, খ্ৰীষ্টপূৰ্ব ২য়-১ম শতিকা, ভাৰত।

ভৰহুত, সাঁচী আৰু মথুৰাৰ তিনিটা স্থানত, সাধাৰণতে স্তূপসমূহৰৰ বেৰাৰ স্তম্ভত বৃহৎ সংখ্যক যক্ষি চিত্ৰ পোৱা গৈছে। এইবোৰে যক্ষি চিত্ৰসমূহৰ কিছুমান বিশেষত্ব যেনে নগ্নতা, হাঁহি থকা মুখ আৰু সুস্পষ্ট বা প্ৰায়ে অতিৰঞ্জিত ৰূপৰ নাৰীসুলভ কমনীয়তা প্ৰকাশ কৰে যাৰ ফলত উৰ্বৰতাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ফুটি উঠে। সাধাৰণতে যক্ষিণীসকলে হাতেৰে গছৰ ডাল স্পৰ্শ কৰি ত্ৰিভঙ্গ ভংগীমাত উপস্থাপন কৰা হয়। কিছুসংখ্যক লেখকৰ মতে বৃক্ষৰ তলত থকা যুৱতী যক্ষিণী প্ৰাচীন বৃক্ষ দেৱতাৰ ওপৰত আধাৰিত।[5]

প্ৰাৰম্ভিক কালৰ বৌদ্ধ স্মাৰকসমূহত যক্ষিণীসকল এটা আলংকাৰিক উপাদান হিচাপে গুৰুত্বপূৰ্ণ আছিল। বহুতো প্ৰাচীন বৌদ্ধ পুৰাতাত্ত্বিক স্থানত এওঁ‌লোকৰ চিত্ৰায়ন দেখা পোৱা যায়। সময় বাগৰাৰ লগে লগে তেওঁলোক ভাৰতীয় ভাস্কৰ্য আৰু ভাৰতীয় মন্দিৰ স্থাপত্য দুয়োটাৰ এক মানক আলংকাৰিক উপাদান শালভাঞ্জিকালৈ (শাল গছৰ কুমাৰী) ৰূপান্তৰিত হয়।[6]

শালভাঞ্জিকাৰ অৱস্থান শাক্যৰ ৰাণী মায়াৰ অৱস্থানৰ সৈতেও জড়িত হৈ আছে। যেতিয়া তেওঁ লুম্বিনীৰ এখন বাগিচাত এজোপা আশোক গছৰ তলত গৌতম বুদ্ধৰ জন্ম দিছিল তেতিয়া তেওঁ ইয়াৰ এটা ডাল হাতেৰে ধৰি আছিল। [6]

হিন্দু ধৰ্ম

[সম্পাদনা কৰক]

উদ্দামৰেশ্বৰ তন্ত্ৰত বিচিত্ৰা, ভীষণী, শতপত্ৰিকা, সুলোচনী আদি ছয়ত্ৰিশগৰাকী যক্ষিণীৰ বৰ্ণনা পোৱা যায়। এই বৰ্ণনাত তেওঁলোকৰ মন্ত্ৰ আৰু ৰীতি-নীতিৰো বিধান দিয়া হৈছে। তন্ত্ৰৰাজ তন্ত্ৰতো যক্ষ আৰু যক্ষিনীসকলৰ একেধৰণৰ তালিকা পোৱা যায়।[4] ইয়াত কোৱা হৈছে যে এই যক্ষ-যক্ষিণীসকলে আকাংক্ষিত বস্তু প্ৰদান কৰে। তেওঁলোক পৃথিৱীত গুপ্তভাৱে থকা ধন-সম্পত্তিৰ ৰখীয়া।

জৈন ধৰ্ম

[সম্পাদনা কৰক]

জৈন ধৰ্মত পঞ্চাঙ্গুলী, চক্ৰেশ্বৰী, অম্বিকা আৰু পদ্মাৱতীকে ধৰি পঁচিশগৰাকী যক্ষিৰ উপস্থিতি দেখা পোৱা যায়। জৈন মন্দিৰসমূহত সততে তেওঁলোকক চিত্ৰায়িত কৰা হয়।[7] প্ৰত্যেককে বৰ্তমানৰ তীৰ্থংকৰ শ্ৰী সিংহন্ধৰ স্বামী আৰু চৌব্বিশজন জৈন তীৰ্থংকৰৰ ৰক্ষক দেৱী হিচাপে গণ্য কৰা হয়। তিলোয়াপান্নাট্টি (বা প্ৰতিষ্ঠাসাৰসংগ্ৰহ) আৰু অভিধানচিন্তমণিত এই যক্ষিণীসকলৰ নামসমূহ উল্লেখ কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Huntington, John C. and Susan L., The Huntington Archive - Ohio State University [1], accessed 30 August 2011.
  2. "A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century" by Upinder Singh, Pearson Education India, 2008 [2]
  3. "Yaksha | Hindu mythology". https://www.britannica.com/topic/yaksha. 
  4. 4.0 4.1 Magee, Mike (2006). "Yakshinis and Chetakas". Shiva Shakti Mandalam. http://www.shivashakti.com/yaksh.htm। আহৰণ কৰা হৈছে: March 2, 2016. 
  5. 5.0 5.1 Zimmer, Heinrich Robert (1972). Campbell, Joseph. ed. Myths and Symbols in Indian Art and Civilization. প্ৰকাশক Delhi: Princeton University Press. ISBN 978-81-208-0751-8. 
  6. 6.0 6.1 Hans Wolfgang Schumann (1986), Buddhistische Bilderwelt: Ein ikonographisches Handbuch des Mahayana- und Tantrayana-Buddhismus. Eugen Diederichs Verlag. Cologne. আই.এচ.বি.এন. 3-424-00897-4, আই.এচ.বি.এন. 978-3-424-00897-5
  7. Vasanthan, Aruna. "Jina Sasana Devatas". Tamil Jain. http://www.geocities.com/tamiljain/sasandevs/index.html। আহৰণ কৰা হৈছে: March 2, 2016.