১১ জুলাই
অৱয়ব
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
১১ জুলাই (ইংৰাজী: 11 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯২তম (অধিবৰ্ষত ১৯৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৩টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯২৫ - ৱাৰ্নাৰ হাইজেনবাৰ্গৰ ‘‘মেট্ৰিস্ক’’ বলবিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰৰ চূড়ান্ত ৰূপত প্ৰকাশ কৰা হৈছিল।
- ১৯৩০ - অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ড'নাল্ড ব্ৰেডমেনে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি প্ৰথম দিনাই এককভাৱে ৩০৯ ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড কৰে।
- ১৯৭৩ - বিশ্ব ডবা চেম্পিয়নশ্বীপ আৰম্ভ হয়।
- ১৯৭৯ - আমেৰিকাৰ প্ৰথম মহাকাশ কেন্দ্ৰ "স্কাইলেব" ধ্বংসপ্ৰাপ্ত হৈ ভাৰত মহাসাগৰত পতিত হয়।
- ২০০৩ - ঐতিহাসিক দিল্লী-লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হয়।
- ২০০৬ - মুম্বাই মহানগৰীৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ৬০জন লোকৰ মৃত্যু হয় আৰু সহস্ৰাধিক লোক আহত হয়।
- ২০০৭ - ভাৰত স্কাউট আৰু গাইডৰ ৰাজ্যিক মুখ্যালয়ৰ মুখ্য আয়ুক্ত ডি এন শইকীয়াক "ছিলভাৰ এলিফেণ্ট" বঁটাৰে সন্মানীত কৰা হয়।
- ২০১২ - জ্যোৰ্তিবিজ্ঞানী সকলে প্লুটো গ্ৰহৰ পঞ্চমটো উপগ্ৰহ ষ্টিক্স আৱিষ্কাৰ কৰে।
- ২০১৩ - অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায়ৰ বাবে যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।
জন্ম
[সম্পাদনা কৰক]- ১২৭৪ - ৰবাৰ্ট ব্ৰুছ, স্কটলেণ্ডৰ ৰজা।
- ১৬৫৭ - ফ্ৰেডৰিক দি গ্ৰেট, প্ৰুছিয়াৰ ৰজা।
- ১৭৬৭ - জন কুইঞ্চি আদামছ্, আমেৰিকাৰ ষষ্ঠ ৰাষ্ট্ৰপতি।
- ১৯১৬ - আলেকজেণ্ডাৰ মিখাইলোভিছৰ অষ্টেলিয়াৰ প্ৰখোৰভ, প্ৰখ্যাত ৰুছ বিজ্ঞানী। তেওঁ ১৯৬৪ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯২৩ - টুন টুন বা উমা দেৱী খাত্ৰি, ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী।
- ১৯৩১ - বেজান দাৰুৱালা, ভাৰতীয় জ্যোতিষ স্তম্ভলেখক।
- ১৯৫৩ - লিঅ'ন স্পিংকছ, আমেৰিকাৰ বক্সিং খেলুৱৈ, কিংবদন্তি বক্সাৰ মহম্মদ আলীক পৰাস্ত কৰিছিল।
- ১৯৫৬ - অমিতাভ ঘোষ, ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ তথা শিক্ষাবিদ।
- ১৯৬৭ - ঝুম্পা লাহিড়ী, পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত আমেৰিকান সাহিত্যিক।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭৪ - পাৰ ফবিয়ান লাগেৰভিষ্ট, ১৯৫১ চনৰ সাহিত্যৰ নোবেল বিজয়ী ছুইডেনৰ সাহিত্যিক।
- ১৯৮৯ - লৰেন্স অলিভিয়াৰ, প্ৰখ্যাত ব্ৰিটিছ অভিনেতা।
- ১৯৯৪ - ৰাম ৰাঘোবা ৰাণে, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ২০১৫ - পূৰ্ণিমা সিন্হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব জনসংখ্যা দিৱস।
- মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
|