সমললৈ যাওক

ছিৰিমাভো বন্দৰনাইকে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
145 নং শাৰী: 145 নং শাৰী:


১৯৭০ চনৰ মে' মাহত ''কমিউনিষ্ট পাৰ্টি'', ''লংকা সামা সমাজ পাৰ্টি'' আৰু তেওঁৰ নিজৰ ''ফ্ৰিডম পাৰ্টি''ৰ মাজত হোৱা “ইউনাইটেড ফ্ৰণ্ট মিত্ৰজোঁটে’’ ১৯৭০ চনৰ নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পিছত বন্দৰনাইকেই পুনৰ ক্ষমতা লাভ কৰে।{{sfn|''The Honolulu Star-Bulletin''|1970|p=2}} জুলাই মাহলৈকে তেওঁ ব্ৰিটিছে খচৰা প্ৰস্তুত কৰা সংবিধানৰ ঠাইত চিলনীয়াসকলে খচৰা প্ৰস্তুত কৰা সংবিধান গঠন কৰিবলৈ এখন সাংবিধানিক পৰিষদ আহ্বান কৰিছিল।{{sfn|Phadnis|1971|p=268}} চৰকাৰী মন্ত্ৰালয়সমূহৰ স্থায়ী সচিবসকলৰ বিভাগত বিশেষজ্ঞ লোক থাকিব লাগিব বুলি নীতি প্ৰৱৰ্তন কৰে। উদাহৰণস্বৰূপে, গৃহ নিৰ্মাণ মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল প্ৰশিক্ষিত অভিযন্তা হ’ব লাগিব আৰু স্বাস্থ্য মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল চিকিৎসা বিদ্যাত পাৰদৰ্শী হ’ব লাগিব। সকলো চৰকাৰী কৰ্মচাৰীকে শ্ৰমিক পৰিষদ আৰু স্থানীয় পৰ্যায়ত যোগদান কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু তেওঁ চৰকাৰী প্ৰশাসনৰ ওপৰত সকলো স্তৰৰ জনসাধাৰণে মতামত দিব পৰাকৈ “জনসমিতি’’ গঠন কৰিছিল।{{sfn|Phadnis|1971|p=269}} এই পৰিৱৰ্তনৰ উদ্দেশ্য আছিল দেশৰ প্ৰতিষ্ঠানসমূহৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক আৰু বিদেশী প্ৰভাৱৰ উপাদানসমূহ আঁতৰোৱা।{{sfn|Saha|1999|p=125}}
১৯৭০ চনৰ মে' মাহত ''কমিউনিষ্ট পাৰ্টি'', ''লংকা সামা সমাজ পাৰ্টি'' আৰু তেওঁৰ নিজৰ ''ফ্ৰিডম পাৰ্টি''ৰ মাজত হোৱা “ইউনাইটেড ফ্ৰণ্ট মিত্ৰজোঁটে’’ ১৯৭০ চনৰ নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পিছত বন্দৰনাইকেই পুনৰ ক্ষমতা লাভ কৰে।{{sfn|''The Honolulu Star-Bulletin''|1970|p=2}} জুলাই মাহলৈকে তেওঁ ব্ৰিটিছে খচৰা প্ৰস্তুত কৰা সংবিধানৰ ঠাইত চিলনীয়াসকলে খচৰা প্ৰস্তুত কৰা সংবিধান গঠন কৰিবলৈ এখন সাংবিধানিক পৰিষদ আহ্বান কৰিছিল।{{sfn|Phadnis|1971|p=268}} চৰকাৰী মন্ত্ৰালয়সমূহৰ স্থায়ী সচিবসকলৰ বিভাগত বিশেষজ্ঞ লোক থাকিব লাগিব বুলি নীতি প্ৰৱৰ্তন কৰে। উদাহৰণস্বৰূপে, গৃহ নিৰ্মাণ মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল প্ৰশিক্ষিত অভিযন্তা হ’ব লাগিব আৰু স্বাস্থ্য মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল চিকিৎসা বিদ্যাত পাৰদৰ্শী হ’ব লাগিব। সকলো চৰকাৰী কৰ্মচাৰীকে শ্ৰমিক পৰিষদ আৰু স্থানীয় পৰ্যায়ত যোগদান কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু তেওঁ চৰকাৰী প্ৰশাসনৰ ওপৰত সকলো স্তৰৰ জনসাধাৰণে মতামত দিব পৰাকৈ “জনসমিতি’’ গঠন কৰিছিল।{{sfn|Phadnis|1971|p=269}} এই পৰিৱৰ্তনৰ উদ্দেশ্য আছিল দেশৰ প্ৰতিষ্ঠানসমূহৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক আৰু বিদেশী প্ৰভাৱৰ উপাদানসমূহ আঁতৰোৱা।{{sfn|Saha|1999|p=125}}

১৯৫ মিলিয়ন ডলাৰৰ বাজেট ঘাটিৰ সম্মুখীন হৈ – শক্তি আৰু খাদ্য-আমদানিৰ ব্যয় বৃদ্ধি আৰু নাৰিকল, ৰবৰ আৰু চাহ ৰপ্তানিৰ পৰা ৰাজহ হ্ৰাস পোৱাৰ ফলত – বন্দৰনাইকেই অৰ্থনীতিক কেন্দ্ৰীভূত কৰি মূল্য নিয়ন্ত্ৰণ কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল।{{sfn|Richardson|2005|pp=321–322}}{{sfn|''The Anniston Star''|1970|p=42}} ব্ৰিটিছ, ভাৰতীয় আৰু পাকিস্তানী মূলৰ বিদেশী বেংকসমূহক ৰাষ্ট্ৰীয়কৰণৰ বাবে তেওঁৰ মিত্ৰজোঁটৰ বাওঁপন্থী সদস্যসকলে হেঁচা প্ৰয়োগ কৰাত, তেওঁ উপলব্ধি কৰিছিল যে তেনে কৰিলে ঋণৰ গ্ৰহণত প্ৰভাৱ পৰিব।{{sfn|''The Anniston Star''|1970|p=42}} পূৰ্বৰ শাসন ব্যৱস্থাৰ দৰেই তেও পুঁজিপতি আৰু কমিউনিষ্ট উভয় অংশীদাৰৰ সৈতে বিদেশী সাহায্যৰ সোঁতৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল৷{{sfn|Richardson|2005|p=322}}


==তথ্য সূত্ৰ==
==তথ্য সূত্ৰ==

05:21, 2 April 2024ৰ সংস্কৰণ

ছিৰিমাভো বন্দৰনাইকে
සිරිමාවෝ බණ්ඩාරනායක
சிறிமா பண்டாரநாயக்கே

১৯৬০ চনত বন্দৰনাইকে
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৪ নৱেম্বৰ, ১৯৯৪ – ১০ আগষ্ট, ২০০০
ৰাষ্ট্ৰপতি চন্দ্ৰিকা কুমাৰাতুংগা
পূৰ্বসূৰী চন্দ্ৰিকা কুমাৰাতুংগা
উত্তৰসূৰী ৰত্নচিৰি বিক্ৰমনাইকে
কাৰ্যকাল
২৯ মে’ ১৯৭০ – ২৩ জুলাই ১৯৭৭
ৰাজশাসক এলিজাবেথ দ্বিতীয় (১৯৭০-১৯৭২)
ৰাষ্ট্ৰপতি উইলিয়াম গোপাল্লাৱা (১৯৭২-১৯৭৭)
গৱৰ্ণৰ জেনেৰেল উইলিয়াম গোপাল্লাৱা (১৯৭০-১৯৭২)
পূৰ্বসূৰী ডুডলে সেনানাইকে
উত্তৰসূৰী জে আৰ জয়ৱৰ্ধনে
কাৰ্যকাল
২১ জুলাই ১৯৬০ – ২৭ মাৰ্চ, ১৯৬৫
ৰাজশাসক এলিজাবেথ দ্বিতীয়
গৱৰ্ণৰ জেনেৰেল
পূৰ্বসূৰী ডুডলে সেনানাইকে
উত্তৰসূৰী ডুডলে সেনানাইকে
পঞ্চমবাৰৰ শ্ৰীলংকাৰ বিৰোধী দলৰ নেত্ৰী
কাৰ্যকাল
৯ মাৰ্চ ১৯৮৯ – ২৪ জুন ১৯৯৪
প্ৰধানমন্ত্ৰী
পূৰ্বসূৰী অনুৰা বন্দৰনাইকে
উত্তৰসূৰী জেমিনী দিছানাইকে
কাৰ্যকাল
৫ এপ্ৰিল ১৯৬৫ – ২৫ মাৰ্চ ১৯৭০
প্ৰধানমন্ত্ৰী ডুডলে সেনানাইকে
পূৰ্বসূৰী ডুডলে সেনানাইকে
উত্তৰসূৰী জে আৰ জয়বৰ্ধনে
শ্ৰীলংকা ফ্ৰডম পাৰ্টি
কাৰ্যকাল
৭ মে ১৯৬০ – ১২ নৱম্বৰ ১৯৯৪
পূৰ্বসূৰী চি পি ডি ছিলভা
উত্তৰসূৰী চন্দ্ৰিকা কুমাৰাতুংগা
Parliamentary roles
শ্ৰীলংকাৰ সংসদীয় সদস্য
কাৰ্যকাল
১৫ ফেব্ৰুৱাৰী ১৯৮৯ – ১০ আগষ্ট ২০০০
সমষ্টি গাম্ফা (১৯৮৯-১৯৯৪)
কাৰ্যকাল
৫ এপ্ৰিল ১৯৬৫ – ১৬ অক্টোবৰ ১৯৮০
পূৰ্বসূৰী জেমচ ওবিছিকাৰা
উত্তৰসূৰী লক্ষ্মণ জয়াকোডী
সমষ্টি আট্টাংগাল্লা
চিনেটৰ সদস্য
কাৰ্যকাল
২ আগষ্ট ১৯৬০ – ৪ ডিচেম্বৰ ১৯৬৪
পূৰ্বসূৰী পিয়দাসা দি জয়ছা
ব্যক্তিগত তথ্য
জন্ম
ছিৰিমা ৰট্টৱাট্টে

১৭ এপ্ৰিল, ১৯১৬
Ratnapura, British Ceylon
মৃত্যু ১০ অক্টোবৰ, ২০০০ (৮৪ বছৰ)
কাদাৱাথা, শ্ৰীলংকা
ৰাজনৈতিক দল শ্ৰীলংকা ফ্ৰিদম পাৰ্টী(SLFP)
দাম্পত্যসঙ্গী চ’ল’মন বন্দৰনাইকে (বি. ১৯৪০; মৃ. ১৯৫৯)
সন্তান
পিতৃ বাৰ্ণচ ৰট্টৱাট্টে
সম্বন্ধীয় বন্দৰনাইকে পৰিয়াল

ছিৰিমা ৰাটৱাট্টে ডায়াছ বন্দৰনাইকে (সিংহল: සිරිමා රත්වත්තේ ඩයස් බණ්ඩාරනායක; তামিল: சிிிற மா ரத்வத்தே டயஸ் பண்டாரநாயக்கே; ිනිය), সাধাৰণভাৱে ছিৰিমাভো বন্দৰনাইকে হিচাপে পৰিচিত[1] এগৰাকী শ্ৰীলংকাৰ ৰাজনীতিবিদ। ১৯৬০ চনত শ্ৰীলংকাৰ (তেতিয়াৰ ডমিনিয়ন অৱ চিলন) প্ৰধানমন্ত্ৰী হোৱাৰ সময়লৈ তেওঁ বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল।[2] তেওঁ ১৯৬০ চনৰ পৰা ১৯৯৪ চনলৈকে শ্ৰীলংকা ফ্ৰিডম পাৰ্টি (এছ এল এফ পি)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; আৰু তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে, দুবাৰকৈ মুখ্য কাৰ্যবাহী হিচাপে, ১৯৬০ চনৰ পৰা ১৯৬৫ চনলৈকে আৰু ১৯৭০ চনৰ পৰা ১৯৭৭ চনলৈকে আৰু পুনৰবাৰ ১৯৯৪ চনৰ পৰা ২০০০ চনলৈকে কন্যা চন্দ্ৰিকা কুমাৰাটুংগাৰ ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাত কাৰ্যনিৰ্বাহ কৰিছিল।

এক সিংহলী কাণ্ডিয়ান অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা বন্দৰনাইকে কেথলিক ধৰ্মী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বৌদ্ধ ধৰ্মাৱলম্বী হৈয়েই আছিল আৰু ইংৰাজীৰ লগতে সিংহলী ভাষাও কৈছিল। মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত বিয়া হৈ পৰিয়ালৰ দায়িত্ব পালন কৰাৰ আগলৈ বিভিন্ন সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ১৯৫১ চনত সমাজবাদী এছ এল এফ পি প্ৰতিষ্ঠা কৰা আৰু ১৯৫৬ চনত প্ৰধানমন্ত্ৰী হোৱা তেওঁৰ স্বামী এছ ডব্লিউ আৰ ডি বন্দৰনাইকেৰ এগৰাকী সুগৃহিণী হিচাপে কাম কৰি তেওঁৰ এগৰাকী অনানুষ্ঠানিক উপদেষ্টা হিচাপে আস্থা লাভ কৰিছিল। তেওঁ সামাজিক কাম-কাজত শ্ৰীলংকাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আৰু ছোৱালীৰ জীৱন উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

১৯৫৯ চনত স্বামীৰ হত্যাকাণ্ডৰ পিছত অতি কম দিনৰ ভিতৰতে বন্দৰনাইকেক বিৰোধীক কাবু কৰিবলৈ নেতৃত্বই তেওঁক নিজেই ৰাজনীতিত প্ৰৱেশ কৰিবলৈ আৰু স্বামীৰ পিছত অধ্যক্ষ পদত অধিষ্ঠিত হ’বলৈ উছাহ দিলে; ১৯৬০ চনৰ জুলাই মাহৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী ডুডলে সেনানাইকেৰ ইউএনপিক পৰাস্ত কৰে। তাৰ পিছত ১৯৬৫ চনৰ নিৰ্বাচনত সেনানায়কেক তেওঁৰ পদৰ পৰা ওফোৰাই বিৰোধী দলৰ নেত্ৰী হয়, তাৰ পিছত ১৯৭০ চনত প্ৰতিদ্বন্দ্বী মাৰ্ক্সবাদী দলৰ সৈতে চতুৰতাৰে গঠনমূলক নিৰ্বাচনী মিত্ৰতা কৰি বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বন্দৰনাইকে বেংকিং, শিক্ষা, উদ্যোগ, সংবাদ মাধ্যম আৰু বাণিজ্য খণ্ডৰ সংগঠনসমূহক ৰাষ্ট্ৰীয়কৰণ কৰি পূৰ্বৰ ডমিনিয়ন অৱ চিলনক সমাজবাদী গণৰাজ্যলৈ সংস্কাৰ কৰাৰ চেষ্টা কৰিছিল। ইংৰাজীৰ পৰা সিংহলীলৈ প্ৰশাসনিক ভাষা সলনি কৰি আৰু ৰাজনৈতিক মূলসুঁতিৰ সিংহলী জাতীয়তাবাদী আৰু তামিল বিৰোধী নীতিৰ ওপৰত নিয়মিতভাৱে প্ৰচাৰ চলাই তেওঁ থলুৱা তামিল জনসাধাৰণৰ মাজত আৰু ১৯৪৮ চনৰ নাগৰিকত্ব আইন অনুসৰি ৰাষ্ট্ৰহীন হৈ পৰা জমিদাৰী তামিলৰ মাজত অসন্তুষ্টি আৰু অধিক বৃদ্ধি কৰিলে।

বন্দৰনাইকেৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম দুটা কাৰ্যকালত দেশখনত উচ্চ মুদ্ৰাস্ফীতি আৰু কৰ, জনসাধাৰণৰ খাদ্যৰ বাবে খাদ্য শস্য আমদানিৰ ওপৰত নিৰ্ভৰশীলতা, উচ্চ নিবনুৱা সমস্যা, সিংহলী জাতীয়তাবাদী নীতিৰ বাবে সিংহলী আৰু তামিল জনসংখ্যাৰ মাজত মেৰুকৰণ আদিয়ে জুৰুলা কৰিছিল। ১৯৬২ চনত অভ্যুত্থানৰ চেষ্টাৰ লগতে ১৯৭১ চনত উগ্ৰ যুৱক-যুৱতীসকলৰ বিদ্ৰোহৰ পৰা ৰক্ষা পোৱা, ১৯৭২ চনত তেওঁ নতুন সংবিধানৰ খচৰা প্ৰস্তুত আৰু শ্ৰীলংকা গণৰাজ্য গঠনৰ তদাৰক কৰিছিল, ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা পৃথক কৰিছিল আৰু লগতে ১৯৭৭ চনলৈকে সময়ছোৱাত সংসদীয় ক্ষমতাও বৃদ্ধি কৰিছিল। ১৯৭৫ চনত বন্দৰনাইকে শ্ৰীলংকাৰ মহিলা আৰু শিশু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৃষ্টি কৰে, লগতে শ্ৰীলংকাৰ মন্ত্ৰীসভাত নিজৰ বাহিৰেও প্ৰথমগৰাকী মহিলাক নিযুক্তি দিয়ে। বন্দৰনাইকেৰ কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰ্যাপ্ত অৰ্থনৈতিক বিকাশ ঘটিছিল। বিদেশত আলোচনাপন্থী আৰু অসংলগ্ন জাতিসমূহৰ মাজত এগৰাকী নেত্ৰী হিচাপে ডাঙৰ ভূমিকা পালন কৰিছিল।

আদি জীৱন

১৯১৬ চনৰ ১৭ এপ্ৰিলত ব্ৰিটিছ চিলনৰ ৰত্নপুৰাত থকা তেওঁৰ পেহীয়েকৰ বাসগৃহ এলাৱালা ৱালাৱাত ছিৰিমা ৰটৱাট্টে বান্দৰনাইকেৰ জন্ম হয়।[3][4] তেওঁৰ মাতৃ আছিল ৰোজালিণ্ড হিল্ডা মহাৱালাটেনে কুমাৰীহামী,[5][6] এগৰাকী অনানুষ্ঠানিক আয়ুৰ্বেদিক চিকিৎসক,[7] আৰু তেওঁৰ পিতৃৰ নাম বাৰ্নছ ৰাটৱাট্টে, এজন থলুৱা প্ৰধান আৰু ৰাজনীতিবিদ। তেওঁৰ মাতৃৰ ফালৰ পৰা দাদা মহাৱালাটেনে আৰু পিছলৈ তেওঁৰ পিতৃয়ে বালাংগোডাৰ স্থানীয় মুৰব্বী ৰাটে মহাত্মায়া হিচাপে কাম কৰিছিল।[8] তেওঁৰ পিতৃ কেণ্ডি ৰাজ্যৰ মুখিয়াল ৰাডালা ৰাটৱাটে পৰিয়ালৰ সদস্য আছিল।[3][9] তেওঁৰ পৈতৃক বংশৰ ভিতৰত আছিল তেওঁৰ খুড়াক ছাৰ জয়তিলাকা কুদাহ ৰাতৱাটে, যিজন কেণ্ডীৰ পৰা ব্ৰিটিছ নাইটৰ পদবী লাভ কৰা প্ৰথমজন ব্যক্তি আছিল,[10][11] লগতে সিংহলী ৰজাৰ সেৱা কৰা দৰবাৰীসকলো আছিল।[3] ইয়াৰে এজন মাটালেৰ দিছৱা ৰাটৱাট্টে ১৮১৫ চনৰ কাণ্ডিয়ান সন্ধিৰ স্বাক্ষৰকাৰী আছিল।[12]

ছিৰিমা পৰিয়ালৰ মুঠ ছয়টি ল’ৰা-ছোৱালীৰ মাজত জ্যেষ্ঠ্য আছিল।[6] তেওঁৰ চাৰিজন ভায়েক আছিল। বাৰ্ণে ৰটৱাট্টে, শিৱালি ৰটৱাট্টে, মেকি ৰটৱাট্টে আৰু ক্লিফ’ৰ্ড ৰটৱাট্টে আৰু এগৰাকী ভনী পেট্ৰিচিয়া।[13] পৰিয়ালটোৱে ছিৰিমাৰ মাতৃৰ ফালৰ পৰা ককাক মহাৱালাটেনেৰ ৱালাৱা বা ঔপনিৱেশিক মেন’ৰ হাউচত বাস কৰিছিল আৰু তাৰ পিছত পিছলৈ বালাংগোডাৰ নিজৰ গাঁও ৱালাৱাত বাস কৰিছিল। সৰুৰে পৰাই ছিৰিমাই ককাকৰ সাহিত্য আৰু বিজ্ঞান বিষয়ৰ ৰচনাৰ বিশাল পুথিভঁৰালটোৰ সুবিধা লাভ কৰিছিল।[4] প্ৰথমে তেওঁ বালাংগোডাৰ কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিল আৰু সোনকালেই ১৯২৩ চনত ৰত্নপুৰৰ ফাৰ্গুচন হাইস্কুলৰ প্ৰাইমাৰী শ্ৰেণীত নাম লগাইছিল। তাৰপিছত তেওঁ কলম্বোৰ এখন বোৰ্ডিং স্কুলত পঢ়িছিল।[4][6][14] যদিও তেওঁ কেথলিক স্কুলত পঢ়িছিল, তেওঁ বৌদ্ধ ধৰ্মী হৈয়েই আছিল[1][15] আৰু ইংৰাজী আৰু সিংহলী ভাষাত পাৰদৰ্শী আছিল।[13]

১৯ বছৰ বয়সত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত[16] ছিৰিমা ৰাটৱাট্টে সামাজিক কামৰ লগত জড়িত হৈ পৰিছিল৷ তেওঁ জংঘলৰ গাঁওসমূহত খাদ্য আৰু ঔষধ বিতৰণ কৰা, চিকিৎসা শিবিৰৰ আয়োজন কৰা আৰু গাঁৱৰ মহিলাসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ গ্ৰাম্য উদ্যোগ সৃষ্টি কৰাত সহায় কৰিছিল।[1][15] ১৯৪০ চনলৈকে তেওঁ ছ'চিয়েল চাৰ্ভিচ লীগৰ কোষাধ্যক্ষ হয়।[17] পিছৰ ছবছৰ তেওঁ পিতৃ-মাতৃৰ সৈতে আছিল আৰু তেওঁলোকে তেওঁৰ বিয়াৰ ব্যৱস্থা কৰিছিল।[16] বিয়াৰ দুটা প্ৰস্তাৱ নাকচ কৰাৰ পিছত – ৰাটৱাট্টেৰ পিতৃ-মাতৃৰ ঘটকৰ দ্বাৰা যোগাযোগ হয় “ছলমন ৱেষ্ট ৰিজৱে ডায়াছ (S.W.R.D.) বন্দৰনাইকে’’ৰ,[13] যি অক্সফৰ্ড শিক্ষিত উকীল আৰু পৰিণত ৰাজনীতিবিদ, যি সেই সময়ত চিলনৰ ৰাজ্যিক পৰিষদৰ স্থানীয় প্ৰশাসন মন্ত্ৰী আছিল।[15] প্ৰথম অৱস্থাত এছ.ডব্লিউ.আৰ.ডি. বন্দৰনাইকেক ৰটৱাট্টে পৰিয়ালে "গ্ৰহণযোগ্য" বুলি গণ্য কৰা নাছিল, কিয়নো ৰটৱাট্টেসকল আছিল এটা অভিজাত কাণ্ডিয়ান পৰিয়াল, যিয়ে পৰম্পৰাগত ৰাজপৰিয়ালৰ প্ৰতি তেওঁলোকৰ সেৱা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, আনহাতে বন্দৰনাইকেসকল আছিল নিম্ন ঠাইৰ পৰা অহা একোটা ধনী পৰিয়াল, যিটো পৰিয়ালত আছিল শতিকাজুৰি ঔপনিৱেশিক শাসকসকলৰ সেৱা কৰা পৰম্পৰা।[15] জ্যোতিষীসকলে তেওঁলোকৰ ৰাশিফল সামঞ্জস্যপূৰ্ণ বুলি জনোৱাত, পৰিয়ালৰ সদস্যসমূহ একত্ৰিত হৈ সুফল-কুফলৰ বিষয়ে আলোচনা কৰিছিল আৰু ৰটৱাট্টে পৰিয়ালে শেষত অনুমোদন দিছিল।[13] পূৰ্বে লগ পোৱা ডেকা-গাভৰুহালে এই অনুমোদনৰ সৈতে একমত আছিল।[13][18]

পৰিয়ালৰ দায়িত্ব, সামাজিক কাম; (১৯৪০–১৯৫৯)

হোৰাগোলা ৱালুৱাতৰ বন্দৰনাইকেৰ পূৰ্বপুৰুষৰ হাউলী

১৯৪০ চনৰ ২ অক্টোবৰত ৰাটৱাট্টে আৰু বন্দৰনাইকে মহাৱেলাটেন ৱালাৱা[4]ত বিবাহপাশত আৱদ্ধ হয় আৰু সংবাদ মাধ্যমে এই বিয়া জাকজমকীয়তাৰ বাবে "শতিকাৰ বিয়া" বুলি অভিহিত কৰিছিল।[15][13] ইয়াৰ পিছত নৱ-বিবাহিত দম্পতীহালে লিয়নেল ৱেণ্টৰ পৰা ভাড়াত লোৱা কলম্বোৰ গিল্ডফোৰ্ড ক্ৰেচেণ্টৰ ৱেণ্ডটৱৰ্থলৈ যায়। পৰিয়ালটোৱে ১৯৪৬ চনলৈ বাস কৰা ৱেণ্ডটৱৰ্থত তেওঁলোকৰ কন্যা সুনেথ্ৰা (১৯৪৩) আৰু চন্দ্ৰিকা (১৯৪৫)ৰ জন্ম হৈছিল, আৰু পিছত এছ.ডব্লিউ.আৰ.ডি.ৰ পিতৃয়ে তেওঁলোকক কলম্বোৰ ৰছমিড প্লেচত “টিনটেগেল’’ নামেৰে জনাজাত এটা অট্টালিকা কিনি দিছিল।[19][20] এইখিনি সময়ৰ পৰা পৰিয়ালটোৱে বছৰৰ কিছু সময় টিনটেগেলত আৰু বছৰৰ আন কিছু সময় এছ.ডব্লিউ.আৰ.ডি. পৈতৃক হাউলীত কটাইছিল৷[21] টিনটেগেলত ১৯৪৯ চনত পুত্ৰ অনুৰা বন্দৰনাইকেৰ জন্ম হৈছিল৷[22] পিছৰ ২০ বছৰত ছিৰিমা বন্দৰনাইকে নিজৰ বেছিভাগ সময় পৰিয়ালক লালন-পালন কৰাৰ লগতে স্বামীৰ বহু ৰাজনৈতিক অতিথিক আতিথ্য প্ৰদানৰ বাবে উচৰ্গা কৰিছিল।[3]

বন্দৰনাইকেৰ তিনিওটা ল’ৰা-ছোৱালীয়ে বিদেশত পঢ়া-শুনা কৰিছিল। সুনেত্ৰাই অক্সফৰ্ড, চন্দ্ৰিকাই পেৰিছ বিশ্ববিদ্যালয় আৰু অনুৰাই লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। সকলোৱে পিছলৈ ঘূৰি আহি শ্ৰীলংকা চৰকাৰত সেৱা আগবঢ়ায়।[23]

১৯৪১ চনত বন্দৰনাইকেই দেশৰ সৰ্ববৃহৎ মহিলা স্বেচ্ছাসেৱী সংগঠন লংকা মহিলা সমিতিত যোগদান কৰে। গ্ৰাম্য মহিলাৰ সৱলীকৰণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে মহিলা সমিতিয়ে আৰম্ভ কৰা বহু সামাজিক প্ৰকল্পত তেওঁ অংশগ্ৰহণ কৰিছিল।[3][17] তেওঁৰ প্ৰথম প্ৰকল্পসমূহৰ ভিতৰত এটা আছিল, খাদ্য উৎপাদনৰ নাটনি পূৰণৰ বাবে আৰম্ভ কৰা কৃষি কাৰ্যসূচী। সংস্থাটোৰ সম্পাদিকা হিচাপে তেওঁৰ প্ৰথম কাৰ্যালয়ত কৃষি বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰি ধান শস্যৰ উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন কৰা হৈছিল।[17] সময়ৰ লগে লগে বন্দৰনাইকেই মহিলা সমিতিৰ কোষাধ্যক্ষ, উপ-সভাপতি, আৰু শেষত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; ছোৱালীৰ শিক্ষা, মহিলাৰ ৰাজনৈতিক অধিকাৰ, পৰিয়াল পৰিকল্পনা আদি বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল।[3] তেওঁ অল চিলন বুদ্ধিষ্ট ৱ’মেন এছোচিয়েছন, কেন্সাৰ ছ'চাইটি, চিলন নেচনেল এছ'চিয়েচন ফৰ দ্য প্ৰিভেনচন অৱ টিউবাৰকুলোচিচ আৰু নাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েচনৰ সদস্য আছিল।[24]

বন্দৰনাইকেই প্ৰায়ে এছ.ডব্লিউ.আৰ.ডি.ৰ স্থানীয় আৰু বিদেশ উভয়তে চৰকাৰী ভ্ৰমণত সংগদান কৰিছিল।[3] ১৯৪২ চনত ইষ্টাৰ দেওবাৰৰ অভিযানৰ দিনা শ্ৰীলংকাৰ আংগোডাস্থিত মনোৰোগ চিকিৎসালয়ত জাপানীসকলে বোমা বিস্ফোৰণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ স্বামী দুয়োজনেই তাত উপস্থিত হৈছিল।[22][25] ১৯৪৭ চনত চিলনে শ্ৰীলংকাৰ স্বাধীনতা আন্দোলনৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে এছ.ডব্লিউ.আৰ.ডি. জাতীয়তাবাদী আন্দোলনত অধিক সক্ৰিয় হৈ পৰিল। তেওঁ আট্টানাগলা নিৰ্বাচনী সমষ্টিৰ পৰা সদনৰ প্ৰতিনিধিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল – আৰু নিৰ্বাচিত হৈছিল।[26] তেওঁ স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰি শ্ৰীলংকাৰ সদনৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু সংযুক্ত ৰাষ্ট্ৰীয় দলৰ আভ্যন্তৰীণ কাম-কাজ আৰু নীতিৰ প্ৰতি ক্ৰমান্বয়ে হতাশ হৈ পৰিছিল।[27] যদিও তেওঁ বন্দৰনাইকেক ৰাজনৈতিক বিষয়ত জড়িত হ’বলৈ উৎসাহিত কৰা নাছিল আৰু সহকৰ্মীসকলৰ সম্মুখত তেওঁৰ “পুৰুষবাদ’’ দেখুৱাইছিল, এছ.ডব্লিউ.আৰ.ডি.য়ে বন্দৰনাইকেৰ বিচাৰক সন্মান কৰিছিল৷[6][13] ১৯৫১ চনত তেওঁ স্বামীক ইউনাইটেড নেচনেল পাৰ্টিৰ পৰা পদত্যাগ কৰি শ্ৰীলংকা ফ্ৰিডম পাৰ্টি( SLFP) প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰে৷[1][13] বন্দৰনাইকেই ১৯৫২ চনৰ চিল'নৰ সংসদীয় নিৰ্বাচনৰ সময়ত এছ.ডব্লিউ.আৰ.ডি.ৰ আট্টানাগালা সমষ্টিত প্ৰচাৰ চলাইছিল, আনহাতে তেওঁ সমৰ্থন লাভ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল।[1] যদিও সেই নিৰ্বাচনত ফ্ৰিডম পাৰ্টিয়ে মাত্ৰ ৯খন আসনহে লাভ কৰিছিল, তথাপি এছ.ডব্লিউ.আৰ.ডি. সংসদলৈ নিৰ্বাচিত হয়[1] আৰু বিৰোধীৰ নেতা হয়।[28]

তেওঁৰ তিনি সন্তান সুনেথ্ৰা, চন্দ্ৰিকা আৰু অনুৰাৰ সৈতে বন্দৰনাইকে

১৯৫৬ চনত যেতিয়া প্ৰধানমন্ত্ৰী ছাৰ জন কোটেলাৱালাই নতুন নিৰ্বাচন আহ্বান কৰিছিল, তেতিয়া এছ.ডব্লিউ.আৰ.ডি.য়ে ১৯৫৬ চনৰ চিল'নৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ “মহাজন এক্সাথ পেৰামুনা’’(এমইপি) নামৰ এটা বহল চাৰিদলীয় মিত্ৰজোঁট গঠন কৰে।[29] বন্দৰনাইকে পুনৰবাৰ স্বামীৰ হৈ আট্টানাগল্লাত, নিজৰ গৃহ চহৰ বালাংগোডাত আৰু ৰত্নপুৰাত ফ্ৰিডম পাৰ্টিৰ বাবে প্ৰচাৰ চলাইছিল।[30] “মহাজন এক্সাথ পেৰামুনা’’ই বৃহৎ জয় লাভ কৰে আৰু এছ.ডব্লিউ.আৰ.ডি. প্ৰধানমন্ত্ৰী হৈছিল।[29] ১৯৫৭ চনত মালয়েছিয়াৰ স্বাধীনতা দিৱসলৈ চৰকাৰী ভ্ৰমণৰ সময়ত বন্দৰনাইকেৰ পিতৃ হাৰ্ট এটেকৰ ফলত গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ পোৱাত দম্পতীহালে নিজৰ ভ্মণসূচীৰ সময় কৰ্তন কৰিবলগীয়া হয়। তেওঁলোকৰ খৰখেদাকৈ উভতি অহাৰ দুসপ্তাহৰ পিছত পিতাকৰ মৃত্যু হয়।[31]

১৯৫৯ চনৰ ২৫ ছেপ্টেম্বৰৰ পুৱা বন্দৰনাইকেই ৰছমিড প্লেচৰ ঘৰত থকা সময়ত, পৰম্পৰাগত চিকিৎসাৰ প্ৰতি সমৰ্থনৰ অভাৱ বুলি বিশ্বাস কৰা এক বৌদ্ধ সন্ন্যাসীয়ে তেওঁৰ স্বামীক কেইবাজাঁয়ো গুলীৰে হত্যা কৰিছিল[21][32][28] বন্দৰনাইকেই স্বামীৰ লগত চিকিৎসালয়লৈ যায়, য'ত পিছদিনা গুলীৰ আঘাততে তেওঁৰ মৃত্যু হয়।[13] এই ৰাজনৈতিক বিশৃংখলতাৰ মাজত উইজেয়ানন্দ দহানায়কেৰ তত্ত্বাৱধায়ক চৰকাৰে বহু কেবিনেট মন্ত্ৰীক আঁতৰাই পেলায়, আৰু কিছুমানক গ্ৰেপ্তাৰ কৰি হত্যাৰ বাবে বিচাৰ কৰা হয়।[15][21] মহাজন এক্সাথ পেৰমুনা মিত্ৰজোঁটৰ এছ.ডব্লিউ.আৰ.ডিৰ প্ৰভাৱ নোহোৱাত পতন ঘটে আৰু আট্টানাগালা সমষ্টিৰ আসনখন পূৰণ কৰিবলৈ ১৯৬০ৰ মাৰ্চত চিল'নৰ সংসদীয় নিৰ্বাচনৰ আহ্বান জনোৱা হয়।[6][15] বন্দৰনাইকেই অনিচ্ছা সত্ত্বেও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হয়, কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই সংসদ ভংগ কৰা হয়,[6][33] আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়৷[33][34] ১৯৬০ চনৰ মাৰ্চ মাহত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়া ইউনাইটেড নেচনেল পাৰ্টিয়ে চাৰিখন আসনত জয়লাভ কৰে -শ্ৰীলংকা ফ্ৰিডম পাৰ্টিৰ আসনৰ সংখ্যাগৰিষ্ঠতাৰ ওপৰত ডুডলী সেনানায়কেই, নতুন প্ৰধানমন্ত্ৰী হয়, এমাহৰ ভিতৰতে আস্থাৰ ভোটত পৰাস্ত হয় আৰু ১৯৬০ৰ জুলাইত দ্বিতীয়টো সাধাৰণ সংসদীয় নিৰ্বাচন আহ্বান কৰা হয়৷[33][15]

ৰাজনৈতিক জীৱন

কলম্বোৰ পুৰণি সংসদ ভৱন, য'ত ১৯৪৭ চনৰ পৰা প্ৰতিনিধি সদনৰ বৈঠক বহিছিল

১৯৬০ চনৰ মে’ মাহত বন্দৰনাইকেক ফ্ৰিডম পাৰ্টিৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি নিৰ্বাচিত কৰে যদিও সেই সময়ত তেওঁ জুলাই মাহৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা-নকৰা সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাছিল৷[34] কমিউনিষ্ট আৰু ট্ৰটস্কিষ্টৰ সৈতে পূৰ্বৰ দলীয় সম্পৰ্কক অস্বীকাৰ কৰি জুন মাহৰ আৰম্ভণিলৈকে তেওঁ স্বামীৰ নীতিসমূহ আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰ চলাইছিল – বিশেষকৈ, গণৰাজ্য প্ৰতিষ্ঠা কৰা, সিংহল ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আইন প্ৰণয়ন কৰা, আৰু বৌদ্ধ ধৰ্মৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰা৷..যদিও খিলঞ্জীয়া তামিলসকলে নিজৰ ভাষা আৰু হিন্দু ধৰ্মীয় বিশ্বাসক সহ্য কৰিছিল৷[15][35][36] যদিও যুগ যুগ ধৰি দেশখনত তামিল জনসংখ্যা আছিল,[37] থলুৱা তামিলৰ অধিকাংশকে ব্ৰিটিছ কৰ্তৃপক্ষই ভাৰতৰ পৰা বাগিচাৰ শ্ৰমিক হিচাপে চিলনলৈ আনিছিল। চিলনবাসীৰ বেছিভাগ লোকে তেওঁলোকক অস্থায়ী অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰিছিল, যদিও তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চিলনত বাস কৰিছিল। চিলনৰ স্বাধীনতাৰ লগে লগে চিলনৰ ১৯৪৮ চনৰ নাগৰিকত্ব আইনে এই ভাৰতীয় তামিলসকলক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিলে, যাৰ ফলত তেওঁলোক ৰাষ্ট্ৰহীন হৈ পৰিল।[38] ৰাষ্ট্ৰহীনৰ প্ৰতি তামিলসকলৰ S.W.R.D.ৰ নীতি মধ্যমীয়া আছিল, কিছু নাগৰিকত্ব প্ৰদান কৰিছিল আৰু উৎপাদনশীল শ্ৰমিকক থাকিবলৈ দিছিল। তেওঁৰ উত্তৰাধিকাৰী ডুডলী সেনানাইকেই প্ৰথমে জনসাধাৰণৰ বাবে বাধ্যতামূলক প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ দিছিল।[39] বন্দৰনাইকে দেশ ভ্ৰমণ কৰি আৱেগিক ভাষণ দিছিল আৰু সঘনাই কান্দি কান্দি প্ৰয়াত স্বামীৰ নীতি আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ এই কাৰ্যৰ বাবে তেওঁক বিৰোধীসকলে "কান্দুৰী বিধৱা" উপাধি দিছিল৷[40][41]

প্ৰথম মহিলা প্ৰধানমন্ত্ৰী(১৯৬০-১৯৬৫)

১৯৬২ চনত এছ'চিয়েটেড প্ৰেছে "প্ৰাৰ্থনা প্ৰিমিয়াৰ" বুলি বৰ্ণনা কৰা এখন ফটোত প্ৰাৰ্থনা কৰি থকা বন্দৰনাইকে

১৯৬০ চনৰ ২১ জুলাইত ফ্ৰিডম পাৰ্টিৰ বৃহৎ বিজয়ৰ পিছত বন্দৰনাইকেই বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে।[42][43] যিহেতু তেওঁ সেই সময়ত সংসদৰ নিৰ্বাচিত সদস্য নাছিল, বৰঞ্চ সংসদত সংখ্যাগৰিষ্ঠতা থকা দলৰ নেত্ৰীহে আছিল, সেয়েহে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ হ’লে তিনি মাহৰ ভিতৰত সংসদৰ সদস্য হ’ব লাগিব বুলি সংবিধানত উল্লেখ কৰা আছিল। সেয়ে, তেওঁৰ বাবে ঠাই আজৰাই দিবলৈ “মানামেলডুৰা পিয়াদাছা ডি জোইছা’’ই চিনেটৰ আসনৰ পৰা পদত্যাগ কৰে।[33][44] ১৯৬০ চনৰ ৫ আগষ্টত গৱৰ্ণৰ জেনেৰেল গুনেটিলেকেই বাণ্ডাৰনাইকেক সংসদৰ উচ্চ সদন চিলনৰ চেনেটত নিযুক্তি দিয়ে।[33]

প্ৰথম অৱস্থাত তেওঁ নিজৰ কেবিনেটৰ সদস্য আৰু ভতিজা ফেলিক্স ডায়েছ বন্দৰনাইকেৰ ওপৰত নিৰ্ভৰ কৰি দেশখনে সম্মুখীন হোৱা সমস্যাসমূহৰ মাজেৰে আগবাঢ়িবলৈ সংগ্ৰাম কৰিছিল।[45] বিৰোধীসকলে তেওঁৰ এই কাৰ্যক "পাকঘৰৰ কেবিনেট" বুলি অৱজ্ঞাসূচক মন্তব্য কৰিছিল; তেওঁ কাৰ্যভাৰ চলাই থকাৰ সময়তো একেধৰণৰ যৌনতাবাদৰ সম্মুখীন হ'ব লগা হৈছিল।[43]

অৰ্থনীতিৰ মূল খণ্ডসমূহ ৰাষ্ট্ৰীয়কৰণৰ স্বামীৰ নীতিক আগুৱাই নিবলৈ বন্দৰনাইকেই ৰাজহুৱা-ব্যক্তিগত শ্বেয়াৰহোল্ডাৰৰ সৈতে এটা নিগম স্থাপন কৰে আৰু সাতখন কাকতৰ নিয়ন্ত্ৰণ লয়।[15] তেওঁ বেংকিং, বৈদেশিক বাণিজ্য আৰু বীমা,[43] লগতে পেট্ৰলিয়াম উদ্যোগকো ৰাষ্ট্ৰীয়কৰণ কৰে। বেংক অৱ চিলনৰ দায়িত্ব লোৱা আৰু নতুনকৈ সৃষ্টি হোৱা পিপলছ বেংকৰ শাখা স্থাপন কৰাৰ সময়ত বন্দৰনাইকেই পূৰ্বতে কোনো বেংকিং সুবিধা নথকা সম্প্ৰদায়সমূহক সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈছিল, যাৰ ফলত স্থানীয় ব্যৱসায়িক বিকাশৰ সূচনা হৈছিল।[46]

১৯৬০ চনৰ ডিচেম্বৰ মাহত বন্দৰনাইকেই ৰাজ্যিক পুঁজি লাভ কৰা সকলো খৃষ্ট ধৰ্মীয় বিদ্যালয় ৰাষ্ট্ৰীয়কৰণ কৰে।[33][47] তেনেকৈ তেওঁ অৰ্থনৈতিক আৰু ৰাজনৈতিক অভিজাত শ্ৰেণীৰ সদস্য হোৱাৰ প্ৰৱণতা থকা কেথলিক সংখ্যালঘুসকলৰ প্ৰভাৱ কমাই দিছিল আৰু বৌদ্ধ গোটসমূহৰ প্ৰভাৱ বৃদ্ধি কৰিছিল।[46][48]

১৯৬১ চনৰ জানুৱাৰী মাহত বন্দৰনাইকেই ইংৰাজীৰ ঠাইত সিংহল ভাষাক চৰকাৰী ভাষা কৰিবলৈ আইন প্ৰণয়ন কৰে। এই কাৰ্যই ২০ লাখতকৈ অধিক জনসংখ্যাৰ তামিল ভাষীসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।[33][49] ফেডাৰেল পাৰ্টিৰ সদস্যসকলৰ আহ্বানত তামিল সংখ্যাগৰিষ্ঠতা থকা প্ৰদেশসমূহত নাগৰিকৰ আইন অমান্য অভিযান আৰম্ভ হয়। বন্দৰনাইকেৰ সঁহাৰি আছিল, জৰুৰীকালীন অৱস্থা ঘোষণা কৰা আৰু শান্তি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সৈন্য প্ৰেৰণ কৰা।[49]

১৯৬১ চনৰ পৰাই ট্ৰেড ইউনিয়নসমূহে উচ্চ মুদ্ৰাস্ফীতি আৰু কৰৰ প্ৰতিবাদত ধাৰাবাহিকভাৱে ধৰ্মঘট আৰম্ভ কৰিছিল। তেনে এটা ধৰ্মঘটে পৰিবহণ ব্যৱস্থাক স্থবিৰ কৰি তুলিছিল, যাৰ ফলত বান্দৰনাইকে পৰিবহণ ব'ৰ্ডক ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ ঠিক কৰিছিল।[50]

১৯৬২ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠিত অভিজাত শ্ৰেণীৰ মাজত সংঘাতৰ সৃষ্টি হয়; প্ৰধানকৈ সোঁপন্থী পশ্চিমীয়া ধৰণৰ নগৰীয়া খ্ৰীষ্টান – ধনীক আৰু তামিলৰ বৃহৎ দলকে ধৰি – উদীয়মান থলুৱা অভিজাত শ্ৰেণীৰ মাজত; যিসকল প্ৰধানকৈ বাওঁপন্থী সিংহলভাষী বৌদ্ধ আছিল।[51][52] বন্দৰনাইকেৰ নীতিৰ ফলত হোৱা পৰিৱৰ্তনে ইংৰাজ সমৰ্থিত শ্ৰেণী ব্যৱস্থা, ক্ষমতাৰ গাঁথনি আৰু শাসন ব্যৱস্থাৰ পৰা তাৎক্ষণিকভাৱে আঁতৰি যোৱাৰ প্ৰৱণতাৰ সৃষ্টি কৰে, যাৰ ফলত অসামৰিক সেৱা, সশস্ত্ৰ বাহিনী আৰু আৰক্ষীৰ বিষয়া গাঁথনি গঠনত যথেষ্ট প্ৰভাৱ পৰিল।[51]

কিছুমান সামৰিক বিষয়াই অভ্যুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, য’ত বন্দৰনাইকে আৰু তেওঁৰ কেবিনেট সদস্যসকলক সেনা মুখ্য কাৰ্যালয়ত আটক কৰাৰ পৰিকল্পনা কৰা হৈছিল। যেতিয়া আৰক্ষী বিষয়া ষ্টেনলি সেনানাইকেক অভ্যুত্থানৰ নেতৃত্বৰ আস্থাত লোৱা হৈছিল, তেতিয়া তেওঁৰ শহুৰেক পেট্ৰিক ডি ছিলভা কুলাৰাত্নেই আই জি পিক এই কথা জনাইছিল। লগে লগে সকলো সেৱা অধিনায়ক আৰু কনিষ্ঠ বিষয়াক টেম্পল ট্ৰিছত জৰুৰীকালীনভাৱে সভালৈ মাতি ফেলিক্স ডায়েছ বন্দৰনাইকে আৰু অপৰাধ তদন্ত বিভাগৰ (চিআইডি) সদস্যসকলে সামৰিক কৰ্মীসকলক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে আৰু এই চক্ৰান্ত উন্মোচন কৰে।[52]

যিহেতু অভ্যুত্থান আৰম্ভ হোৱাৰ আগতেই ধৰা পেলোৱা হৈছিল, সেয়েহে ২৪ জন অভিযুক্ত ষড়যন্ত্ৰকাৰীৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া আৰু জটিল হৈছিল। পুৰ্ববৰ্তী ১৯৬২ চনৰ অপৰাধ আইন বিশেষ বিধান আইনমতে, “নেদেখা অথচ শুনা’’ প্ৰমাণ বিবেচনা কৰাৰ অনুমতি দিছিল, ষড়যন্ত্ৰকাৰীসকলক দোষী সাব্যস্ত কৰাত সহায়ক হোৱাকৈ আইন গৃহীত কৰা হৈছিল।[51] যদিও গৱৰ্ণৰ জেনেৰেল ছাৰ অলিভাৰ গুণতিলকেৰ বিৰুদ্ধে উৰাবাতৰি প্ৰচাৰ হৈছিল, তথাপি তেওঁৰ বিৰুদ্ধে কোনো প্ৰকৃত প্ৰমাণ নাছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ কোনো উপায় নাছিল। তেওঁক “কাৰ্যৰ পৰা অপসাৰণ কৰা হোৱা নাছিল’’ আৰু পদত্যাগো কৰা নাছিল।[53] তেওঁৰ প্ৰতি স্থিতি সলনি কৰাৰ পিছত তেওঁৰ বিষয়ে কৰা সন্দেহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সন্মত হৈছিল।[54] ফেব্ৰুৱাৰী মাহত বন্দৰনাইকেৰ খুড়াক, উইলিয়াম গোপল্লৱাক গৱৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হয়৷[55] গুণতিলকেক বিমানবন্দৰলৈ লৈ যোৱা হয় আৰু চিলন এৰি স্বেচ্ছামূলক নিৰ্বাসনলৈ যায়৷[52]

১৯৬১ চনত বন্দৰনাইকে

পূব–পশ্চিমৰ স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা আৰু নিৰপেক্ষতা বজাই ৰখাৰ প্ৰয়াসত বন্দৰনাইকেই চীনৰ সৈতে দেশখনৰ সম্পৰ্ক শক্তিশালী কৰিছিল; আনহাতে ইজৰাইলৰ সৈতে সম্পৰ্ক নাইকিয়া কৰিছিল। ভাৰত আৰু ৰাছিয়া উভয়ৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কাম কৰিছিল, একে সময়তে শ্ৰীলংকাৰ চাহ ৰপ্তানিৰ জৰিয়তে ব্ৰিটিছ স্বাৰ্থৰ সৈতে সম্পৰ্ক ৰাখিছিল আৰু বিশ্ব বেংকৰ সংযোগক সমৰ্থন কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য নীতিক নিন্দা কৰি বন্দৰনাইকেই অন্যান্য আফ্ৰিকান ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত নিযুক্তি দি তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰিছিল।[50] ১৯৬১ চনত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ প্ৰধানমন্ত্ৰী সন্মিলন আৰু বেলগ্ৰেডত হোৱা নন-এলাইম মুভমেণ্টৰ ১ম শীৰ্ষ সন্মিলন-দুয়োটাতে অংশগ্ৰহণ কৰে; এছ এফ আৰ যুগোস্লাভিয়াই শ্ৰীলংকা আৰু নন-এলাইন মুভমেণ্টক নন-এলাইন মুভমেণ্টৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য কৰি তুলিছে৷[42]

১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ পিছত উদ্ভৱ হোৱা ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ সম্পৰ্কে ভাৰত আৰু চীনৰ উত্তেজনা হ্ৰাস কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[45] সেই বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বন্দৰনাইকেই বাৰ্মা, কম্বোডিয়া, চিলন, ঘানা আৰু সংযুক্ত আৰব গণৰাজ্যৰ প্ৰতিনিধিৰ সৈতে কলম্বোত সন্মিলন আহ্বান কৰি এই বিবাদৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছত তেওঁ ঘানাৰ আইন মন্ত্ৰী কফি অফোৰি-আটাৰ সৈতে ভাৰত আৰু চীনৰ পেকিং ভ্ৰমণ কৰি শান্তিৰ বাবে মধ্যস্থতা কৰাৰ প্ৰয়াস কৰে।[42][56] ১৯৬৩ চনৰ জানুৱাৰী মাহত বন্দৰনাইকে আৰু অৰোফি-আটাক নতুন দিল্লীত পুৰস্কৃত কৰা হয়, যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বন্দৰনাইকেই পোষকতা কৰা সমস্যা সমাধানৰ পৰামৰ্শ ভাৰতীয় সংসদত প্ৰস্তাৱ আগবঢ়াবলৈ সন্মত হয়।[56]

নিজ দেশত সমস্যা বাঢ়ি আহিছিল। বিদেশত সফলতা লাভ কৰাৰ পিছতো বন্দৰনাইকেই চীনৰ সৈতে সম্পৰ্ক আৰু অৰ্থনৈতিক উন্নয়ন নীতিৰ অভাৱৰ বাবে সমালোচনা কৰা হৈছিল। সিংহল ভাষী চিল’ন বৌদ্ধসকলৰ প্ৰতি চৰকাৰৰ আপাত পক্ষপাতিত্বক লৈ তেতিয়াও উত্তেজনা চলি আছিল। মুদ্ৰাস্ফীতিৰ ফলত আমদানি-ৰপ্তানিৰ ভাৰসাম্যহীনতাই মধ্যবিত্ত আৰু নিম্নবৰ্গৰ নাগৰিকৰ ক্ৰয় ক্ষমতাত প্ৰভাৱ পেলাইছিল। মাজভাগৰ উপ-নিৰ্বাচনত বন্দাৰনাইকেই সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ইউনাইটেড নেচনেল পাৰ্টিয়ে অধিক আসন পোৱাত তেওঁৰ সমৰ্থন হেৰাই যোৱাৰ ইংগিত দিয়ে৷[57][58]

কঠোৰ ব্যৱস্থাৰ প্ৰতি সমৰ্থনৰ অভাৱ, বিশেষকৈ পৰ্যাপ্ত পৰিমাণৰ চাউল – মূল খাদ্যৰ – আমদানি কৰিব নোৱাৰাৰ বাবেই মন্ত্ৰী ফেলিক্স ডায়েছ বন্দৰনাইকে পদত্যাগ কৰে।[57][59] চিলন পেট্ৰলিয়াম কৰ্প’ৰেশ্যন গঠনৰ পিছত ছোভিয়েট বাণিজ্যিক অংশীদাৰিত্বৰ দিশত ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ প্ৰয়াসত আন কেবিনেট মন্ত্ৰীসকলক পুনৰ নিযুক্তি দিয়া হয়।[60] মধ্যপ্ৰাচ্যৰ তেল আমদানিৰ ওপৰত জাপি দিয়া একচেটিয়া মূল্য নিৰ্ধাৰণক উপেক্ষা কৰিবলৈ ১৯৬১ চনত পেট্ৰলিয়াম কৰ্পৰেশ্যন আৰম্ভ কৰা হৈছিল, যাৰ ফলত চিলনে সংযুক্ত আৰব গণৰাজ্য আৰু ছোভিয়েট ইউনিয়নৰ পৰা তেল আমদানি কৰিব পাৰিছিল। পশ্চিমীয়া তেল উদ্যোগী কিছুমানৰ সৈতে মজুতকৰণৰ সুবিধাৰ বাবে ক্ষতিপূৰণ চুক্তি কৰা হৈছিল যদিও, ধন নিদিয়াৰ বাবে বিবাদ অব্যাহত থকাৰ ফলত ১৯৬৩ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ পৰা বিদেশী সাহায্য স্থগিত ৰখা হয়। সাহায্য স্থগিত ৰখাৰ প্ৰতিক্ৰিয়াস্বৰূপে জানুৱাৰী মাহৰ পৰা দেশৰ বেছিভাগ তৈল সামগ্ৰীৰ সকলো বিতৰণ, আমদানি-ৰপ্তানি, বিক্ৰী আৰু যোগানৰ ৰাষ্ট্ৰীয়কৰণ কৰা চিলন পেট্ৰলিয়াম কৰ্প'ৰেশ্যন সংশোধনী আইন ১৯৬৪ চনত সংসদে গৃহীত কৰে।[61]

১৯৬৪ চনত বন্দৰনাইকেৰ চৰকাৰে স্বতন্ত্ৰ চিলন অসামৰিক সেৱা বিলুপ্ত কৰি তাৰ ঠাইত চিলন প্ৰশাসনিক সেৱা স্থাপন কৰে, যিটো চৰকাৰী প্ৰভাৱৰ অধীনত আছিল।[62] ১৯৬৩ চনৰ শেষৰ ফালে যেতিয়া কমিউনিষ্ট, বিপ্লৱী সমাজবাদী আৰু ট্ৰটস্কিবাদী দলৰ মাজত সংযুক্ত বাওঁপন্থী মিত্ৰজোঁট গঠন কৰা হয়,[63] বন্দৰনাইকেই তেওঁলোকৰ সমৰ্থন লাভৰ চেষ্টাত বাওঁপন্থালৈ গুচি যায়।[64][63] ১৯৬৪ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ প্ৰধানমন্ত্ৰী ঝৌ এনলাইয়ে চিলনত বন্দৰনাইকেক সাক্ষাৎ কৰে আৰু সাহায্যৰ প্ৰস্তাৱ, ধান আৰু বস্ত্ৰ উপহাৰ আৰু বাণিজ্য বৃদ্ধিৰ বাবে আলোচনা কৰে।[65] দুয়োজনে চীন-ভাৰতৰ সীমা বিবাদ আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বিষয়েও আলোচনা কৰে।[66] চীনৰ সৈতে সম্পৰ্ক আকৰ্ষণীয় আছিল, কিয়নো বন্দৰনাইকেই শেহতীয়াকৈ পূব জাৰ্মানীক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ ফলত পশ্চিম জাৰ্মানীৰ পৰা অহা সাহায্য নাইকিয়া হৈ পৰিছিল[65] আৰু বীমা উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণে অষ্ট্ৰেলিয়া, ব্ৰিটেইন আৰু কানাডাৰ সৈতে তেওঁৰ সম্পৰ্কত প্ৰভাৱ পেলাইছিল।[67]

দ্বিতীয়খন নন-এলাইন কনফাৰেন্সৰ প্ৰস্তুতিৰ বাবে বন্দৰনাইকেই ১৯৬৪ চনৰ মাৰ্চ মাহত কলম্বোত ৰাষ্ট্ৰপতি টিটো আৰু নাছেৰক আতিথ্য প্ৰদান কৰে,[42] কিন্তু ঘৰুৱা অশান্তিৰ অব্যাহত থকাৰ বাবে তেওঁ জুলাইলৈকে সংসদীয় অধিৱেশন স্থগিত ৰাখে। ইয়াৰ মাজতে তেওঁ ইউনাইটেড লেফ্ট ফ্ৰণ্টৰ সৈতে মিত্ৰতাত যোগদান কৰে আৰু মাত্ৰ তিনিখন আসনৰ ব্যৱধানত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।[64]

ছিৰিমা-শাস্ত্ৰী পেক্ট

১৯৬৪ চনৰ ছেপ্টেম্বৰ মাহত বন্দৰনাইকেৰ নেতৃত্বত ভাৰতলৈ গৈ চিলনত বাস কৰা ৯ লাখ ৭৫ হাজাৰ ৰাষ্ট্ৰহীন তামিলক ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সৈতে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ এক উল্লেখযোগ্য বৈদেশিক নীতিৰ চুক্তি ছিৰিমাভো-শাস্ত্ৰী চুক্তিৰ চৰ্তসমূহ সম্পূৰ্ণ কৰি উলিয়াইছিল।[42][68] এই চুক্তিৰ অধীনত চিলনে ৩ লাখ তামিল আৰু তেওঁলোকৰ বংশধৰক নাগৰিকত্ব প্ৰদান কৰাৰ বিপৰীতে ভাৰতে ৫ লাখ ২৫ হাজাৰ ৰাষ্ট্ৰহীন তামিলক দেশলৈ ঘূৰাই পঠিয়াব লাগিছিল। নিজৰ বাধ্যবাধকতা সম্পূৰ্ণ কৰিবলৈ আবণ্টিত ১৫ বছৰৰ ভিতৰত উভয়পক্ষই বাকী ১৫০,০০০ বাবে চৰ্তসমূহৰ আলোচনা কৰিবলৈ সন্মত হয়।[68] অক্টোবৰ মাহত বন্দৰনাইকেই কায়ৰোত অনুষ্ঠিত হোৱা নন-এলাইনড কনফাৰেন্সত অংশগ্ৰহণ কৰে আৰু সহ-পৃষ্ঠপোষকতা কৰে।[42]

১৯৬৪ চনৰ ডিচেম্বৰ মাহত তেওঁৰ ইউনাইটেড ফ্ৰণ্ট চৰকাৰে দেশৰ বাতৰি কাকতসমূহক ৰাষ্ট্ৰীয়কৰণৰ প্ৰয়াসত "প্ৰেছ টেক অভাৰ বিল" উত্থাপন কৰে। বিৰোধী আৰু বন্দৰনাইকেৰ সমালোচনকসকলে দাবী কৰিছিল যে, এই পদক্ষেপ মুক্ত সংবাদ মাধ্যমৰ মুখ বন্ধ কৰি তেওঁৰ প্ৰধান সমালোচক, এছ’চিয়েটেড নিউজপেপাৰছ অৱ চিলন লিমিটেডৰ ওপৰত আঘাত হানি মিডিয়া বেৰন এচমণ্ড বিক্ৰমসিংঘেৰ ওপৰত আঘাত হানিছে। ইয়াৰ উত্তৰত বিক্ৰমসিংঘে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰিবলৈ অভিযান চলায়। ১৯৬৪ চনৰ ৩ ডিচেম্বৰত “চি পি ডি চিলভা’’, যি এসময়ত এছ ডব্লিউ আৰ ডি বন্দৰনাইকেৰ ডেপুটি আছিল, তেওঁ তেৰজন এছ এল এফ পি সংসদ সদস্যৰ নেতৃত্ব দি প্ৰেছ টেক অভাৰ বিলৰ উদ্ধৃতি দি বিৰোধীৰ ওচৰলৈ গৈছিল। ছিৰিমা বন্দৰনাইকেৰ চৰকাৰে ৰাজকীয় ভাষণৰ ওপৰত হোৱা ভোটত মাত্ৰ এটা ভোটত পৰাস্ত হয় আৰু ১৯৬৫ চনৰ মাৰ্চ মাহত সাধাৰণ নিৰ্বাচনৰ আহ্বান জনোৱা হয়।[69][70][71][67] ১৯৬৫ চনৰ চিলন সংসদীয় নিৰ্বাচনত তেওঁৰ ৰাজনৈতিক মিত্ৰজোঁট পৰাস্ত হয় আৰু প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্ত পৰে।[50]

বিৰোধী দলৰ নেতৃত্ব, (১৯৬৫-১৯৭০)

১৯৬৫ চনৰ নিৰ্বাচনত বন্দৰনাইকেই আট্টানাগল্লা নিৰ্বাচনী সমষ্টিৰ পৰা হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ এখন আসন লাভ কৰে।[72][73] তেওঁৰ দলটোৱে ৪১খন আসন লাভ কৰাৰ লগে লগে[74] তেওঁ বিৰোধীৰ নেত্ৰী হয়, তেৱেঁই এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।[42][75] ১৯৬৫ চনৰ ২৫ মাৰ্চত ডুডলী সেনানাইকেই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[74]

ইয়াৰ কিছু সময়ৰ পিছতে বন্দৰনাইকেৰ সংসদৰ সদস্য পদৰ প্ৰত্যাহ্বান আহি পৰে, যেতিয়া অভিযোগ উত্থাপন কৰা হয় যে, তেওঁৰ কাৰ্যকালত তেওঁ উৎকোচ হিচাপে গাড়ী গ্ৰহণ কৰিছিল। ইয়াৰ তদন্তৰ বাবে এখন কমিটী নিযুক্তি দিয়া হয় আৰু পিছত তেওঁক অভিযোগৰ পৰা মুক্ত কৰা হয়।[76][77]

বিৰোধী দলৰ পাঁচ বছৰীয়া কাৰ্যকালত তেওঁ বাওঁপন্থী দলৰ সৈতে মিত্ৰতা বজাই ৰাখিছিল।[78] ১৯৬৬ চনৰ নৱেম্বৰৰ পৰা ১৯৬৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হোৱা সাতটা উপ-নিৰ্বাচনৰ ভিতৰত বান্দৰনাইকেৰ নেতৃত্বত বিৰোধীয়ে ছয়টাত জয়লাভ কৰে।[77] অব্যাহত থকা মুদ্ৰাস্ফীতি, বাণিজ্যিক ভাৰসাম্যহীনতা, নিবনুৱা সমস্যা আৰু আশা কৰা ধৰণৰ বিদেশী সাহায্য বাস্তৱায়িত নোহোৱাত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ইয়াত অধিক ইন্ধন যোগাইছিল কঠোৰ অৰ্থনৈতিক নীতিয়ে, যাৰ ফলত সাপ্তাহিক চাউলৰ সাহায্য হ্ৰাস পাইছিল[79]। ১৯৬৯ চনত বন্দৰনাইকেই ক্ষমতালৈ ঘূৰি আহিবলৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল।[80][81] আন আন প্ৰতিশ্ৰুতিৰ লগতে তেওঁ প্ৰতিটো পৰিয়াললৈ দুটা হিচাপত চাউল দিয়া,[82] বিদেশী বেংক আৰু আমদানি-ৰপ্তানি উদ্যোগক ৰাষ্ট্ৰীয়কৰণ কৰা, ব্যৱসায় আৰু চৰকাৰী দুৰ্নীতি নিৰীক্ষণৰ বাবে চকীদাৰ গোট স্থাপন,[83] "সাম্ৰাজ্যবাদী" অংশীদাৰৰ পৰা আঁতৰি যোৱা বৈদেশিক নীতিলৈ পুনৰ ঘূৰি অহা[84] আৰু এখন নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্বত থকা এখন সংবিধান সভা গঠনৰ প্ৰতিশ্ৰুতি দিয়ে[85]

দ্বিতীয় কাৰ্যকাল (১৯৭০-১৯৭৭)

ছোভিয়েট ইউনিয়নৰ প্ৰধানমন্ত্ৰী এলেক্সেই ক'ছিগিন, প্ৰধানমন্ত্ৰীৰ জ্যেষ্ঠ উপদেষ্টা (বৈদেশিক পৰিক্ৰমা) টিছা বিজয়ৰত্নে আৰু অনুৰা বন্দৰনাইকেৰ সৈতে বন্দৰনাইকে।

১৯৭০ চনৰ মে' মাহত কমিউনিষ্ট পাৰ্টি, লংকা সামা সমাজ পাৰ্টি আৰু তেওঁৰ নিজৰ ফ্ৰিডম পাৰ্টিৰ মাজত হোৱা “ইউনাইটেড ফ্ৰণ্ট মিত্ৰজোঁটে’’ ১৯৭০ চনৰ নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পিছত বন্দৰনাইকেই পুনৰ ক্ষমতা লাভ কৰে।[83] জুলাই মাহলৈকে তেওঁ ব্ৰিটিছে খচৰা প্ৰস্তুত কৰা সংবিধানৰ ঠাইত চিলনীয়াসকলে খচৰা প্ৰস্তুত কৰা সংবিধান গঠন কৰিবলৈ এখন সাংবিধানিক পৰিষদ আহ্বান কৰিছিল।[85] চৰকাৰী মন্ত্ৰালয়সমূহৰ স্থায়ী সচিবসকলৰ বিভাগত বিশেষজ্ঞ লোক থাকিব লাগিব বুলি নীতি প্ৰৱৰ্তন কৰে। উদাহৰণস্বৰূপে, গৃহ নিৰ্মাণ মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল প্ৰশিক্ষিত অভিযন্তা হ’ব লাগিব আৰু স্বাস্থ্য মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল চিকিৎসা বিদ্যাত পাৰদৰ্শী হ’ব লাগিব। সকলো চৰকাৰী কৰ্মচাৰীকে শ্ৰমিক পৰিষদ আৰু স্থানীয় পৰ্যায়ত যোগদান কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু তেওঁ চৰকাৰী প্ৰশাসনৰ ওপৰত সকলো স্তৰৰ জনসাধাৰণে মতামত দিব পৰাকৈ “জনসমিতি’’ গঠন কৰিছিল।[86] এই পৰিৱৰ্তনৰ উদ্দেশ্য আছিল দেশৰ প্ৰতিষ্ঠানসমূহৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক আৰু বিদেশী প্ৰভাৱৰ উপাদানসমূহ আঁতৰোৱা।[50]

১৯৫ মিলিয়ন ডলাৰৰ বাজেট ঘাটিৰ সম্মুখীন হৈ – শক্তি আৰু খাদ্য-আমদানিৰ ব্যয় বৃদ্ধি আৰু নাৰিকল, ৰবৰ আৰু চাহ ৰপ্তানিৰ পৰা ৰাজহ হ্ৰাস পোৱাৰ ফলত – বন্দৰনাইকেই অৰ্থনীতিক কেন্দ্ৰীভূত কৰি মূল্য নিয়ন্ত্ৰণ কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল।[87][88] ব্ৰিটিছ, ভাৰতীয় আৰু পাকিস্তানী মূলৰ বিদেশী বেংকসমূহক ৰাষ্ট্ৰীয়কৰণৰ বাবে তেওঁৰ মিত্ৰজোঁটৰ বাওঁপন্থী সদস্যসকলে হেঁচা প্ৰয়োগ কৰাত, তেওঁ উপলব্ধি কৰিছিল যে তেনে কৰিলে ঋণৰ গ্ৰহণত প্ৰভাৱ পৰিব।[88] পূৰ্বৰ শাসন ব্যৱস্থাৰ দৰেই তেও পুঁজিপতি আৰু কমিউনিষ্ট উভয় অংশীদাৰৰ সৈতে বিদেশী সাহায্যৰ সোঁতৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল৷[89]

তথ্য সূত্ৰ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Rettie 2000.
  2. The Economist 2000.
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Moritz 1961, পৃষ্ঠা. 23.
  4. 4.0 4.1 4.2 4.3 Perera 2016.
  5. Richards 2014, পৃষ্ঠা. 194.
  6. 6.0 6.1 6.2 6.3 6.4 6.5 Jeyaraj 2016.
  7. Lokubandara 2005.
  8. Fernando 2015b.
  9. Pilimatalavuva, Ananda. The Chieftains In The Last Phase Of The Kandyan Kingdom. Stamford Lake. ISBN 9551131010. 
  10. Meegama 2003, পৃষ্ঠা. 57–58.
  11. Ratwatte 2014.
  12. Low 2017, পৃষ্ঠা. 352.
  13. 13.0 13.1 13.2 13.3 13.4 13.5 13.6 13.7 13.8 The Daily FT 2016.
  14. Fernando 2017.
  15. 15.00 15.01 15.02 15.03 15.04 15.05 15.06 15.07 15.08 15.09 The Daily Telegraph 2000.
  16. 16.0 16.1 Richardson 2005, পৃষ্ঠা. 170.
  17. 17.0 17.1 17.2 Saha 1999, পৃষ্ঠা. 123.
  18. Richardson 2005, পৃষ্ঠা. 170–171.
  19. Ayivan 2007, পৃষ্ঠা. 154.
  20. Seneviratne 1975, পৃষ্ঠা. 121.
  21. 21.0 21.1 21.2 Jeyaraj 2014.
  22. 22.0 22.1 Seneviratne 1975, পৃষ্ঠা. 95.
  23. Skard 2015, পৃষ্ঠা. 15.
  24. Seneviratne 1975, পৃষ্ঠা. 115.
  25. Gunawardena 2005, পৃষ্ঠা. 9.
  26. Candee 1957, পৃষ্ঠা. 26.
  27. Rowan 1971, পৃষ্ঠা. 58–59.
  28. 28.0 28.1 Rowan 1971, পৃষ্ঠা. 59.
  29. 29.0 29.1 Candee 1957, পৃষ্ঠা. 27.
  30. Jensen 2008, পৃষ্ঠা. 140.
  31. Seneviratne 1975, পৃষ্ঠা. 166.
  32. Richardson 2005, পৃষ্ঠা. 169.
  33. 33.0 33.1 33.2 33.3 33.4 33.5 33.6 Moritz 1961, পৃষ্ঠা. 24.
  34. 34.0 34.1 The Times 1960a, পৃষ্ঠা. 10.
  35. The Times 1960b, পৃষ্ঠা. 8.
  36. Richardson 2005, পৃষ্ঠা. 171–173.
  37. Mahadevan 2002.
  38. Kanapathipillai 2009, পৃষ্ঠা. 62–63.
  39. Kanapathipillai 2009, পৃষ্ঠা. 74.
  40. দ্য ডেইলী টেলিগ্ৰাফ 2000.
  41. BBC 2000b.
  42. 42.0 42.1 42.2 42.3 42.4 42.5 42.6 Socialist India 1974, পৃষ্ঠা. 24.
  43. 43.0 43.1 43.2 de Alwis 2008.
  44. The Sunday Times 2016.
  45. 45.0 45.1 The Times 2000, পৃষ্ঠা. 23.
  46. 46.0 46.1 Richardson 2005, পৃষ্ঠা. 172.
  47. Time Magazine 1961.
  48. Saha 1999, পৃষ্ঠা. 124.
  49. 49.0 49.1 Richardson 2005, পৃষ্ঠা. 171.
  50. 50.0 50.1 50.2 50.3 Saha 1999, পৃষ্ঠা. 125.
  51. 51.0 51.1 51.2 Balachandran 2006.
  52. 52.0 52.1 52.2 Fernando 2015a.
  53. Thurai 2014.
  54. The Sydney Morning Herald 1962, পৃষ্ঠা. 76.
  55. The Hartford Courant 1962, পৃষ্ঠা. 39.
  56. 56.0 56.1 Jackson 1963, পৃষ্ঠা. 7.
  57. 57.0 57.1 Bradsher 1962, পৃষ্ঠা. 5.
  58. The News-Press 1963, পৃষ্ঠা. 2.
  59. The Standard-Speaker 1962, পৃষ্ঠা. 23.
  60. Peiris 1963, পৃষ্ঠা. 13.
  61. Kodikara 1973, পৃষ্ঠা. 1126.
  62. DeVotta 2017, পৃষ্ঠা. 11.
  63. 63.0 63.1 Bradsher 1963, পৃষ্ঠা. 4.
  64. 64.0 64.1 Peiris 1964a, পৃষ্ঠা. 17.
  65. 65.0 65.1 The Calgary Herald 1964, পৃষ্ঠা. 5.
  66. Kodikara 1973, পৃষ্ঠা. 1128.
  67. 67.0 67.1 Peiris 1964b, পৃষ্ঠা. 21.
  68. 68.0 68.1 Kanapathipillai 2009, পৃষ্ঠা. 91.
  69. Jeyaraj, D.B.S.. "From housewife to Prime Minister: Sirimavo Bandaranaike's political journey". Daily Mirror. http://www.dailymirror.lk/opinion/From-housewife-to-Prime-Minister-Sirimavo-Bandaranaikes-political-journey/172-171464. 
  70. Perera, K.K.S.. "The toppling of the Sirimavo Bandaranaike govt. in 1964". Daily News. http://www.dailynews.lk/2020/01/08/features/207771/toppling-sirimavo-bandaranaike-govt-1964. 
  71. Smith, Donald Eugene (2015). South Asian Politics and Religion. Princeton University Press. ISBN 978-1400879083. https://books.google.com/books?id=dknWCgAAQBAJ&q=c.+p.+de+silva+leader+of+the+opposition&pg=PA528। আহৰণ কৰা হৈছে: 25 June 2020. 
  72. Parliament of Sri Lanka 2018.
  73. Fink 1965, পৃষ্ঠা. 7.
  74. 74.0 74.1 The St. Louis Post-Dispatch 1965, পৃষ্ঠা. 20A.
  75. Skard 2015, পৃষ্ঠা. 14.
  76. Rajakaruna 1966, পৃষ্ঠা. 5.
  77. 77.0 77.1 Lelyveld 1967, পৃষ্ঠা. 6.
  78. Kidron 1969, পৃষ্ঠা. 3.
  79. Nossiter 1968, পৃষ্ঠা. 5.
  80. Sims 1969, পৃষ্ঠা. 57.
  81. The Evening Sun 1969, পৃষ্ঠা. 4.
  82. Jayaweera, Sanjeewa. "Fooling All The People All The Time". Colombo Telegraph. https://www.colombotelegraph.com/index.php/fooling-all-the-people-all-the-time/. 
  83. 83.0 83.1 The Honolulu Star-Bulletin 1970, পৃষ্ঠা. 2.
  84. Phadnis 1971, পৃষ্ঠা. 271.
  85. 85.0 85.1 Phadnis 1971, পৃষ্ঠা. 268.
  86. Phadnis 1971, পৃষ্ঠা. 269.
  87. Richardson 2005, পৃষ্ঠা. 321–322.
  88. 88.0 88.1 The Anniston Star 1970, পৃষ্ঠা. 42.
  89. Richardson 2005, পৃষ্ঠা. 322.