ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা
এজন ৱিকিমিডিয়ান হিচাপে মই সেইখিনি সময়ত ভূমুকি মাৰিছিলোঁ যিখিনি সময়ত ক’ৰ’নাৰ ভয়াবহতাত সমগ্ৰ দেশত ল’কডাউনে ভৰপক ৰূপ লৈছিল। এই সময়খিনিত বহু কথাই নতুনকৈ ভাবি চোৱাৰ সুবিধা পাইছিলোঁ আৰু তাৰ মাজতে ৱিকিৰ সক্ৰিয় সদস্য অনামিকা বড়া বাৰ কাণ পকোৱা(!) ৱিকিৰ কথাবোৰ ভালকৈ ভাবি চাবলৈ প্ৰয়াস কৰিছিলোঁ। বহুদিন আগতে তেখেতে মোক ৱিকিৰ বিষয়ে অৱগত কৰাইছিল। প্ৰথমাৱস্থাত একো বুজা নাছিলোঁ, কথাবোৰ আওকাণো কৰিছিলোঁ। কিন্তু অনামিকা বাৰ নেৰানেপেৰা বুজনি আৰু ঢমকনিৰ ভয়ত ৱিকিত এটা একাউণ্ট খুলি সদস্যভুক্ত হ’বলৈ বাধ্য হৈছিলোঁ। মই সদস্য ভৰ্তিৰ এসপ্তাহ পিছতে ৱিকিউৎসত ১৫ দিনযোৰা সৰ্বভাৰতীয় পৰ্যায়ত ‘প্ৰুফৰিডাথন’ নামৰ অনলাইন প্ৰতিযোগিতা এটা অনুষ্ঠিত হৈছিল, য’ত অনামিকা বাৰ তাগিদাতে ময়ো অংশগ্ৰহণ কৰিব লগাত পৰিছিলোঁ। প্ৰতিযোগিতা বুলিয়ে হওক বা নতুনকৈ শিকাৰ হেঁপাহকণৰ বাবেই হওক ৱিকিউৎসৰ প্ৰুফৰিড আৰু সম্পাদনাৰ বিষয়ে শিকিবলৈ উঠি পৰি লাগিছিলোঁ। মৃদুল দা, চানক্য, নয়ন, অজয় দা, দিব্য দা সকলোৰে বন্ধুসুলভ সহযোগত ৱিকিউৎসৰ ভিতৰভাগত প্ৰৱেশ কৰিবলৈ যত্ন কৰিছিলোঁ। সেই প্ৰতিযোগিতাখন চলি থকাৰ সময়তে খুব ক’ম দিনৰ ভিতৰত শিকি-বুজি (শিকোৱা-বুজোৱাৰ ফলত) সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাত অসমীয়া ভাষাই সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল, য’ত মোৰো ক্ষুদ্ৰ বৰঙণি আছিল। এই কথাই মোক খুব আনন্দ দিছিল আৰু ৱিকিৰ প্ৰতি আসক্তি বঢ়াই তুলিছিল। তাৰ পিছতো বহুকেইখন ৱিকিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব আমোদ পাইছিলোঁ।
ইয়াৰ পিছত মই ৱিকিপিডিয়াৰ জগতখনত খোজ পেলাইছিলোঁ, য’ত মোৰ সহায়ক আছিল ৱিকিমিডিয়ান ডা. নয়নজ্যোতি শৰ্মা দা। তেখেতৰ সহায়ত ৱিকিপিডিয়াত মই প্ৰথম প্ৰবন্ধ লিখিছিলোঁ- ‘সোণাৰ বৰণ পাখি’। প্ৰবন্ধটো লিখা হোৱাৰ পিছত খুব সন্তোষ অনুভৱ কৰিছিলোঁ, যি অনুভৱ এই সময়ত বুজাবলৈ মই সম্পূৰ্ণ অপাৰগ। প্ৰবন্ধটো বাৰে বাৰে পঢ়ি চাইছিলোঁ; আনকি গুগ’লত চাৰ্চ কৰাৰ লগে লগে অসমীয়া ৱিকিপিডিয়া পেজটোত প্ৰবন্ধটো ওলাই পৰা দেখি খুব গৰ্ব অনুভৱ কৰিছিলোঁ। সকলোৰে প্ৰথম প্ৰবন্ধটোৰ প্ৰতি থকা মৰমখিনি অত্যন্ত সুকীয়া, অনুভৱ কৰিছিলোঁ। নিজৰ বৰঙণিত গৈ বহুদিনলৈ সেই প্ৰবন্ধটোত নতুন কি কি যোগ হ’ল চাই ৰৈছিলোঁ। তাৰ পিছত খুব ক’ম দিনৰ ভিতৰতে দুই, তিনিটা প্ৰবন্ধ লিখি পেলাইছিলোঁ। নজনাবোৰ বেছিভাগ ফোনতে নয়নদাৰ পৰা শিকি লৈছিলোঁ।
যেতিয়া অনামিকা বায়ে প্ৰথম মোক ৱিকিৰ কথা কৈছিল, অন্য বহুজনৰ দৰে ময়ো সুধিছিলোঁ,‘ৱিকিত কাম কৰিলে কি পায়?’ তেখেতে সেই সময়ত কি বুজাইছিল মোৰ মনত নাই, কিন্তু এতিয়া যদি সেই একেটা প্ৰশ্নই মোক কোনোবাই সোধে মোৰ হাতত এটাই উত্তৰ থাকে- নিজৰ ঘৰখনত কাম কৰাৰ বাবদ কোনোবাই কিবা বিচাৰেনে? ঘৰখনৰ বাবে কৰা প্ৰতিটো কামতেই যিদৰে আমি সন্তোষ ল’ভো, ঠিক সেইদৰে ৱিকিৰ কামতো সেই একে সন্তোষেই লাভ কৰোঁ। সেয়া কোনো মূল্যৰে বা শব্দৰে প্ৰকাশ কৰা নাযায়। নিজৰ ভাষাটো যদি আমাৰ ঘৰখন বুলি গণ্য কৰোঁ, তেতিয়া ৱিকিমিডিয়া হ’ব সেই ঘৰখনৰ চালি। ৱিকিমিডিয়াৰ প্ৰতিটো কামেই ঘৰখনৰ কাম আৰু চালিখন আমাৰ সুৰক্ষাদাতা। এয়া বুজি উঠিছোঁ। তাৰ বাবে অনামিকা বাৰ কাণ পকোৱা কথাবোৰ ধন্যবাদৰ পাত্ৰ।
আমি অসমীয়া বুলি গৌৰৱ কৰোঁ। আমি ভাষাটোৰ সুৰক্ষাৰ বাবে ৰাজপথত নামো। আমি শংকিত হৈ পৰোঁ, আৱেগিক হৈ পৰোঁ ভাষাটোৰ সংকটত। আজিৰ পৰিপ্ৰেক্ষিতত আৱেগিক হোৱাতকৈয়ো প্ৰেক্টিকেল হোৱা বেছি প্ৰয়োজন। এতিয়া ডিজিটালাইজেশ্যনৰ যুগ। ডিজিটেল জগতখনত ভাষাটোৰ সমল কিমান তাৰ পৰাই এটা ভাষাৰ উত্থানৰ স্থিতি স্পষ্ট হৈ পৰে। আমি আমাৰ মাজতেই অসমীয়া ভাষাটো কোৱা নোকোৱাক লৈ ব্যস্ত হৈ থাকোঁ। আমাৰ ল’ৰাই অসমীয়া লিখিব নেজানে, ক’ব নেজানে বুলি দম্ভালি মৰা এচাম মানুহক ডাঙৰ ডাঙৰ বক্তৃতা, টিভিৰ ট’ক শ্বো অথবা বাতৰি কাকতত ডাঠ আখৰৰ হেড লাইনে কিবা প্ৰভাৱ পেলাব বুলি মোৰ মনে নধৰে। এই মনোভাৱ সলনিৰ একমাত্ৰ পন্থা হিচাপে অসমীয়া ভাষাৰ ডিজিটালাইজেশ্যনক গ্ৰহণ কৰিব পাৰোঁ। এই ক্ষেত্ৰত ৱিকিপিডিয়া বা ৱিকিউৎসই বিশেষ ভূমিকা ল’ব পাৰে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধিয়ে ভাষাটোৰ প্ৰতি মানুহৰ আৱেগ বৃদ্ধি কৰিব পাৰে। গুগ’লত অসমীয়াত চাৰ্চ কৰিলে প্ৰথম শাৰীতে বাংলাৰ পৰিৱৰ্তে অসমীয়াত তথ্যসমূহ উপলব্ধ হৈ পৰিলে, অসমীয়া পঢ়িব নাজানে বুলি মৰা দাম্ভিকতা পুৰি ছাৰ-খাৰ হৈ যাব পাৰে। নিজৰ মাজত হৈ-হাল্লা কৰি থকাতকৈ ভাষাটোক বিশ্বৰ মানচিত্ৰত তুলি ধৰিবলৈ আমি উঠি-পৰি লাগিব পাৰোঁ। আপুনি ফেইচবুক, হোৱাটছএপ্পত বহু কথাই লিখে, তাৰে অলপ কথা উপযোগী হোৱাকৈ ৱিকিপিডিয়াৰ মজিয়াতো আপুনি লিখিব পাৰে। আপোনাৰ ফেইচবুকৰ ষ্টেটাচ এশজন বা হাজাৰজনে পঢ়িব। কিন্তু ৱিকিত লিখা যিকোনো কথাই গোটেই বিশ্বৰ বাবে মুকলি হৈ থাকিব।
মোৰ বোধেৰে হঠাৎ কামবোৰ আৰম্ভ কৰি দিব লাগে। ভাবি গুণি কেলেণ্ডাৰৰ পাতত নিৰ্দ্দিষ্ট কৰি লোৱা তাৰিখটোৰ বাবে ৰৈ থাকিলে সেয়া হৈ নুঠেগৈ। বহুতে ভাবে- ৱিকিত অৱদান আগবঢ়োৱাৰ কথা, ৱিকিত লিখাৰ আগ্ৰহ্টোৰ কথা; কিন্তু সময়ৰ তাগিদাত হওক, ব্যস্ততাৰ বাবে হওক অথবা অজুহাতৰ হাজাৰটা কাৰণেই হওক সেয়া বীজ ফুটি নুঠেগৈ। আপোনাৰ যদি এবাৰ হ’লেও ৱিকিৰ কথা মনলৈ আহিছে, তেন্তে মুঠেও পলম নকৰি সেই মুহূৰ্ততে সদস্যভুক্ত হওক আৰু শিকিবলৈ আগবাঢ়ি আহক। একেবাৰে সৰুতকৈয়ো সৰু কথাটোলৈকে আপোনাক শিকাবলৈ নিৰালস্যভাৱে লাগি থকা বহু ৱিকিমিডিয়ান সদা প্ৰস্তুত হৈ আছে। মাথোঁ লাগে আপোনাৰ নিজৰ ভাষাটোৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম, মুক্ত মন এটা আৰু শিকাৰ আগ্ৰহকণ।
এদিন বন্ধু এজনে ক’লে- আজিকালি ইণ্টাৰনেটত সকলো কথাই অসমীয়াতে পঢ়িবলৈ পোৱা যায়। মই ক’লোঁ এয়া আৰম্ভণি। আৰু বহু দূৰ বাকী। এটা সময় আহিব যেতিয়া ইণ্টাৰনেটত অসমীয়াৰ সমল আন বহু ভাষাতকৈ বহুগুণ বৃদ্ধি হ’ব। আন ভাষীৰ মানুহে অসমীয়াৰ প্ৰতি আকৃষ্ট হ’ব; অসমীয়া শিকিবলৈ আগবাঢ়ি আহিব। অসমীয়াই সুকীয়া স্থান পাব।
আমি আশাবাদী।
সদৌ শেষত, ৱিকিৰ জগতখনৰ লগত মোক পৰিচয় কৰাই দিয়া আটাইজনলৈ ধন্যবাদ।